--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিৰ জীৱনক লৈ সাধাৰণ মানুহৰ সদায় উৎসুকতা থাকে। তেওঁলোকে কি খায়, কলৈ যায়, কেনেদৰে দিনটো পাৰ কৰে, তেওঁলোকৰ জীৱনত কি চলি আছে এই কথাবোৰক লৈ অনুৰাগীসকলৰ কৌতুহল বাঢ়ি যায়। বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানে কোনটো স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? দেশে-বিদেশে শ্বাহৰুখৰ অলেখ অনুৰাগী আছে। দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে শ্বাহৰুখ খানৰ ব্যক্তিগত কথাবোৰ জানিবলৈ ব্যগ্ৰ হৈ থাকে। 

আপুনি জানেনে শ্বাহৰুখ খানে কোনটো স্মাৰ্টফোন ব্যৱহাৰ কৰে? কৈ আছো শুনক। শ্বাহৰুখে ব্যৱহাৰ কৰা স্মাৰ্টফোনটো এপ্ৰিল মাহৰ শীৰ্ষ ৫ টা বেষ্ট চেলিং স্মাৰ্টফোনৰ ভিতৰত অন্যতম আৰু ইয়াৰ দাম লাখ টকাৰ ওপৰত। শ্বাহৰুখ খানে বৰ্তমান ব্যৱহাৰ কৰি আছে এপ’লৰ iPhone 13 Pro Max। ভাৰতত এই স্মাৰ্টফোনটো ১,২৯,৯০০ টকাত মুকলি কৰা হৈছিল। বৰ্তমান ই এপ’লৰ শেহতীয়া ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজৰ শীৰ্ষ মডেল ফোন।

 

শ্বাহৰুখ খানে কি মোবাইল ফোন ব্যৱহাৰ কৰি আছে সেই কথা তেওঁৰ নিজৰ এখন ফটোৰ পৰাই প্ৰকাশ পালে। শেহতীয়াকৈ শ্বাহৰুখ খানে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা আৰু টুইটাৰত এখন মিৰ’ৰ ছেলফি শ্বেয়াৰ কৰিছিল। বলীউডত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ আনন্দত শ্বাহৰুখে পোষ্ট কৰিছে এই চেলফিখন। এই মিৰ’ৰ ছেলফিত তেওঁৰ হাতত iPhone 13 Pro Max দেখা যায়। ফটোখনত দেখা গৈছে যে শ্বাহৰুখ খানৰ iPhone 13 Pro Maxৰ ৰং ছিয়েৰা ব্লু। তেওঁ এই ফোনটোত MagSafe কেছ লগাই ৰাখিছে। আপোনালোকক জনাওঁ যে এই কেছৰ দাম প্ৰায় ৫ হাজাৰ টকা। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ