--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোন দিশে অসম? হিমন্ত বিশ্ব শৰ্মা নে পিনাৰায়ী বিজয়ন? নিটি আয়োগৰ শেহতীয়া সমীক্ষাত উজলি উঠিল কোন? দেশৰ অন্যতম শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত অসমে অনন্য মাত্ৰা লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈছে গৈ নে? নিটি আয়োগে প্ৰকাশ কৰা দৰিদ্ৰতাৰ সূচ্যাংকৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত ৪খন ৰাজ্যই বিজেপি শাসিত। এই ৰাজ্য কেইখনৰ কৰবাত বিজেপিৰ একমাত্ৰ নিৰংকুশ সংখ্যাগৰিষ্ঠ চৰকাৰ আছে আৰু কৰবাত ডেৰ দশক পুৰণি মিত্ৰজোঁটৰ চৰকাৰ আছে। দৰিদ্ৰ জনসংখ্যাৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষ স্থানত আছে উত্তৰ প্ৰদেশ। আশানুৰূপ সঁহাৰি নাপালে অসমেও। শেহতীয়াকৈ, প্ৰকাশ পোৱা ‘নিটি’ আয়োগৰ বহুমাত্ৰিক দাৰিদ্ৰ্যৰ সূচ্যাংকত অসমৰ দৰিদ্ৰতাৰ হাৰে সকলোৰে চকু কপালত তুলিছে। দৰিদ্ৰতাৰ ৰাষ্ট্ৰীয় সমীক্ষাত অসমৰ হাৰ ৩২.৬৭% । অৰ্থাত্‍ দৰিদ্ৰতাৰ দিশৰ পৰা অসম ষষ্ঠ স্থানত আছে। ইয়াৰ বিপৰীতে কেৰালাত দাৰিদ্ৰ জনসংখ্যা প্ৰায় নাই। কেৰালাৰ তুলনাত অসমৰ সামগ্ৰিক উন্নয়নৰ ছবিখনে উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। শিক্ষাৰ পৰা আদি কৰি আন্তঃগাঁথনি লৈকে কেৰালাই অভূতপূৰ্ব সাফল্য অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। বিপৰীতে অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটে টোপনি হৰিছে সাধাৰণ জনতাৰ।

অসমৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা ধন খৰচ কৰি হেলিকপ্টাৰত ইখনৰ পাছত সিখন সভা কৰি, সাধাৰণ জনতাৰ ঘৰে-ঘৰে ৰৌ-বৰালি-পাভ মাছৰ জুটি লৈ ফুৰা চৰকাৰখনৰ কাৰ্যকালতে অসমৰ এই চৰম দুৰৱস্থা। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পূৰ্বৰ সেই প্ৰতিশ্ৰুতিবোৰ যে কেবল নিৰ্বাচনী টোপহে আছিল সেয়া একপ্ৰকাৰ নিশ্চিত হ’বলৈ গৈ আছে।বিপৰীতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তুলি ধৰিছে অন্য এক নিদৰ্শন। তেওঁৰ ব্যক্তিত্ব, উদাৰতা আৰু সাধাৰণ জীৱন-যাপন কিম্বা চিন্তা চেতনাৰে হেঙুল-হাইতাল বোলাই সমাজৰ ৰূপেই সলনি কৰি পেলাইছে। কেৰালাৰ লেখীয়া অসমে উন্নয়নৰ সেই চূড়া স্পৰ্শ কৰিব পাৰিবনে? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে লাখ টকীয়া প্ৰশ্ন। উল্লেখ্য যে, নীতি আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি, বিহাৰৰ জনসংখ্যাৰ ৫১.৯১ শতাংশ দৰিদ্ৰ। নীতিশ কুমাৰৰ নেতৃত্বত বিজেপি-জেডিইউ মিত্ৰজোঁটৰ ডেৰ দশক পুৰণি চৰকাৰ থকা স্বত্বেও বিহাৰৰ এই দুৰৱস্থা। আনহাতে, ডিচেম্বৰ ২০১৯ৰ পূৰ্বে বিজেপি শাসিত ঝাৰখণ্ডৰ জনসংখ্যাৰ ৪২.১৬ শতাংশ দৰিদ্ৰ। দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত দৰিদ্ৰতাৰ জনসংখ্যাৰ হাৰ ৩৭.৭৯ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে