--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰৰ্থীৰ তালিকা ঘোষনা কৰিলে কেংগ্ৰেছ,বজেপিয়ে৷ উপনিৰ্বাচনৰ প্ৰস্তুতিত নামি পৰিছে আম আদমী পাৰ্টি৷ সেই উদ্দেশ্যে ২২ অক্টোবৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।

সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন ৰাজ্যিক কমিটীৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত ৰাজ্যৰ সমাগত উপ নিৰ্বাচনৰ লগতে অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ চৰ্চা হ'ব বুলি জানিবলা দিছে। ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত 'আপে' গ্ৰহণ কৰিবলগীয়া স্থিতি সন্দৰ্ভত কাৰ্যনিৰ্বাহকত পৰ্যালোচনা হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। 

ইতিমধ্যে চামগুৰি বিধান সভা সমষ্টিত 'আপ'ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী চুমি বৰাই। কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তদুপৰি, ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি, অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, চিকিৎসা সেৱাৰ নামত চৰকাৰী হাস্পতাল সমূহত ৰোগীৰ ওপৰত মাধমাৰ, ৰাজ্যৰ শিক্ষাখণ্ডত পৰিলক্ষিত অচলাৱস্থাৰ দৰে জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ হকে দলৰ ৰণকৌশল নিৰ্ধাৰণ কৰিবলৈ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। এনে প্ৰেক্ষাপটতেই ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক বিভিন্ন দিশৰ পৰাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব বুলি আশা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ