--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাকেন্দ্ৰিক বিতৰ্কত প্ৰায়ে সোমাই পৰা সাংসদ শশী থাৰুৰক এইবাৰ লণ্ডনত দেখা গ’ল এগৰাকী মহিলা সাহিত্যকৰ সৈতে। অৱশ্যে মহিলা সাহিত্যিকৰ সৈতে থাৰুৰে সময় অতিবাহিত কৰাৰ খবৰ এইবাৰ কোনো সাংবাদিকে প্ৰথমে ৰাজহুৱা কৰা নাই। মহিলা সাহিত্যিকৰ সৈতে সময় কটোৱাৰ কথা শশী থাৰুৰে নিজেই প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে সোমবাৰে ঔপন্যাসিক গীতাঞ্জলি শ্ৰীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। ফটো খন লণ্ডনত উঠা।

 ঔপন্যাসিক গীতাঞ্জলি শ্ৰীয়ে এই বছৰৰ  আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে।  থাৰুৰ আৰু  শ্ৰীয়ে  জয়পুৰ সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছে ।

 তিৰুৱন্তপুৰমৰ সাংসদগৰাকীয়ে এই বিষয়ত  টুইট কৰি কয়, "যোৱা নিশা লণ্ডনত এটা ষ্ট্ৰবেৰীৰ সৈতে জন্মদিনৰ ছোৱালী ঔপন্যাসিক গীতাঞ্জলি শ্ৰীক শুভেচ্ছা জনালো। জয়পুৰ সাহিত্য মহোৎসৱ উদযাপনৰ সমাপ্তি পিছত তেওঁৰ সৈতে এনেদৰে ফটো উঠিলো।" 

১৫ সংখ্যক জয়পুৰ সাহিত্য মহোৎসৱৰ  ১০ জুনৰ পৰা ১২ জুনলৈ লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানত থাৰুৰৰ লগতে   আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ভাষাৰ কিতাপৰ স্ৰষ্টা ঔপন্যাসিক গীতাঞ্জলি শ্ৰীও উপস্থিত আছিল। 

উল্লেখ্য ভাৰতীয় লেখিকা গীতাঞ্জলি শ্ৰী আৰু আমেৰিকান অনুবাদক ডেইজি ৰকৱেলে  তেওঁলোকৰ উপন্যাস ‘ড়ুম্ব অফ ছেণ্ড’ৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে। এগৰাকী ৮০ বছৰীয়া মহিলাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাসখনৰ মূল নামটো হৈছে ‘ৰেত সমাধি’।

উপন্যাসখন প্ৰথমতে হিন্দীত লিখা হৈছিল। পিছত ইয়াক ইংৰাজীলৈ অনুবাদ কৰা হয়। এই বঁটা লাভ কৰা এইখন হৈছে ভাৰতীয় ভাষাত লিখা প্ৰথমখন গ্ৰন্থ।

 ৫০হাজাৰ পাউণ্ড পুৰস্কাৰৰ ধন গীতাঞ্জলি শ্ৰী আৰু ডেইজি ৰকৱেলৰ মাজত সমানে ভগাই দিয়া হ’ব।এগৰাকী  বিধৱাৰ কাহিনীয়ে উপন্যাসখনৰ মূল বিষয়।

 উপমহাদেশৰ অশান্ত সময়ছোৱাত দেশ বিভাজনে কেনেকৈ ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ জীৱনত প্ৰভাৱ পেলাইছিল আৰু সেই স্মৃতিবোৰে কেনেকৈ তেওঁক  আমনি কৰে  উপন্যাসখনত তাৰ কাহিনী বৰ্ণিত হৈছে।

 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু