--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰকাশীৰ সুৰংগত শ্ৰমিক আব্ধ হৈ থকা স্থানৰ পৰা মাত্ৰ ১২ মিটাৰ দূৰত্বতত অৱস্থান কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দলে৷  ১২ মিটাৰ আগুৱাব পাৰিলেই আবদ্ধ হৈ থকা শ্ৰমিকসকলক কৰিব পৰা যাব উদ্ধাৰ৷ শিলৰ প্ৰচীৰ অতিক্ৰমি উদ্ধাৰকাৰীৰ দলে সুৰংগৰ মাজত খুপি খুপি আগুৱাইছে৷ ১২ মিটাৰৰ  দূৰত্ব অতিক্ৰম কৰাৰ পিছত  উদ্ধাৰকাৰী দলটোৱে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰলৈ যাব পাৰিব। 

যদি সকলো ঠিকে থাকে  বুধবাৰে নিশাৰ ভিতৰতে সকলোৱে ভাল খবৰ পাব বুলি আশা কৰিছে। উত্তৰাখণ্ড পৰ্যটন বিভাগৰ এজন জ্যেষ্ঠ বিষয়া ভাস্কৰ খুনবেয়ে কয় যে বাকী থকা  ১৮ মিটাৰৰ ভিতৰত ৬ মিটাৰ খনন কৰা হৈছে। আৰু ১২ মিটাৰ বাকী আছে।উল্লেখ্য উত্তৰকাশীৰ এটা সুৰংগত ১১ দিন ধৰি ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে। সকলোৱে প্ৰশ্ন কৰিছিল তেওঁলোকক কেতিয়া অন্ধকাৰ সুৰংগৰ পৰা উদ্ধাৰ কৰা হ'ব। অৱশেষত সেই প্রস্নৰ  উত্তৰ হয়তো পোৱা যাব। বুধবাৰে  উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়া মেহমুদ আহমেদে কয়, "কালি পুৱা প্ৰায় ১.৪৫ বজাত খননকাৰী 'অগৰে' সুৰংগটোৰ মুখত পৰি থকা শিলৰ খনন আৰম্ভ কৰে। আমি অনুমান কৰি আছোঁ যে শ্ৰমিকসকল ধ্বংসস্তূপৰ মাজত  ৫৭  মিটাৰ গভীৰতাত আৱদ্ধ হৈ আছে। ইয়াৰ ভিতৰত, ইতিমধ্যে ৩৯  মিটাৰ খনন কৰা হৈছে। বাকী আছিল ১৮  মিটাৰ। ৬ মিটাৰৰ খনন ইতিমধ্যে হৈছে৷ এতিয়া বাকী আছে মাত্ৰ ১২ মিটাৰ৷ যদি সকলো ঠিকে থাকে ২৪  ঘণ্টাৰ ভিতৰত ভাল খবৰ লাভ কৰিব  পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ 

উল্লেখ্য মঙলবাৰে, সুৰংগটোৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে মুকলি কৰা হয়। 
উত্তৰকাশীৰ সুৰংগটো চিল্কিয়াৰা আৰু দাণ্ডালগাঁওৰ মাজত নিৰ্মাণ কৰা হৈ আছে। হঠাতে সুৰংগটোৰ এটা অংশ  খহি পৰিছিল। সুৰংগটো ৪.৫ কিলোমিটাৰ দীঘলকৈ নিৰ্মাণ কৰি থকা হৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক