--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অলপতে সমাপ্ত ঘোষণা কৰা, কৃষক আন্দোলনৰ কাৰ্যসূচীৰ ফলস্বৰূপে দিল্লীৰ সিংঘু সীমান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কৃষকসকলে অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল। যাৰ ফলত কেইবাটাও উল্লেখনীয় পথ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। দিল্লী আৰু নইডা সংযোগী পথতো কৃষকসকলে অৱস্থান গ্ৰহণ কৰা বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ অচলাৱস্থাৰ সৃষ্টি হৈছিল। যাৰ বাবে দিল্লী-নইডা সংযোগী পথটো যাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এগৰাকী মহিলা। অৱশেষত মহিলাগৰাকীৰ আবেদনৰ নিষ্পত্তি কৰে দেশৰ উচ্চতম ন্যায়ালয়ে।


তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিল কৰা আৰু এম এছ পিক কৃষকৰ আইনগত অধিকাৰলৈ পৰিণত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে প্ৰায় দুটা বছৰ ধৰি চলা কৃষক আন্দোলনৰ সফল পৰিসমাপ্তি ঘটে। কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন সংসদত বাতিল কৰাৰ লগতে এম এছ পিৰ সন্দৰ্ভত সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা পাছতেই আনুষ্ঠানিকভাৱে সমাপ্ত ঘোষণা কৰে কৃষক আন্দোলনৰ। কৃষক আন্দোলনৰ সমাপ্তিৰ পাছতেই পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দিল্লী আৰু দিল্লী সীমান্তৰ পৰিস্থিতি। যাৰ বাবে যাতায়তকে ধৰি আন আনুসংগিক পৰিস্থিতিৰ পৰা ৰেহাই পালে দিল্লী-নইডা পথৰ যাত্ৰীসকলে।


নয়ডাৰ বাসিন্দা মনিকা আগৰৱাল নামৰ এগৰাকী মহিলাই নইডাৰ পৰা দিল্লী ভ্ৰমণৰ বাবে প্ৰয়োজনতকৈ অধিক সময় প্ৰয়োজন হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰিছিল। তেওঁ উল্লেখ কৰা অনুসৰি দিল্লী ভ্ৰমণত সাধাৰণ ২০ মিনিটৰ পৰিৱৰ্তে তেওঁক দুঘণ্টা সময় প্ৰয়োজন হৈছে। ইয়াৰ কাৰণ আছিল কৃষকসকলে দিল্লী-নইডা সংযোগী পথত অৱস্থান গ্ৰহণ কৰিছিল। তেওঁ নয়ডা আৰু দিল্লীৰ মাজৰ পথটো কোনো অসুবিধা নোহোৱাকৈ ভ্ৰমণৰ বাবে স্পষ্ট হোৱাটো নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা নিৰ্দেশনা বিচাৰিছিল।


কৃষকসকলৰ প্ৰতিবাদ শেষ হোৱা পিছত নয়ডাৰ মহিলাগৰাকীৰ পিআইএল নিষ্পত্তি কৰা হৈছে। ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত এখন বিচাৰপীঠে পিআইএলখন নিষ্পত্তি কৰে। ন্যায়ালয়ে কয় যে ৰাস্তাবোৰত বৰ্তমান প্ৰতিবাদ হৈ থকা নাই, এতিয়া ৰাস্তাবোৰ পূৰ্বতকৈ পৰিষ্কাৰ হৈছে। যাৰ বাবে মহিলাগৰাকীৰ আবেদনখন নিষ্পত্তি কৰা হ'ল। প্ৰতিবাদৰ সময়ত কৃষকসকলে ঘাইপথ অৱৰোধ কৰা সন্দৰ্ভত ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কৈছিল যে কৃষকসকলৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে কিন্তু প্ৰতিবাদৰ বাবে অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ কৰিব নোৱাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ