--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অথন্তৰ ঘটিছে অসমৰ বিৰোধী ঐক্যমঞ্চত৷ অসমৰ পাঁচটা  সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনত শাসক বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ গঠন হোৱা অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ ভূপেন বৰাৰ৷

বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰিবৰ বাবে গঠন কৰা হৈছিল পাঁচজনীয়া কমিটি৷আৰু পাঁচজনীয়া কমিটিৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল এআইচিচিৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে কিন্তু অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বই মানি নোলোৱাৰ বাবে সন্মিলিত মঞ্চৰ সভাপতিৰ পৰা পদত্যাগ কৰিছে অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷
 
অসম সন্মিলিত মৰ্চালৈ এআইচিচিৰ ৰ পত্ৰৰ পাছতে সন্মিলিত মৰ্চা আলোচনাত মিলিত হৈছে৷ বিহালী সমষ্টিৰ প্ৰাৰ্থী সলনি কৰিবলৈ সন্মত সন্মিলিত মৰ্চা ইতিমধ্যে পূৰ্বৰ CPI(ML)ৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিবেক দাসক সলনি কৰাৰ চৰ্ত মানি প্ৰাৰ্থী সলনি কৰিবলৈ সন্মত হৈছে CPI(ML), সন্মিলিত মৰ্চা৷ এইমূহূত্বত চৰ্চালৈ আহিছে ক্ৰমে লক্ষী কুৰ্মী, প্ৰশান্ত গগৈ আৰু পৰিমল গড় এই ৩ গৰাকী প্ৰাৰ্থীৰ নাম বিহালি সমষ্টিৰ বাবে চৰ্চালৈ আহিছে৷

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)(CPI(ML)দলৰ প্ৰতিনিধিক লগত লৈ অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে ঐক্যবদ্ধ ভাবে যুঁজ দিয়াৰ পৰিৱেশ উপ-নিৰ্বাচনত আৰম্ভ হ’ব বুলি আশাকৰা হৈছিল৷ইয়াৰ বাদে কোনো বিকল্প নাই এইটো সকলোৱে উপলব্ধি কৰিব লাগিব। লগতে কয় বিৰোধীৰ একতা বিনাশ কৰিবলৈ চেষ্টা কৰিছে এটা পক্ষই।

‘সেইটো সমষ্টি ভৱিষ্যতৰ বাবে SC সংৰক্ষিত বুলি উল্লেখ কৰি কয় যে বেলেগে পতা ফান্দত ভৰি নিদিবলৈ আমি আহ্বান জনাইছোঁ। আৰু কয় আমি একতা বিচাৰো, সেয়ে  এতিয়াও অপেক্ষা কৰিছোঁ। আমাৰ স্থিতি ইফাল সিফাল হোৱা নাই, পিছ হুহুকিছে কোন?’ ভূপেন বৰাই পদত্যাগৰ কথা ভাবিব পাৰে, মোৰ হাতত পত্ৰ পৰা নাই বুলি সদৰি কৰে সংবাদমেলত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ