--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোন দিশে অসম? হিমন্ত বিশ্ব শৰ্মা নে পিনাৰায়ী বিজয়ন? নিটি আয়োগৰ শেহতীয়া সমীক্ষাত উজলি উঠিল কোন? দেশৰ অন্যতম শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত অসমে অনন্য মাত্ৰা লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈছে গৈ নে? নিটি আয়োগে প্ৰকাশ কৰা দৰিদ্ৰতাৰ সূচ্যাংকৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত ৪খন ৰাজ্যই বিজেপি শাসিত। এই ৰাজ্য কেইখনৰ কৰবাত বিজেপিৰ একমাত্ৰ নিৰংকুশ সংখ্যাগৰিষ্ঠ চৰকাৰ আছে আৰু কৰবাত ডেৰ দশক পুৰণি মিত্ৰজোঁটৰ চৰকাৰ আছে। দৰিদ্ৰ জনসংখ্যাৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষ স্থানত আছে উত্তৰ প্ৰদেশ। আশানুৰূপ সঁহাৰি নাপালে অসমেও। শেহতীয়াকৈ, প্ৰকাশ পোৱা ‘নিটি’ আয়োগৰ বহুমাত্ৰিক দাৰিদ্ৰ্যৰ সূচ্যাংকত অসমৰ দৰিদ্ৰতাৰ হাৰে সকলোৰে চকু কপালত তুলিছে। দৰিদ্ৰতাৰ ৰাষ্ট্ৰীয় সমীক্ষাত অসমৰ হাৰ ৩২.৬৭% । অৰ্থাত্‍ দৰিদ্ৰতাৰ দিশৰ পৰা অসম ষষ্ঠ স্থানত আছে। ইয়াৰ বিপৰীতে কেৰালাত দাৰিদ্ৰ জনসংখ্যা প্ৰায় নাই। কেৰালাৰ তুলনাত অসমৰ সামগ্ৰিক উন্নয়নৰ ছবিখনে উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। শিক্ষাৰ পৰা আদি কৰি আন্তঃগাঁথনি লৈকে কেৰালাই অভূতপূৰ্ব সাফল্য অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। বিপৰীতে অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটে টোপনি হৰিছে সাধাৰণ জনতাৰ।

অসমৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা ধন খৰচ কৰি হেলিকপ্টাৰত ইখনৰ পাছত সিখন সভা কৰি, সাধাৰণ জনতাৰ ঘৰে-ঘৰে ৰৌ-বৰালি-পাভ মাছৰ জুটি লৈ ফুৰা চৰকাৰখনৰ কাৰ্যকালতে অসমৰ এই চৰম দুৰৱস্থা। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পূৰ্বৰ সেই প্ৰতিশ্ৰুতিবোৰ যে কেবল নিৰ্বাচনী টোপহে আছিল সেয়া একপ্ৰকাৰ নিশ্চিত হ’বলৈ গৈ আছে।বিপৰীতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তুলি ধৰিছে অন্য এক নিদৰ্শন। তেওঁৰ ব্যক্তিত্ব, উদাৰতা আৰু সাধাৰণ জীৱন-যাপন কিম্বা চিন্তা চেতনাৰে হেঙুল-হাইতাল বোলাই সমাজৰ ৰূপেই সলনি কৰি পেলাইছে। কেৰালাৰ লেখীয়া অসমে উন্নয়নৰ সেই চূড়া স্পৰ্শ কৰিব পাৰিবনে? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে লাখ টকীয়া প্ৰশ্ন। উল্লেখ্য যে, নীতি আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি, বিহাৰৰ জনসংখ্যাৰ ৫১.৯১ শতাংশ দৰিদ্ৰ। নীতিশ কুমাৰৰ নেতৃত্বত বিজেপি-জেডিইউ মিত্ৰজোঁটৰ ডেৰ দশক পুৰণি চৰকাৰ থকা স্বত্বেও বিহাৰৰ এই দুৰৱস্থা। আনহাতে, ডিচেম্বৰ ২০১৯ৰ পূৰ্বে বিজেপি শাসিত ঝাৰখণ্ডৰ জনসংখ্যাৰ ৪২.১৬ শতাংশ দৰিদ্ৰ। দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত দৰিদ্ৰতাৰ জনসংখ্যাৰ হাৰ ৩৭.৭৯ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক