--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত এতিয়া কংগ্ৰেছৰ বন্তি নুমাও নুমাও অৱস্থা৷ কংগ্ৰেছ দলৰ হাইকামাণ্ডৰ ভুল নীতিয়ে দলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি বহুতেই ক'ব খোজে৷ ইতিমধ্যে উত্তৰ-পূৱৰ বহুকেইখন ৰাজ্যত কংগ্ৰেছৰ ভেঁটি থৰক বৰক অৱস্থা৷ ইয়াৰ মাজতে পঞ্জাৱৰ কংগ্ৰেছতো দলীয় ৰাজনীতিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ ২০২২ চনত হ'বলগা পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত দলীয় ৰাজনীতিক চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰী হোৱাৰ লালসাত এজন ৰাজনীতিকে কিমান বিসম্বাদৰ ৰাজনীতি নামি পৰিছে সেয়া পঞ্জাবৰ ৰাজনীতিলৈ মন কৰিলেই স্পষ্ট হয়৷

পঞ্জাৱৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুয়ে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থতে নিজ দলৰ চৰকাৰৰ কাম-কাজক অসন্তুষ্টি ব্যক্ত কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে৷ পঞ্জাৱত যোৱা ছেপ্টেম্বৰ মাহত দলীয় শীর্ষ নেতাৰ হেঁচাত মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ পাছৰে পৰা প্ৰায় দলটোৰ প্ৰতি বিশেষ আস্থা হেৰুওৱা দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ দলীয় বিসম্বাদক বলি হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ কৰাবলৈ বাধ্য কৰোৱা হৈছিল বুলিও বহুতে কব খোজে৷


পঞ্জাৱ কংগ্ৰেছত চলি থকা অস্থিৰ আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ মূলতে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ ক্ষমতাক লৈ প্ৰশ্ন উঠিছে৷ মূলতঃ সিদ্ধুৰ বিসম্বাদৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হৈছিল কেপ্টেইন অমৰিন্দৰ সিং। অভিজ্ঞ আৰু ধীৰ-স্থিৰ ব্যক্তিত্বৰ অমৰিন্দৰ সিঙক আঁতৰাই কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধুৰ হাতত পঞ্জাৱ কংগ্ৰেছৰ ভৱিষ্যৎ অৰ্পন কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰোৱা চৰনজিৎ সিং চন্নীৰ শাসনক লৈও এতিয়া তীব্ৰ সমালোচনাত নামি পৰিছে নৱজ্যোৎ সিং সিদ্ধুৱে৷ শেহতীয়াকৈ চৰকাৰখনে গ্ৰহণ কৰা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চলোৱা অভিযানৰ ওপৰতো সিদ্ধুৱে বিব্ৰত হৈছে বুলি মত প্ৰকাশ কৰিছে৷


অৱশ্যে ৰাজ্যিক সভাপতিগৰাকীয়ে নিজৰ দলৰে চৰকাৰৰ কাৰ্যকলাপক লৈ নিতৌ চলাই অহা কুটিল ৰাজনীতিয়ে মুখ্যমন্ত্ৰী হোৱাৰ বাসনাক পূৰ্ণ কৰিব নে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷ অমৰিন্দৰ পদত্যাগৰ কিছু দিনৰ পাছতে নৱজোৎ সিঙেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল যদিও পাছলৈ উঠাই লয় সেই পদত্যাগ পত্ৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু