--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 কেজৰিৱালৰ চৰকাৰৰ মন্ত্ৰী মনীষ ছিচ’দিয়া আজি এখন সংবাদমেলৰ আয়োজন কৰে৷ এই সংবাদমেলত তেওঁৰ বাসগৃহত চি বি আইয়ে তালাচী চলোৱাক লৈ সৰৱ হৈ উঠে মন্ত্ৰীজন৷ 

চি বি আইক বিজেপি দলে অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰাত ক্ষোভিত হৈ পৰিলেও তেওঁৰ ঘৰত তালাচী চলোৱা আৰক্ষী তথা চি বি আইৰ বিষয়া সকলক লৈ কোনো আক্ষেপ নাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ৷ উল্লেখযোগ্য যে, চি বি আইয়ে দিল্লীৰ শিক্ষামন্ত্ৰীৰ বাসগৃহটো তালাচী চলাইছিল৷ কিন্তু এই দুয়ো ঠাইতে তালাচী চলোৱা বিষয়া সকল যথেষ্ট নম্ৰ আৰু ভদ্ৰ আছিল  বুলি সংবাদমেলত মুকলিকৈ প্ৰকাশ কৰে মনীষ ছিচ’দিয়াই৷ তালাচী চলোৱা বিষয়া সকলে উপ মুখ্যমন্ত্ৰীজনৰ লগতো যথেষ্ট সন্তোষজনক ব্যৱহাৰ কৰিছিল৷ 

“তেওঁলোক  চৰকাৰৰ আদেশ পালন কৰিবলৈ বাধ্য। কিন্তু সুন্দৰ আচৰণৰ বাবে মই তেওঁলোকক যথেষ্ট ধন্যবাদ দিছোঁ” - চি বি আই বিষয়া সম্পৰ্কত এনেদৰেই মত প্ৰকাশ কৰে মনীষ ছিচ’দিয়াই৷ 


কিন্তু একেসময়তে গুজৰাটত  আবকাৰী কেলেংকাৰী হোৱা স্বত্বেও কোনো বিহিত ব্যৱস্থা নোলোৱাত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে৷ অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ মন্ত্ৰী হোৱাৰ বাবেই তেওঁক বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও মন্তব্য প্ৰদান কৰে মনীষ ছিচ’দিয়াই৷ 

ছিচ’দিয়াই কয় যে তেওঁ সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু চি বি আই কেন্দ্ৰৰ মতে পৰিচালিত হৈছে৷ তদুপৰি প্ৰাক্তন আয়ুক্ত গোপীকৃষ্ণণ আৰু আন দুগৰাকী 
প্ৰশাসনিক বিষয়াৰ ঘৰতো তালাচী চলাইছিল চি বি আইয়ে৷ 

উল্লেখযোগ্য যে , যোৱা ১৯ আগষ্টত প্ৰায় ১৪ ঘন্টা ধৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ ঘৰত তালাচী চলাইছিল চি বি আইয়ে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু