--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিৰ জীৱনক লৈ সাধাৰণ মানুহৰ সদায় উৎসুকতা থাকে। তেওঁলোকে কি খায়, কলৈ যায়, কেনেদৰে দিনটো পাৰ কৰে, তেওঁলোকৰ জীৱনত কি চলি আছে এই কথাবোৰক লৈ অনুৰাগীসকলৰ কৌতুহল বাঢ়ি যায়। বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানে কোনটো স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? দেশে-বিদেশে শ্বাহৰুখৰ অলেখ অনুৰাগী আছে। দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে শ্বাহৰুখ খানৰ ব্যক্তিগত কথাবোৰ জানিবলৈ ব্যগ্ৰ হৈ থাকে। 

আপুনি জানেনে শ্বাহৰুখ খানে কোনটো স্মাৰ্টফোন ব্যৱহাৰ কৰে? কৈ আছো শুনক। শ্বাহৰুখে ব্যৱহাৰ কৰা স্মাৰ্টফোনটো এপ্ৰিল মাহৰ শীৰ্ষ ৫ টা বেষ্ট চেলিং স্মাৰ্টফোনৰ ভিতৰত অন্যতম আৰু ইয়াৰ দাম লাখ টকাৰ ওপৰত। শ্বাহৰুখ খানে বৰ্তমান ব্যৱহাৰ কৰি আছে এপ’লৰ iPhone 13 Pro Max। ভাৰতত এই স্মাৰ্টফোনটো ১,২৯,৯০০ টকাত মুকলি কৰা হৈছিল। বৰ্তমান ই এপ’লৰ শেহতীয়া ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজৰ শীৰ্ষ মডেল ফোন।

 

শ্বাহৰুখ খানে কি মোবাইল ফোন ব্যৱহাৰ কৰি আছে সেই কথা তেওঁৰ নিজৰ এখন ফটোৰ পৰাই প্ৰকাশ পালে। শেহতীয়াকৈ শ্বাহৰুখ খানে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা আৰু টুইটাৰত এখন মিৰ’ৰ ছেলফি শ্বেয়াৰ কৰিছিল। বলীউডত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ আনন্দত শ্বাহৰুখে পোষ্ট কৰিছে এই চেলফিখন। এই মিৰ’ৰ ছেলফিত তেওঁৰ হাতত iPhone 13 Pro Max দেখা যায়। ফটোখনত দেখা গৈছে যে শ্বাহৰুখ খানৰ iPhone 13 Pro Maxৰ ৰং ছিয়েৰা ব্লু। তেওঁ এই ফোনটোত MagSafe কেছ লগাই ৰাখিছে। আপোনালোকক জনাওঁ যে এই কেছৰ দাম প্ৰায় ৫ হাজাৰ টকা। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু