--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলীয় ক্ষমতাৰ ৰাগীত মতলীয়া হৈ গুৰু গোঁসাই নমনা বিজেপি নেতা শ্ৰীকান্ত ত্যাগীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল৷মিৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাজনক৷ নয়ডাত এগৰাকী মহিলাক 'আক্ৰমণ' কৰি সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰা বিজেপি নেতা শ্ৰীকান্ত ত্যাগীক উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ কথা উত্তৰ প্ৰদেশ আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

 শনিবাৰে মহিলাক চৰ মৰাৰ গোচৰটো পঞ্জীয়ন হোৱাৰ পিছৰে পৰা শ্ৰীকান্ত পলাতক আছিল। অভিযোগ দাখিল কৰাৰ তিনিদিন পিছত, উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক মিৰাটৰ পৰা গ্ৰেপ্তাৰ কৰে। বিজেপি নেতাজনৰ সন্ধান দিওঁতালৈ   আৰক্ষীয়ে ২৫,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল।

 বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য শ্ৰীকান্তে  কেইদিনমান আগতে নয়ডাৰ এটা ঘৰৰ কাষত  গছ ৰোপণ কৰাকলৈ  এগৰাকী মহিলাৰ সৈতে তৰ্কত লিপ্ত হৈছিল ৷ এই তৰ্কৰ মাজতে নেতাজনে মহিলাগৰাকীক চৰ মাৰিছিল৷সমগ্ৰ ঘটনাৰ ভিডিঅ’  ভাইৰেল ৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শনিবাৰে বিজেপি নেতাজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল। 

তেতিয়াৰ পৰা তেওঁ পলাতক হৈ আছিল। ইয়াৰ মাজতে, উত্তৰ প্ৰদেশ চৰকাৰে বিজেপি নেতাজনৰ ঘৰৰ সন্মুখত কিছু অবৈধ নিৰ্মাণ ভাঙি পেলাইছিল। শ্ৰীকান্তক বিচাৰি উলিয়াব পাৰিলে ২৫,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।আৰক্ষীয়ে শ্ৰীকান্তৰ পত্নীক স্বামীৰ সন্ধান উলিয়াবলৈ  জেৰা কৰিছিল।

 তেওঁৰ পত্নীকো মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে শ্ৰীকান্তৰ বিৰুদ্ধে আৰক্ষী থানাত কিয় অভিযোগ দাখিল কৰা হৈছে তাক লৈ ক্ষুব্ধ হৈ তেওঁৰ কিছু অনুগামীয়ে ধ্বংসাত্মক কাৰ্যত লিপ্ত হৈছিল। আৰক্ষীয়ে  বিজেপি নেতাজনৰ ছয়জন অনুগামীকো গ্ৰেপ্তাৰ কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান