--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অলপতে সমাপ্ত ঘোষণা কৰা, কৃষক আন্দোলনৰ কাৰ্যসূচীৰ ফলস্বৰূপে দিল্লীৰ সিংঘু সীমান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কৃষকসকলে অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল। যাৰ ফলত কেইবাটাও উল্লেখনীয় পথ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। দিল্লী আৰু নইডা সংযোগী পথতো কৃষকসকলে অৱস্থান গ্ৰহণ কৰা বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ অচলাৱস্থাৰ সৃষ্টি হৈছিল। যাৰ বাবে দিল্লী-নইডা সংযোগী পথটো যাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এগৰাকী মহিলা। অৱশেষত মহিলাগৰাকীৰ আবেদনৰ নিষ্পত্তি কৰে দেশৰ উচ্চতম ন্যায়ালয়ে।


তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিল কৰা আৰু এম এছ পিক কৃষকৰ আইনগত অধিকাৰলৈ পৰিণত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে প্ৰায় দুটা বছৰ ধৰি চলা কৃষক আন্দোলনৰ সফল পৰিসমাপ্তি ঘটে। কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন সংসদত বাতিল কৰাৰ লগতে এম এছ পিৰ সন্দৰ্ভত সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা পাছতেই আনুষ্ঠানিকভাৱে সমাপ্ত ঘোষণা কৰে কৃষক আন্দোলনৰ। কৃষক আন্দোলনৰ সমাপ্তিৰ পাছতেই পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দিল্লী আৰু দিল্লী সীমান্তৰ পৰিস্থিতি। যাৰ বাবে যাতায়তকে ধৰি আন আনুসংগিক পৰিস্থিতিৰ পৰা ৰেহাই পালে দিল্লী-নইডা পথৰ যাত্ৰীসকলে।


নয়ডাৰ বাসিন্দা মনিকা আগৰৱাল নামৰ এগৰাকী মহিলাই নইডাৰ পৰা দিল্লী ভ্ৰমণৰ বাবে প্ৰয়োজনতকৈ অধিক সময় প্ৰয়োজন হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰিছিল। তেওঁ উল্লেখ কৰা অনুসৰি দিল্লী ভ্ৰমণত সাধাৰণ ২০ মিনিটৰ পৰিৱৰ্তে তেওঁক দুঘণ্টা সময় প্ৰয়োজন হৈছে। ইয়াৰ কাৰণ আছিল কৃষকসকলে দিল্লী-নইডা সংযোগী পথত অৱস্থান গ্ৰহণ কৰিছিল। তেওঁ নয়ডা আৰু দিল্লীৰ মাজৰ পথটো কোনো অসুবিধা নোহোৱাকৈ ভ্ৰমণৰ বাবে স্পষ্ট হোৱাটো নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা নিৰ্দেশনা বিচাৰিছিল।


কৃষকসকলৰ প্ৰতিবাদ শেষ হোৱা পিছত নয়ডাৰ মহিলাগৰাকীৰ পিআইএল নিষ্পত্তি কৰা হৈছে। ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত এখন বিচাৰপীঠে পিআইএলখন নিষ্পত্তি কৰে। ন্যায়ালয়ে কয় যে ৰাস্তাবোৰত বৰ্তমান প্ৰতিবাদ হৈ থকা নাই, এতিয়া ৰাস্তাবোৰ পূৰ্বতকৈ পৰিষ্কাৰ হৈছে। যাৰ বাবে মহিলাগৰাকীৰ আবেদনখন নিষ্পত্তি কৰা হ'ল। প্ৰতিবাদৰ সময়ত কৃষকসকলে ঘাইপথ অৱৰোধ কৰা সন্দৰ্ভত ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কৈছিল যে কৃষকসকলৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে কিন্তু প্ৰতিবাদৰ বাবে অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ কৰিব নোৱাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ