--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 কেজৰিৱালৰ চৰকাৰৰ মন্ত্ৰী মনীষ ছিচ’দিয়া আজি এখন সংবাদমেলৰ আয়োজন কৰে৷ এই সংবাদমেলত তেওঁৰ বাসগৃহত চি বি আইয়ে তালাচী চলোৱাক লৈ সৰৱ হৈ উঠে মন্ত্ৰীজন৷ 

চি বি আইক বিজেপি দলে অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰাত ক্ষোভিত হৈ পৰিলেও তেওঁৰ ঘৰত তালাচী চলোৱা আৰক্ষী তথা চি বি আইৰ বিষয়া সকলক লৈ কোনো আক্ষেপ নাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ৷ উল্লেখযোগ্য যে, চি বি আইয়ে দিল্লীৰ শিক্ষামন্ত্ৰীৰ বাসগৃহটো তালাচী চলাইছিল৷ কিন্তু এই দুয়ো ঠাইতে তালাচী চলোৱা বিষয়া সকল যথেষ্ট নম্ৰ আৰু ভদ্ৰ আছিল  বুলি সংবাদমেলত মুকলিকৈ প্ৰকাশ কৰে মনীষ ছিচ’দিয়াই৷ তালাচী চলোৱা বিষয়া সকলে উপ মুখ্যমন্ত্ৰীজনৰ লগতো যথেষ্ট সন্তোষজনক ব্যৱহাৰ কৰিছিল৷ 

“তেওঁলোক  চৰকাৰৰ আদেশ পালন কৰিবলৈ বাধ্য। কিন্তু সুন্দৰ আচৰণৰ বাবে মই তেওঁলোকক যথেষ্ট ধন্যবাদ দিছোঁ” - চি বি আই বিষয়া সম্পৰ্কত এনেদৰেই মত প্ৰকাশ কৰে মনীষ ছিচ’দিয়াই৷ 


কিন্তু একেসময়তে গুজৰাটত  আবকাৰী কেলেংকাৰী হোৱা স্বত্বেও কোনো বিহিত ব্যৱস্থা নোলোৱাত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে৷ অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ মন্ত্ৰী হোৱাৰ বাবেই তেওঁক বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও মন্তব্য প্ৰদান কৰে মনীষ ছিচ’দিয়াই৷ 

ছিচ’দিয়াই কয় যে তেওঁ সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু চি বি আই কেন্দ্ৰৰ মতে পৰিচালিত হৈছে৷ তদুপৰি প্ৰাক্তন আয়ুক্ত গোপীকৃষ্ণণ আৰু আন দুগৰাকী 
প্ৰশাসনিক বিষয়াৰ ঘৰতো তালাচী চলাইছিল চি বি আইয়ে৷ 

উল্লেখযোগ্য যে , যোৱা ১৯ আগষ্টত প্ৰায় ১৪ ঘন্টা ধৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ ঘৰত তালাচী চলাইছিল চি বি আইয়ে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী