--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত এতিয়া কংগ্ৰেছৰ বন্তি নুমাও নুমাও অৱস্থা৷ কংগ্ৰেছ দলৰ হাইকামাণ্ডৰ ভুল নীতিয়ে দলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি বহুতেই ক'ব খোজে৷ ইতিমধ্যে উত্তৰ-পূৱৰ বহুকেইখন ৰাজ্যত কংগ্ৰেছৰ ভেঁটি থৰক বৰক অৱস্থা৷ ইয়াৰ মাজতে পঞ্জাৱৰ কংগ্ৰেছতো দলীয় ৰাজনীতিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ ২০২২ চনত হ'বলগা পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত দলীয় ৰাজনীতিক চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰী হোৱাৰ লালসাত এজন ৰাজনীতিকে কিমান বিসম্বাদৰ ৰাজনীতি নামি পৰিছে সেয়া পঞ্জাবৰ ৰাজনীতিলৈ মন কৰিলেই স্পষ্ট হয়৷

পঞ্জাৱৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুয়ে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থতে নিজ দলৰ চৰকাৰৰ কাম-কাজক অসন্তুষ্টি ব্যক্ত কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে৷ পঞ্জাৱত যোৱা ছেপ্টেম্বৰ মাহত দলীয় শীর্ষ নেতাৰ হেঁচাত মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ পাছৰে পৰা প্ৰায় দলটোৰ প্ৰতি বিশেষ আস্থা হেৰুওৱা দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ দলীয় বিসম্বাদক বলি হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ কৰাবলৈ বাধ্য কৰোৱা হৈছিল বুলিও বহুতে কব খোজে৷


পঞ্জাৱ কংগ্ৰেছত চলি থকা অস্থিৰ আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ মূলতে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ ক্ষমতাক লৈ প্ৰশ্ন উঠিছে৷ মূলতঃ সিদ্ধুৰ বিসম্বাদৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হৈছিল কেপ্টেইন অমৰিন্দৰ সিং। অভিজ্ঞ আৰু ধীৰ-স্থিৰ ব্যক্তিত্বৰ অমৰিন্দৰ সিঙক আঁতৰাই কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধুৰ হাতত পঞ্জাৱ কংগ্ৰেছৰ ভৱিষ্যৎ অৰ্পন কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰোৱা চৰনজিৎ সিং চন্নীৰ শাসনক লৈও এতিয়া তীব্ৰ সমালোচনাত নামি পৰিছে নৱজ্যোৎ সিং সিদ্ধুৱে৷ শেহতীয়াকৈ চৰকাৰখনে গ্ৰহণ কৰা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চলোৱা অভিযানৰ ওপৰতো সিদ্ধুৱে বিব্ৰত হৈছে বুলি মত প্ৰকাশ কৰিছে৷


অৱশ্যে ৰাজ্যিক সভাপতিগৰাকীয়ে নিজৰ দলৰে চৰকাৰৰ কাৰ্যকলাপক লৈ নিতৌ চলাই অহা কুটিল ৰাজনীতিয়ে মুখ্যমন্ত্ৰী হোৱাৰ বাসনাক পূৰ্ণ কৰিব নে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷ অমৰিন্দৰ পদত্যাগৰ কিছু দিনৰ পাছতে নৱজোৎ সিঙেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল যদিও পাছলৈ উঠাই লয় সেই পদত্যাগ পত্ৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ