--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘হাইবাটুল্লাহ আখুনজাদা হ’ব নতুন আফগান চৰকাৰৰ মুৰব্বী’। তালিবানৰ মুৰব্বীগৰাকীয়েই আফগান চৰকাৰৰো মুৰব্বী হ’ব বুলি শেহতীয়াকৈ ঘোষণা আগবঢ়াইছে আনামুল্লাহ ছামাংগানী নামৰ তালিবান সাংস্কৃতিক কমিছনৰ এগৰাকী সদস্যই। তেওঁ কয় যে নতুনকৈ গঠন হ’বলগীয়া ইছলামিক চৰকাৰখন হ’ব জনতাৰ চৰকাৰ। এই সন্দৰ্ভত ঘোষণা আগবঢ়াই তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ শীৰ্ষ নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই কয় যে ইছলামিক আমিৰতে অহা দুদিনৰ ভিতৰত সকলোকে সামৰি লৈ এখনি চৰকাৰ গঠন কৰিব।

তদুপৰি তালিবানৰ আন এগৰাকী শীৰ্ষ নেতা আহমেদুল্লাহ মুত্তকীয়েও ছ’চিয়েল মিডিয়াত কয় যে কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত নতুন চৰকাৰৰ গঠনৰ মুহূৰ্তত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
খবৰ অনুসৰি মোল্লা আব্দুল গনি বাৰাদাৰ নৱগঠিত চৰকাৰৰ দৈনন্দিন কাৰ্য-কলাপৰ দায়িত্বত থকাৰ সম্ভাৱনা আছে। আনহাতে চিৰাজুদ্দিন হাক্কানি অথবা মোল্লা য়াকুব হ’ব ‘ৰইজ উল ৱাজাৰা’ যি পদৰ মৰ্যাদা প্ৰধানমন্ত্ৰীৰ সমতুল্য।


পূৰ্বতে প্ৰচাৰিত খবৰ অনুসৰি তালিবানে দেশৰ শাসন সম্পাদন কৰিবলৈ এক ১২জনীয়া পৰিষদ গঠন কৰিব। এই খবৰো ওলাইছিল যে আফগানিস্তানৰ সেনাবাহিনীক দায়িত্বত বাহাল ৰাখি তালিবানে নিজা যোদ্ধাসকলক আফগান সেনাৰ অন্তৰ্ভুক্ত কৰিব। আকৌ মোল্লা হাকিম হ’ব তালিবানৰ মুখ্য ন্যায়াধীশ।


উল্লেখ্য যে শাসনলৈ আহিয়েই তলিবানে আফগানিস্তানৰ ত্ৰিৰংগ পতাকা সলনি কৰি বগা বৰণৰ এখনি পতাকা ৰাষ্ট্ৰীয় পতাকাক হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আকৌ দেশৰ সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যাব পৰিৱৰ্তন। কাজেই আহি থকা দিনত আফগনিস্তানত নিজৰ আধিপত্যত সাংবিধানিক ছীল-মোহৰ মাৰিবলৈ বিচৰা তালিবানী শক্তিয়ে জনতাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় নে এয়া এক ‘ডি ফেক্ট’ চৰকাৰ হৈ ৰয়, সেয়াহে হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ