--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৩১ আগষ্টত অন্তিমগৰাকী আমেৰিকান সেনাই আফগানিস্তানৰ ভূমি ত্যাগ কৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত। ইতিমধ্যেই তালিবানীয়ে বন্ধ কৰি দিছে কাবুল বিমানবন্দৰ। সন্ত্ৰস্ত লোকসকলৰ যেন বন্ধ হৈ পৰিল বহিঃজগতৰ সৈতে সকলোধৰণৰ সংযোগ। পলায়নৰ সকলো পথ হেৰুৱাই পেলোৱা এইসকল লোকে এতিয়া ঢাপলি মেৰিছে আফগানিস্তান সীমান্তৰ পিনে। দেশখনৰ পাকিস্তান অথবা ইৰাণ সীমান্তত এতিয়া হাজাৰ-বিজাৰ মানুহে শাৰী-পাতি ৰৈছে। সকলোৰে উদ্দেশ্য এটাই-যিকোনো উপায়েৰে এৰিব লাগে সেই দেশৰ ভূমি।


খাইবাৰ পাছৰ সমীপৰ তোৰখামত কৰ্মৰত এগৰাকী পাকিস্তানী বিষয়ই কয় যে, ‘বৃহৎ সংখ্যক আফগান লোকে এতিয়া পাকিস্তান সীমান্তত মাথোঁ এবাৰ দ্বাৰ খোলাৰ বাবে অপেক্ষা কৰি আছে’। হাজাৰ হাজাৰ লোকে আকৌ বাহৰ পাতিছে ইৰান সীমান্তৰ ইছলাম কালা পোষ্টত।
উল্লেখ্য যে, কাবুলৰ পৰা আমেৰিকান সেনাই ৩১ আগষ্টত দেশত্যাগ কৰাৰ পূৰ্বে মুঠ ১২,৩০০০গৰাকী ব্যক্তিক উদ্ধাৰ কৰিছিল। তথাপি আফগানিস্তানত প্ৰায় লক্ষাধিক ব্যক্তিয়ে এতিয়াও দেশত্যাগৰ বাবে উদ্বাউল হৈ ৰৈছে।
এইক্ষেত্ৰত জাৰ্মানীৰ দৰে দেশে দুৰ্গত আফগান নাগৰিকক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিছে। জাৰ্মান চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে, বিভিন্ন উন্নয়নমূলক সংগঠনৰ সৈতে কাম কৰি অহা ১০,০০০ৰ পৰা ৪০,০০০ গৰাকী আফগান নাগৰিকক আশ্ৰয় প্ৰদান কৰিবলৈ তেওঁলোক সাজু। আনহাতে উজবেকিস্তানৰ ভূ-সীমান্ত এতিয়া বন্ধ হৈ আছে যদিও দেশখনেও জাৰ্মানীলৈ আফগান লোকসকলক প্ৰেৰণ কৰাৰ কামত সহায়ৰ হাত আগবঢ়বলৈ আগ্ৰহ প্ৰকাশ কৰিছে।


ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে এক প্ৰস্তাৱযোগে তালিবানক দেশত্যাগ কৰিব বিচৰা লোকসকলক এক নিৰাপদ প্ৰস্থানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে। তালিবানেও বিদেশী শক্তিৰ বাবে কাম কৰি অহা সকলো আফগান লোককে ক্ষমাদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁলোকে সকলো আফগান লোকক নিজ দেশলৈ উভতি আহি দেশখনৰ পুনঃৰ্নিমাণৰ কামত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। তথাপি কিন্তু তালিবানী অত্যাচাৰৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা আফগান লোকসকল যেন শংকামুক্ত হ’ব পৰা নাই। সেই শংকাৰেই প্ৰমাণ সীমান্তত শাৰী পতা দেশ ত্যাগৰ বাবে উদ্বাউল হাজাৰ হাজাৰ নাগৰিক!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু