--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত অব্যাহত আছে কৰ’নাৰ সংহাৰলীলা। দৈনিক বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ হাৰ। একেদিনাই দেশত দৈনিক ক’ভিড সংক্ৰমণে চুইছেহি ২লাখৰ ঘৰ। বিগত দুটা সপ্তাহত দৈনিক আক্ৰান্তৰ সংখ্যা আছিল ১০,০০০। বিগত ২৪ ঘণ্টাত, দেশত আক্ৰান্তৰ সংখ্যা ১,৯৪,৭২০ । ইফালে সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্যাই ৩কোটিৰ ঘৰ অতিক্ৰম কৰিছে। কৰ’নাত আক্ৰান্তৰ সমান্তৰালকৈ বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। ৪৪২ জন লোকে প্ৰাণ হেৰুৱাইছে কালৰূপী কৰ’নাৰ বাবে।

অৱশ্যে, দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না আক্ৰান্তৰ হাৰ বৃদ্ধি পালেও কেৰালাত মৃতকৰ সংখ্যা অধিক। অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪,৮৬৮। দেশৰ ভিতৰত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰতে সৰ্বাধিক। কৰ’নাৰ দ্বিতীয় ঢৌৰ পাছত দেশখনত সংক্ৰমণৰ হাৰ পুনৰ ১০ শতাংশ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ১১.০৫ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত সপ্তাহত দেশৰ ২৯ খন ৰাজ্যৰ কমেও ১২০ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ অধিক আছিল। স্বাভাৱিকতে, স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যই দেখুৱাইছে যে দেশৰ বিভিন্ন অঞ্চলত কিদৰে ক’ভিডাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। আক্ৰান্তৰ দিশৰ পৰা মহাৰাষ্ট্ৰৰ পাছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে দিল্লী আৰু পশ্চিমবংগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন