--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সুৰা সেৱন সম্পৰ্কে নানা বৈচিত্ৰ্য আছে। কিছুমান এনে ৰাজ্য আছে য'ত সুৰাপান কৰা লোকৰ সংখ্যা অধিক। আনহাতে এনে কিছুমান ৰাজ্য আছে য'ত সুৰাৰ ব্যৱসায় বা সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ। যিবোৰ ৰাজ্যত সুৰা সেৱনৰ হাৰ অধিক, সেই ৰাজ্যসমূহত পুৰুষে আটাইতকৈ বেছি সুৰা সেৱন কৰে। ১৮-৪৯ বছৰ বয়সৰ প্ৰায় ৯৫ শতাংশ পুৰষে সুৰা সেৱন কৰে। শেহতীয়াকৈ, ক্ৰিছিল নামৰ সংস্থাটোৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। তথ্য অনুসৰি দেশৰ প্ৰায় ১৬ কোটি লোকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে। এইসকল সুৰাপায়ীৰ ৯৫ শতাংশই হৈছে পুৰুষ। ক্ৰিছিলৰ এই প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ বৰ্ষত ভাৰতৰ পাঁচখন ৰাজ্যৰ বাসিন্দাই মুঠ ৪৫ শতাংশ সুৰাপান কৰিছিল। দেশৰ ভিতৰতে সৰ্বাধিক সুৰাপায়ীৰে অভিলেখ গঢ়িছে ছট্টিশগড়ে। প্ৰায় ৩০ নিযুত জনসংখ্যাৰ এই ৰাজ্যখনৰ ৩৫.৬ শতাংশ লোকে নিয়মীয়াকৈ সুৰাপান কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ হাৰ ১৪.৬ শতাংশ। ৰাজ্যখনৰ প্ৰায় ৬শতাংশ লোক সম্পূৰ্ণৰূপে সুৰাৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, সুৰাপানৰ তালিকাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা। প্ৰতিবেদন অনুসৰি ত্ৰিপুৰাৰ ৩৪.৭ শতাংশ লোকে সুৰাপান কৰে। ৰাজ্যখনৰ ১৩.৭ শতাংশ লোক সম্পূৰ্ণৰূপে সুৰাৰ ওপৰতে নিৰ্ভৰশীল। একেদৰে, তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। ৰাজ্যখনৰ ৩৪.৫ শতাংশ লোকে সুৰাপান কৰে। তালিকাত চতুৰ্থ স্থান আছে পঞ্জাব। ৩০ নিযুত জনসংখ্যাৰ পঞ্জাবত ২৮.৫ শতাংশ লোকে সুৰাপান কৰি আহিছে। তালিকাৰ পঞ্চম স্থানত আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ২৮ শতাংশ লোকে সুৰাপান কৰে। ইয়াৰ পূৰ্বে প্ৰকাশিত আন এক প্ৰতিবেদনত অৰুণাচল প্ৰদেশ আছিল চতুৰ্থ স্থানত আৰু পঞ্চম স্থানত আছিল গোৱা। এইবাৰ অৱশ্যে, তালিকাৰ শীৰ্ষ পাঁচত অন্তৰ্ভুক্ত হোৱা নাই গোৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন