--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিড সংক্ৰমণৰ ভীতি আৰু ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণৰ দ্ৰুত বৃদ্ধিৰ মাজতে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন ৰ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে নিৰ্বাচন আয়োগে। বৃহস্পতিবাৰে দিনৰ ১২বজাত অনুষ্ঠিত এই সংবাদমেলত নিৰ্বাচন আয়োগে ঘোষণা কৰে যে, নিৰ্ধাৰিত সময়মতেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে সকলো দলে। সকলো ক’ভিড বিধি মানি উত্তৰ প্ৰদেশৰ ৰাজনৈতিক দলসমূহে নিৰ্ধাৰিত সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচৰাৰ কথা নিৰ্বাচন আয়োগে সংবাদমেলযোগে প্ৰকাশ কৰিছে।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, শাসকীয় বিজেপি তথা প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টী, কংগ্ৰেছ, বহুজন সমাজ পাৰ্টীকে ধৰি সকলোৱে বিচাৰিছে যে, নিৰ্বাচন নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব লাগে। অৰ্থাৎ জনস্বাস্থ্যতকৈ ক্ষমতাৰ অংকহে সকলো দলৰ বাবে অধিক গুৰুত্বপূৰ্ণ বুলি যেন স্পষ্ট কৰি দিছে ৰাজনৈতিক দলসমূহে।


এই দলসমূহে ক’ভিড সংক্ৰমণৰ পৰা কিদৰে ৰাজ্যখনৰ ভোটাৰসকলক সুৰক্ষিত কৰি ৰাখিব পৰা যায় সেই সম্পৰ্কত পৰামৰ্শ আগবঢ়োৱা বুলিও চন্দ্ৰাই প্ৰকাশ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ে ক’ভিড সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ আহ্বান জনোৱাৰ পাছতে ৰাজ্যখন ভ্ৰমণ কৰে নিৰ্বাচন আয়োগৰ প্ৰতিনিধিয়ে।

তেওঁলোকে ক’ভিড প্ৰতিৰোধী নীতি নিৰ্দেশনা মানি এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ৰেলীৰ সংখ্যা হ্ৰাস কৰা তথা ভোটগ্ৰহণৰ সময় বৃদ্ধি তথা বয়োজ্যেষ্ঠ আৰু দিব্যাংগ লোকসকলক ঘৰৰ পৰাই ভোটদানৰ সুবিধা দিয়াৰ দৰে ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে নিৰ্বাচন আয়োগে। অৱশ্যে আজিৰ সংবাদ মেলত নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে আয়োগে। ৫ জানুৱাৰীৰ পাছত নিৰ্বাচন আয়োগে এই দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন