--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাকেন্দ্ৰিক বিতৰ্কত প্ৰায়ে সোমাই পৰা সাংসদ শশী থাৰুৰক এইবাৰ লণ্ডনত দেখা গ’ল এগৰাকী মহিলা সাহিত্যকৰ সৈতে। অৱশ্যে মহিলা সাহিত্যিকৰ সৈতে থাৰুৰে সময় অতিবাহিত কৰাৰ খবৰ এইবাৰ কোনো সাংবাদিকে প্ৰথমে ৰাজহুৱা কৰা নাই। মহিলা সাহিত্যিকৰ সৈতে সময় কটোৱাৰ কথা শশী থাৰুৰে নিজেই প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে সোমবাৰে ঔপন্যাসিক গীতাঞ্জলি শ্ৰীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। ফটো খন লণ্ডনত উঠা।

 ঔপন্যাসিক গীতাঞ্জলি শ্ৰীয়ে এই বছৰৰ  আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে।  থাৰুৰ আৰু  শ্ৰীয়ে  জয়পুৰ সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছে ।

 তিৰুৱন্তপুৰমৰ সাংসদগৰাকীয়ে এই বিষয়ত  টুইট কৰি কয়, "যোৱা নিশা লণ্ডনত এটা ষ্ট্ৰবেৰীৰ সৈতে জন্মদিনৰ ছোৱালী ঔপন্যাসিক গীতাঞ্জলি শ্ৰীক শুভেচ্ছা জনালো। জয়পুৰ সাহিত্য মহোৎসৱ উদযাপনৰ সমাপ্তি পিছত তেওঁৰ সৈতে এনেদৰে ফটো উঠিলো।" 

১৫ সংখ্যক জয়পুৰ সাহিত্য মহোৎসৱৰ  ১০ জুনৰ পৰা ১২ জুনলৈ লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানত থাৰুৰৰ লগতে   আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ভাষাৰ কিতাপৰ স্ৰষ্টা ঔপন্যাসিক গীতাঞ্জলি শ্ৰীও উপস্থিত আছিল। 

উল্লেখ্য ভাৰতীয় লেখিকা গীতাঞ্জলি শ্ৰী আৰু আমেৰিকান অনুবাদক ডেইজি ৰকৱেলে  তেওঁলোকৰ উপন্যাস ‘ড়ুম্ব অফ ছেণ্ড’ৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে। এগৰাকী ৮০ বছৰীয়া মহিলাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাসখনৰ মূল নামটো হৈছে ‘ৰেত সমাধি’।

উপন্যাসখন প্ৰথমতে হিন্দীত লিখা হৈছিল। পিছত ইয়াক ইংৰাজীলৈ অনুবাদ কৰা হয়। এই বঁটা লাভ কৰা এইখন হৈছে ভাৰতীয় ভাষাত লিখা প্ৰথমখন গ্ৰন্থ।

 ৫০হাজাৰ পাউণ্ড পুৰস্কাৰৰ ধন গীতাঞ্জলি শ্ৰী আৰু ডেইজি ৰকৱেলৰ মাজত সমানে ভগাই দিয়া হ’ব।এগৰাকী  বিধৱাৰ কাহিনীয়ে উপন্যাসখনৰ মূল বিষয়।

 উপমহাদেশৰ অশান্ত সময়ছোৱাত দেশ বিভাজনে কেনেকৈ ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ জীৱনত প্ৰভাৱ পেলাইছিল আৰু সেই স্মৃতিবোৰে কেনেকৈ তেওঁক  আমনি কৰে  উপন্যাসখনত তাৰ কাহিনী বৰ্ণিত হৈছে।

 



FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ