--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিড সংক্ৰমণৰ ভীতি আৰু ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণৰ দ্ৰুত বৃদ্ধিৰ মাজতে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন ৰ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে নিৰ্বাচন আয়োগে। বৃহস্পতিবাৰে দিনৰ ১২বজাত অনুষ্ঠিত এই সংবাদমেলত নিৰ্বাচন আয়োগে ঘোষণা কৰে যে, নিৰ্ধাৰিত সময়মতেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে সকলো দলে। সকলো ক’ভিড বিধি মানি উত্তৰ প্ৰদেশৰ ৰাজনৈতিক দলসমূহে নিৰ্ধাৰিত সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচৰাৰ কথা নিৰ্বাচন আয়োগে সংবাদমেলযোগে প্ৰকাশ কৰিছে।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, শাসকীয় বিজেপি তথা প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টী, কংগ্ৰেছ, বহুজন সমাজ পাৰ্টীকে ধৰি সকলোৱে বিচাৰিছে যে, নিৰ্বাচন নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব লাগে। অৰ্থাৎ জনস্বাস্থ্যতকৈ ক্ষমতাৰ অংকহে সকলো দলৰ বাবে অধিক গুৰুত্বপূৰ্ণ বুলি যেন স্পষ্ট কৰি দিছে ৰাজনৈতিক দলসমূহে।


এই দলসমূহে ক’ভিড সংক্ৰমণৰ পৰা কিদৰে ৰাজ্যখনৰ ভোটাৰসকলক সুৰক্ষিত কৰি ৰাখিব পৰা যায় সেই সম্পৰ্কত পৰামৰ্শ আগবঢ়োৱা বুলিও চন্দ্ৰাই প্ৰকাশ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ে ক’ভিড সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ আহ্বান জনোৱাৰ পাছতে ৰাজ্যখন ভ্ৰমণ কৰে নিৰ্বাচন আয়োগৰ প্ৰতিনিধিয়ে।

তেওঁলোকে ক’ভিড প্ৰতিৰোধী নীতি নিৰ্দেশনা মানি এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ৰেলীৰ সংখ্যা হ্ৰাস কৰা তথা ভোটগ্ৰহণৰ সময় বৃদ্ধি তথা বয়োজ্যেষ্ঠ আৰু দিব্যাংগ লোকসকলক ঘৰৰ পৰাই ভোটদানৰ সুবিধা দিয়াৰ দৰে ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে নিৰ্বাচন আয়োগে। অৱশ্যে আজিৰ সংবাদ মেলত নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে আয়োগে। ৫ জানুৱাৰীৰ পাছত নিৰ্বাচন আয়োগে এই দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?