--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলীয় ক্ষমতাৰ ৰাগীত মতলীয়া হৈ গুৰু গোঁসাই নমনা বিজেপি নেতা শ্ৰীকান্ত ত্যাগীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল৷মিৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাজনক৷ নয়ডাত এগৰাকী মহিলাক 'আক্ৰমণ' কৰি সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰা বিজেপি নেতা শ্ৰীকান্ত ত্যাগীক উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ কথা উত্তৰ প্ৰদেশ আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

 শনিবাৰে মহিলাক চৰ মৰাৰ গোচৰটো পঞ্জীয়ন হোৱাৰ পিছৰে পৰা শ্ৰীকান্ত পলাতক আছিল। অভিযোগ দাখিল কৰাৰ তিনিদিন পিছত, উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক মিৰাটৰ পৰা গ্ৰেপ্তাৰ কৰে। বিজেপি নেতাজনৰ সন্ধান দিওঁতালৈ   আৰক্ষীয়ে ২৫,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল।

 বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য শ্ৰীকান্তে  কেইদিনমান আগতে নয়ডাৰ এটা ঘৰৰ কাষত  গছ ৰোপণ কৰাকলৈ  এগৰাকী মহিলাৰ সৈতে তৰ্কত লিপ্ত হৈছিল ৷ এই তৰ্কৰ মাজতে নেতাজনে মহিলাগৰাকীক চৰ মাৰিছিল৷সমগ্ৰ ঘটনাৰ ভিডিঅ’  ভাইৰেল ৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শনিবাৰে বিজেপি নেতাজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল। 

তেতিয়াৰ পৰা তেওঁ পলাতক হৈ আছিল। ইয়াৰ মাজতে, উত্তৰ প্ৰদেশ চৰকাৰে বিজেপি নেতাজনৰ ঘৰৰ সন্মুখত কিছু অবৈধ নিৰ্মাণ ভাঙি পেলাইছিল। শ্ৰীকান্তক বিচাৰি উলিয়াব পাৰিলে ২৫,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।আৰক্ষীয়ে শ্ৰীকান্তৰ পত্নীক স্বামীৰ সন্ধান উলিয়াবলৈ  জেৰা কৰিছিল।

 তেওঁৰ পত্নীকো মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে শ্ৰীকান্তৰ বিৰুদ্ধে আৰক্ষী থানাত কিয় অভিযোগ দাখিল কৰা হৈছে তাক লৈ ক্ষুব্ধ হৈ তেওঁৰ কিছু অনুগামীয়ে ধ্বংসাত্মক কাৰ্যত লিপ্ত হৈছিল। আৰক্ষীয়ে  বিজেপি নেতাজনৰ ছয়জন অনুগামীকো গ্ৰেপ্তাৰ কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ