--°C
Loading...
Listen to Article
2 min read
80%

দেওবাৰে অনুষ্ঠিত হ'ব ৱৰ্কিং কমিটীৰ বৈঠক, নতুন কান্ধত দলৰ ভাৰ!

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পুনৰ প্ৰশ্ন উঠিছে কংগ্ৰেছৰ নেতৃত্বৰ প্ৰসংগ। গান্ধী পৰিয়ালৰ ছত্ৰছায়াত কংগ্ৰেছ দলৰ ভৱিষ্যত যে শূন্য তাক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। পাঁচখন ৰাজ্যৰ ভিতৰত কোনো এখনতে ক্ষমতা দখলৰ জোখাৰে মূৰ দাঙি উঠিবলৈ সক্ষম নহ’ল কংগ্ৰেছ। আনকি শাসনত থকা পঞ্জাবো তেওঁলোকে নিজৰ ভুলৰ বাবেই বিসৰ্জন দিলে আপৰ হাতত। উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীৰ অভিজাত প্ৰচাৰে কোনো প্ৰভাৱেই পেলাব নোৱাৰিলে। মাত্ৰ দুখন আসনহে লাভ কৰিলে বিশাল ৰাজ্যখনত। উত্তৰ প্ৰদেশ নিৰ্বাচনত কংগ্ৰেছে ১৪৮গৰাকী মহিলা প্ৰাৰ্থীক টিকট দিছিল। কিন্তু জয়ী হ’ল মাত্ৰ এখনতহে। কেইবাগৰাকীও প্ৰাৰ্থীয়ে ১৫০০ৰপৰা ৩০০০ভোটতে সন্তুষ্ট থাকিবলগীয়া হ’ল। প্ৰিয়ংকা গান্ধীৰ ‘লড়কী হু লড় ছকতী হু’ শীৰ্ষক বহু চৰ্চিত প্ৰচাৰে নাৰী অধিকাৰৰ প্ৰসংগ আৰু নাৰী শক্তিৰ সম্ভাৱনীয়তাক উত্থাপন কৰিছিল ঠিকেই কিন্তু প্ৰভাৱশালী ৰূপত উপস্থাপন কৰাত ব্যৰ্থ হ’ল। তাৰ অন্যতম উদাহৰণ হৈছে উন্নাও সদৰ সমষ্টি। এই সমষ্টিত কংগ্ৰেছে আশা দেৱী নামৰ মহিলাগৰাকীক টিকট দিছিল। তেওঁ আছিল ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ মাতৃ। কিন্তু তেওঁ লাভ কৰিবলৈ সক্ষম হ’ল মাত্ৰ ১,৫৫৫টা ভোট। অৰ্থাত কংগ্ৰেছৰ দৰে বিশাল ৰাজনৈতিক দল এটাৰ স্থিতি শূন্যপ্ৰায় হৈ পৰিল এই নিৰ্বাচনত। এই পৰাজয়ৰ নৈতিক দায়িত্ব কংগ্ৰেছৰ নেতৃত্ব বহনকাৰী গান্ধী পৰিয়ালে লোৱা নিশ্চয় উচিত। উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰচাৰৰ নেতৃত্বত আছিল প্ৰিয়ংকা গান্ধী। পঞ্জাবত ৰহুলে গৈ প্ৰচাৰ চলোৱাৰ লগতে তেওঁ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নামো ঘোষণা কৰিছিল। কিন্তু তাৰ পাছতো দুয়োখন ৰাজ্যতে কংগ্ৰেছে একপ্ৰকাৰ মুখ থেকেচা খাই পৰাই নহয়, তেওঁলোকৰ দাঁত-মুখ ভাঙি থেতেলা হোৱাৰো উপক্ৰম ঘটিল। এই পৰাজয়ৰ পাছতে এতিয়া কংগ্ৰেছে চিৰাচৰিতভাৱে ৱৰ্কিং কমিটীৰ বৈঠক আহ্বান কৰিছে। এটা সূত্ৰই প্ৰকাশ কৰিছিল যে, এই বৈঠকত গান্ধী পৰিয়ালৰ তিনি সদস্য ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকাই দলৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব। পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি এই পদক্ষেপ গ্ৰহণ কৰিব বুলি এটা সূত্ৰই প্ৰকাশ কৰিছিল। অৱশ্যে তেওঁলোকৰ পদত্যাগ ৱৰ্কিং কমিটীত গৃহীত হয় নে নহয় সেয়া এক অন্য কথা। পূৰ্বেও পদত্যাগৰ এনে নাটকীয়তা কৰা হৈছিল আৰু পাছত স্থিতাৱস্থাই বাহাল আছিল। কংগ্ৰেছৰ অৱস্থাৰো কোনো পৰিৱৰ্তন হোৱা নাছিল। এইবাৰো তেনে হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে। কংগ্ৰেছৰ ফালৰ পৰা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে গান্ধী পৰিয়ালৰ সদস্য- ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কাইলৈ কংগ্ৰেছ ৱৰ্কিং কমিটি বা চিডব্লিউচিৰ বৈঠকত পদত্যাগ কৰিব বুলি ওলোৱা বাতৰি সত্য নহয়। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰ্যেৱালাই শনিবাৰে সন্ধিয়া কয়, "কোনো ভিত্তিহীন তথ্য আধাৰিত এই কথা একেবাৰে অশুদ্ধ।" উল্লেখ্য যে, দলটোৱে দেওবাৰে আবেলি ৪ বজাত চিডব্লিউচিৰ এখন বৈঠক আহ্বান কৰিছে। ৫ ৰাজ্যত ব্যৰ্থতাৰ পাছত নিয়মমাফিক কাণ বিশ্লেষণৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। মন কৰিবলগীয়া যে, এই ফলাফলৰ পাছতে এতিয়া নেতৃত্ব পৰিৱৰ্তনৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে। শশী থাৰুৰৰ দৰে নেতায়ো পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ কথা ইংগিতেৰে কৈছে। গোলাম নবী আজাদৰ ঘৰত বৈঠকো অনুষ্ঠিত কৰা হৈছে। কিন্তু তাৰ পাছতো গান্ধী পৰিয়ালৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণৰ পৰা দলটো মুক্ত হোৱাৰ যে কোনো সম্ভাৱনা সোনকালে নাই সেয়া নিশ্চিতই বুলিব পাৰি। দেওবাৰৰ বৈঠকত হয়তো সেয়া নিশ্চিতহে কৰা হ’ব যে, কংগ্ৰেছ শেষ হৈ গ’লেও গান্ধী পৰিয়ালৰ হাততে দলৰ বাঘজৰী থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক