--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখৰ বাংলাদেশ। ইতিমধ্যে দেশখনৰ মূল বিৰোধী দল বি এন পিয়ে নিৰ্বাচন বৰ্জন কৰি ধৰ্মঘট আৰম্ভ কৰিছে। তাৰ মাজতে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক ছাকিব আল হাছানেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সংসদৰ সদস্য হ’ব বিচাৰিছে।

শনিবাৰে বংগবন্ধু এভিনিউৰ শাসকীয় দল আৱামি লীগৰ কাৰ্যালয়ত মুকলি কৰা বিশেষ কাউণ্টাৰত থিয় হৈ দলটোৰ সভাপতি তথা দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মনোনয়ন পত্ৰ ক্ৰয় কৰি এই প্ৰ-পত্ৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে বিভিন্ন সংসদীয় সমষ্টিত প্ৰাৰ্থী হ’ব বিচৰা দলৰ নেতৃত্বত আবেদন কৰিবলৈ দূৰ-দূৰণিৰ পৰা নেতা-কৰ্মীয়ে প্ৰ-পত্ৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰে।

দিনৰ শেষত দেখা যায় যে সেইদিনা দলৰ প্ৰাৰ্থীৰ আবেদন পত্ৰ ক্ৰয় কৰা ১০৭৪জন লোকৰ ভিতৰত ক্ৰিকেটাৰ ছাকিবও আছে। আৱামি লীগৰ সূত্ৰ অনুসৰি বহুদিন ধৰি আইচিচিৰ অল ৰাউণ্ডাৰ তালিকাত এক নম্বৰ স্থান দখল কৰা ছাকিবে মাগুৰা-১, মাগুৰা-২ আৰু ঢাকা-১০ৰ প্ৰাৰ্থী হ’বলৈ ফৰ্মখন ক্ৰয় কৰিছিল। কিন্তু দেশৰ বাহিৰত থকাৰ বাবে তেওঁ নিজে উপস্থিত হৈ ফৰ্মখন ক্ৰয় কৰাৰ সুযোগ নাপালে। তেওঁৰ এজন প্ৰতিনিধি দলৰ কাৰ্যালয়লৈ আহি টকাৰে ফৰ্মখন কিনিলে।

প্ৰাক্তন ক্ৰিকেট তাৰকা মাছৰাফে বিন মৰ্তুজাকো যোৱা বছৰ নাৰাইলৰ এখন আসনৰ পৰা আৱামি লীগে মনোনীত কৰিছিল। দলীয় সূত্ৰৰ মতে, যোৱাবাৰেই প্ৰাৰ্থী হ’বলৈ ছাকিবে ইচ্ছা কৰিছিল। কিন্তু শ্বেখ হাছিনাই তেওঁক কৈছিল যে ৰাজনীতিতকৈ বাংলাদেশ ক্ৰিকেট দলক তেওঁৰ প্ৰয়োজন।

ছাকিবৰ ক্ৰিকেট কেৰিয়াৰ এতিয়া অন্তিম পৰ্যায়ত। তেওঁৰ নেতৃত্বত বাংলাদেশ দলটোৱে বিশ্বকাপত অতি বেয়া ফলাফল লৈ ঘৰলৈ উভতি আহিছিল। এনে পৰিস্থিতিত দলৰ নেতাগৰাকীয়ে তিনিওটা সমষ্টিৰ কোনো এটা সমষ্টিতে তেওঁক প্ৰাৰ্থী হিচাপে বিচাৰে নে নাই সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক