--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখৰ বাংলাদেশ। ইতিমধ্যে দেশখনৰ মূল বিৰোধী দল বি এন পিয়ে নিৰ্বাচন বৰ্জন কৰি ধৰ্মঘট আৰম্ভ কৰিছে। তাৰ মাজতে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক ছাকিব আল হাছানেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সংসদৰ সদস্য হ’ব বিচাৰিছে।

শনিবাৰে বংগবন্ধু এভিনিউৰ শাসকীয় দল আৱামি লীগৰ কাৰ্যালয়ত মুকলি কৰা বিশেষ কাউণ্টাৰত থিয় হৈ দলটোৰ সভাপতি তথা দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মনোনয়ন পত্ৰ ক্ৰয় কৰি এই প্ৰ-পত্ৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে বিভিন্ন সংসদীয় সমষ্টিত প্ৰাৰ্থী হ’ব বিচৰা দলৰ নেতৃত্বত আবেদন কৰিবলৈ দূৰ-দূৰণিৰ পৰা নেতা-কৰ্মীয়ে প্ৰ-পত্ৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰে।

দিনৰ শেষত দেখা যায় যে সেইদিনা দলৰ প্ৰাৰ্থীৰ আবেদন পত্ৰ ক্ৰয় কৰা ১০৭৪জন লোকৰ ভিতৰত ক্ৰিকেটাৰ ছাকিবও আছে। আৱামি লীগৰ সূত্ৰ অনুসৰি বহুদিন ধৰি আইচিচিৰ অল ৰাউণ্ডাৰ তালিকাত এক নম্বৰ স্থান দখল কৰা ছাকিবে মাগুৰা-১, মাগুৰা-২ আৰু ঢাকা-১০ৰ প্ৰাৰ্থী হ’বলৈ ফৰ্মখন ক্ৰয় কৰিছিল। কিন্তু দেশৰ বাহিৰত থকাৰ বাবে তেওঁ নিজে উপস্থিত হৈ ফৰ্মখন ক্ৰয় কৰাৰ সুযোগ নাপালে। তেওঁৰ এজন প্ৰতিনিধি দলৰ কাৰ্যালয়লৈ আহি টকাৰে ফৰ্মখন কিনিলে।

প্ৰাক্তন ক্ৰিকেট তাৰকা মাছৰাফে বিন মৰ্তুজাকো যোৱা বছৰ নাৰাইলৰ এখন আসনৰ পৰা আৱামি লীগে মনোনীত কৰিছিল। দলীয় সূত্ৰৰ মতে, যোৱাবাৰেই প্ৰাৰ্থী হ’বলৈ ছাকিবে ইচ্ছা কৰিছিল। কিন্তু শ্বেখ হাছিনাই তেওঁক কৈছিল যে ৰাজনীতিতকৈ বাংলাদেশ ক্ৰিকেট দলক তেওঁৰ প্ৰয়োজন।

ছাকিবৰ ক্ৰিকেট কেৰিয়াৰ এতিয়া অন্তিম পৰ্যায়ত। তেওঁৰ নেতৃত্বত বাংলাদেশ দলটোৱে বিশ্বকাপত অতি বেয়া ফলাফল লৈ ঘৰলৈ উভতি আহিছিল। এনে পৰিস্থিতিত দলৰ নেতাগৰাকীয়ে তিনিওটা সমষ্টিৰ কোনো এটা সমষ্টিতে তেওঁক প্ৰাৰ্থী হিচাপে বিচাৰে নে নাই সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক