--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়াই ক্ৰিকেট খেল হয় তেতিয়াই তেওঁলোকৰ ধুনীয়া প্ৰেমিকা আৰু পত্নীসকল গেলেৰীত উপস্থিত হৈ খেলপথাৰত স্বামীক উৎসাহিত কৰে। ভাৰতীয় ক্ৰিকেটাৰৰ পত্নী আৰু প্ৰেমিকাসকলে এই বিশ্বকাপতো গেলেৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

বিৰাটৰ পত্নী অনুষ্কা শৰ্মা সকলো নহ’লেও কেইবাখনো মেচত খেলপথাৰত উপস্থিত আছিল। খেলৰ সময়ত তেওঁলোকৰ কিছুমান ৰোমান্টিক মুহূৰ্ত কেমেৰাত ধৰা পৰিছিল।

আনহাতে, মুম্বাইৰ খেলপথাৰত উপস্থিত আছিল ছাৰা টেণ্ডুলকাৰ। শুবমানৰ অনুৰাগীয়ে অৱশ্যে কয় যে ছাৰা শুবমানৰ বাবে খেলপথাৰলৈ গৈছে। ছাৰাৰ বিভিন্ন পোষ্টেও সেই কথাৰ ইংগিত দিয়ে।

আনহাতে স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰিছে মহম্মদ শ্বামীৰ পত্নী হাছিন জাহানে। সেয়ে তেওঁক ষ্টেডিয়ামৰ গেলেৰীত দেখিবলৈ পোৱা হোৱা নাই।

বিশ্বকাপৰ প্ৰতিখন খেলতে গেলেৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ঋতিকা সাজদে। পেছাত তেওঁ এজন ক্ৰীড়া পৰিচালক। বিৰাট কোহলীৰ স্প’ৰ্টছ মেনেজাৰ হিচাপেও কেইবাদিনো কাম কৰিছিল ঋতিকাই। কিন্তু ২০১৫ চনত ৰোহিত শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ ‘ফাৰ্ষ্ট লেডী’গৰাকীয়ে কেৱল ৰোহিতৰ বাবে কাম কৰি আহিছে।

সঞ্জনা গণেশন ক্ৰিকেট জগতৰ এগৰাকী চিনাকি মুখ। সঞ্জনা কেৱল যশপ্ৰীত বুমৰাৰ পত্নী নহয়, এগৰাকী ক্ৰীড়া এংকৰ। সঞ্জনা কিছুদিন পূৰ্বে মাতৃ হৈছে। গতিকে এইবাৰ সঞ্জনাক এতিয়াও পথাৰত দেখা পোৱা নগ’ল। আই পি এলৰ উপৰিও সঞ্জনাই ইণ্ডিয়ান ছুপাৰ লীগ আৰু প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ বিভিন্ন খণ্ডত অফিচিয়েটিং কৰা দেখা গৈছে। এই বৃত্তিত যোগদান কৰাৰ আগতে তাই কেইদিনমান মডেলিংও কৰিছিল। বিভিন্ন ফেশ্বন শ্ব’তো অংশ লৈছে। ২০১৪ চনত সঞ্জনাই ‘এমটিভি স্প্লিটছভিলা ৭’ শ্ব’ত অংশগ্ৰহণ কৰিছিল।

ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা এগৰাকী ৰাজনীতিবিদ। তেওঁ জামনগৰ উত্তৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক। তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। স্বামীক খেলপথাৰত থকাৰ সময়ত গেলেৰীৰ পৰা উল্লাস কৰা দেখা যায়, আনহাতে আন সময়ত গুজৰাটৰ গাঁৱৰ ৰাজপথতো জনসংযোগ কৰা দেখা যায়। সদায় শাৰী পিন্ধে, মূৰত ওৰণি লৈ। ৰাজনীতিৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্ৰতো ৰিভাবাই দৃষ্টি আকৰ্ষণ কৰিছিল।

ঈশান কিষানৰ প্ৰেমিকা অদিতি হুণ্ডিয়া পেছাত এগৰাকী মডেল। বহু বছৰ ধৰি ঈশানৰ লগত আছে। মডেলিঙৰ উপৰিও অদিতি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিও। ইনষ্টাগ্ৰামত ৩ লাখ ফ’ল’ৱাৰ অতিক্ৰম কৰিছে। যদিও মাজে মাজে আই পি এলৰ খেলপথাৰত অদিতিক দেখা পোৱা গৈছে, তথাপিও বিশ্বকাপৰ কোনো খেলতে অদিতি অনুৰাগীৰ দৃষ্টিগোচৰ হোৱা নাই।

সূৰ্যকুমাৰৰ পত্নী দেৱীশা শেট্টী পেছাত এগৰাকী নৃত্য প্ৰশিক্ষক। ২০১২ চনত কলেজত থাকোঁতে প্ৰথমবাৰৰ বাবে এই ক্ৰিকেটাৰগৰাকীক দেৱীচাই লগ পাইছিল। ইয়াৰ পিছত আৰম্ভ হয় প্ৰেমৰ সম্পৰ্ক। ২০১৬ চনত দুজন লোকে আঙঠি বিনিময় কৰিছিল। সেই বছৰতে দুয়োৰে বিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ