--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৩১ আগষ্টত অন্তিমগৰাকী আমেৰিকান সেনাই আফগানিস্তানৰ ভূমি ত্যাগ কৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত। ইতিমধ্যেই তালিবানীয়ে বন্ধ কৰি দিছে কাবুল বিমানবন্দৰ। সন্ত্ৰস্ত লোকসকলৰ যেন বন্ধ হৈ পৰিল বহিঃজগতৰ সৈতে সকলোধৰণৰ সংযোগ। পলায়নৰ সকলো পথ হেৰুৱাই পেলোৱা এইসকল লোকে এতিয়া ঢাপলি মেৰিছে আফগানিস্তান সীমান্তৰ পিনে। দেশখনৰ পাকিস্তান অথবা ইৰাণ সীমান্তত এতিয়া হাজাৰ-বিজাৰ মানুহে শাৰী-পাতি ৰৈছে। সকলোৰে উদ্দেশ্য এটাই-যিকোনো উপায়েৰে এৰিব লাগে সেই দেশৰ ভূমি।


খাইবাৰ পাছৰ সমীপৰ তোৰখামত কৰ্মৰত এগৰাকী পাকিস্তানী বিষয়ই কয় যে, ‘বৃহৎ সংখ্যক আফগান লোকে এতিয়া পাকিস্তান সীমান্তত মাথোঁ এবাৰ দ্বাৰ খোলাৰ বাবে অপেক্ষা কৰি আছে’। হাজাৰ হাজাৰ লোকে আকৌ বাহৰ পাতিছে ইৰান সীমান্তৰ ইছলাম কালা পোষ্টত।
উল্লেখ্য যে, কাবুলৰ পৰা আমেৰিকান সেনাই ৩১ আগষ্টত দেশত্যাগ কৰাৰ পূৰ্বে মুঠ ১২,৩০০০গৰাকী ব্যক্তিক উদ্ধাৰ কৰিছিল। তথাপি আফগানিস্তানত প্ৰায় লক্ষাধিক ব্যক্তিয়ে এতিয়াও দেশত্যাগৰ বাবে উদ্বাউল হৈ ৰৈছে।
এইক্ষেত্ৰত জাৰ্মানীৰ দৰে দেশে দুৰ্গত আফগান নাগৰিকক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে। জাৰ্মান চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে, বিভিন্ন উন্নয়নমূলক সংগঠনৰ সৈতে কাম কৰি অহা ১০,০০০ৰ পৰা ৪০,০০০ গৰাকী আফগান নাগৰিকক আশ্ৰয় প্ৰদান কৰিবলৈ তেওঁলোক সাজু। আনহাতে উজবেকিস্তানৰ ভূ-সীমান্ত এতিয়া বন্ধ হৈ আছে যদিও দেশখনেও জাৰ্মানীলৈ আফগান লোকসকলক প্ৰেৰণ কৰাৰ কামত সহায়ৰ হাত আগবঢ়বলৈ আগ্ৰহ প্ৰকাশ কৰিছে।


ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে এক প্ৰস্তাৱযোগে তালিবানক দেশত্যাগ কৰিব বিচৰা লোকসকলক এক নিৰাপদ প্ৰস্থানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে। তালিবানেও বিদেশী শক্তিৰ বাবে কাম কৰি অহা সকলো আফগান লোককে ক্ষমাদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁলোকে সকলো আফগান লোকক নিজ দেশলৈ উভতি আহি দেশখনৰ পুনঃৰ্নিমাণৰ কামত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। তথাপি কিন্তু তালিবানী অত্যাচাৰৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা আফগান লোকসকল যেন শংকামুক্ত হ’ব পৰা নাই। সেই শংকাৰেই প্ৰমাণ সীমান্তত শাৰী পতা দেশ ত্যাগৰ বাবে উদ্বাউল হাজাৰ হাজাৰ নাগৰিক!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ