--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ৰাজনীতিত ৰাজনৈতিক নেতাসকলৰ দল বাগৰাৰ প্ৰৱনতা স্বাভাৱিক । দেওবাৰে  তৃণমূল কংগ্ৰেছ ত্যাগ কৰি একালৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰিপুণ বৰাই পুনৰ কংগ্ৰেছত যোগদান কৰিছে বুলি জানিব পৰা গৈছে ।

সময় আৰু ৰাইজৰ আহ্বান মৰ্মে  পুনৰ পুৰণি ঘৰখনলৈ ঘূৰি অহাৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰি তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ  পাছত পুনৰ অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰে একালৰ দলটোৰ সভাপতি ৰিপুণ বৰাই । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এদিনীয়া কাৰ্যসূচীৰে  আজি মথুৰাপুৰত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত   
 এ-আই-চি-চিৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি  ভূপেন বড়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ উপস্থিতিত আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান  কৰে ৰিপুন বৰুৱাই । 

সংবাদ মাধ্যমেৰে হোৱা কথা-বাৰ্তাত ৰিপুণ বৰাই কয় 'মোৰ পুৰণি ঘৰখনৰ পৰা যি কাৰণতে নহওক কিয়, প্ৰায় আঢ়ৈ বছৰ আঁতৰি আছিলো । কিন্তু  বৰ্তমান সময়ৰ আহ্বান যে  অসম তথা ভাৰতবৰ্ষত  ফেচীবাদী, সাম্প্ৰদায়িকতাবাদী, জনবিৰোধী, দুৰ্নীতিগ্ৰস্ত বিজেপিক উৎখাত কৰাৰ সময় আহি পৰিছে।' বৰাই লগতে কয়  'শেহতীয়া লোকসভা নিৰ্বাচনৰ  'মুড অব্‌ দ্য নেচনে' প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষত বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেইৰাজ্যত সেই বিৰোধী দল শক্তিশালী কৰিব লাগিব।' সেয়ে ৰাইজ তথা সময়ৰ আহ্বান, অসমত কেৱল কংগ্ৰেছেহে বিজেপিক উৎখাত কৰিব পাৰিব বুলি  মন্তব্য কৰি  কয় যে বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে কংগ্ৰেছ দলক শক্তিশালী কৰিবই লাগিব। সেয়ে তৃণমূল কংগ্ৰেছৰ সৈতে থাকি বিজেপিৰ বিৰুদ্ধে মূল যুঁজখন চলাই নিয়া মানে বিৰোধীৰ ভোট বিভাজনহে কৰা বুলি অনুভৱ কৰি এনে প্ৰেক্ষাপটত অসমৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি  পুৰণি ঘৰ কংগ্ৰেছ দললৈ ঘূৰি অহা বুলি মন্তব্য কৰে । 

ইয়াৰ আগেয়ে ৰিপুণ বৰাক এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে গামোচা,চেলেং আৰু জাপিৰে কংগ্ৰেছ দললৈ আদৰণি জনায় । দলত যোগদান কৰি  ৰিপুণ বৰাই কয় 'সময়ৰ আহ্বান মৰ্মে পুনৰ পুৰণি ঘৰলৈ ঘূৰি আহিছোঁ'

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ