--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সুৰা সেৱন সম্পৰ্কে নানা বৈচিত্ৰ্য আছে। কিছুমান এনে ৰাজ্য আছে য'ত সুৰাপান কৰা লোকৰ সংখ্যা অধিক। আনহাতে এনে কিছুমান ৰাজ্য আছে য'ত সুৰাৰ ব্যৱসায় বা সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ। যিবোৰ ৰাজ্যত সুৰা সেৱনৰ হাৰ অধিক, সেই ৰাজ্যসমূহত পুৰুষে আটাইতকৈ বেছি সুৰা সেৱন কৰে। ১৮-৪৯ বছৰ বয়সৰ প্ৰায় ৯৫ শতাংশ পুৰষে সুৰা সেৱন কৰে। শেহতীয়াকৈ, ক্ৰিছিল নামৰ সংস্থাটোৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। তথ্য অনুসৰি দেশৰ প্ৰায় ১৬ কোটি লোকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে। এইসকল সুৰাপায়ীৰ ৯৫ শতাংশই হৈছে পুৰুষ। ক্ৰিছিলৰ এই প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ বৰ্ষত ভাৰতৰ পাঁচখন ৰাজ্যৰ বাসিন্দাই মুঠ ৪৫ শতাংশ সুৰাপান কৰিছিল। দেশৰ ভিতৰতে সৰ্বাধিক সুৰাপায়ীৰে অভিলেখ গঢ়িছে ছট্টিশগড়ে। প্ৰায় ৩০ নিযুত জনসংখ্যাৰ এই ৰাজ্যখনৰ ৩৫.৬ শতাংশ লোকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ হাৰ ১৪.৬ শতাংশ। ৰাজ্যখনৰ প্ৰায় ৬শতাংশ লোক সম্পূৰ্ণৰূপে সুৰাৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, সুৰাপানৰ তালিকাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা। প্ৰতিবেদন অনুসৰি ত্ৰিপুৰাৰ ৩৪.৭ শতাংশ লোকে সুৰাপান কৰে। ৰাজ্যখনৰ ১৩.৭ শতাংশ লোক সম্পূৰ্ণৰূপে সুৰাৰ ওপৰতে নিৰ্ভৰশীল। একেদৰে, তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। ৰাজ্যখনৰ ৩৪.৫ শতাংশ লোকে সুৰাপান কৰে। তালিকাত চতুৰ্থ স্থান আছে পঞ্জাব। ৩০ নিযুত জনসংখ্যাৰ পঞ্জাবত ২৮.৫ শতাংশ লোকে সুৰাপান কৰি আহিছে। তালিকাৰ পঞ্চম স্থানত আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ২৮ শতাংশ লোকে সুৰাপান কৰে। ইয়াৰ পূৰ্বে প্ৰকাশিত আন এক প্ৰতিবেদনত অৰুণাচল প্ৰদেশ আছিল চতুৰ্থ স্থানত আৰু পঞ্চম স্থানত আছিল গোৱা। এইবাৰ অৱশ্যে, তালিকাৰ শীৰ্ষ পাঁচত অন্তৰ্ভুক্ত হোৱা নাই গোৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন