--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় নোটত জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰে থাকিব লাগে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবি৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় ধনত মুদ্ৰন কৰাৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল হৈছে। ৯৪ বছৰীয়া হৰেন বাগচী বিশ্বাস নামৰ লোকজনে আৱেদনখন দাখিল কৰিছিল। আৱেদন দাখিল কৰা হৰেন বাগচী হৈছে এজন স্বাধীনতা সংগ্ৰামী৷ তেওঁৰ অভিযোগ যে, ‘ভাৰতীয় নোটত মহাত্মা গান্ধী নহয়, থাকিব লাগিব সুভাষ চন্দৰ বসুৰ আলোকচিত্ৰ’৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় নোটত মুদ্ৰন কৰাৰ বাবে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ দাখিল কৰিছিল।

গোচৰটোত, হৰেন বাগচী বিশ্বাসে সুধিছিল যে, নেতাজীৰ ছবি ‘মহাত্মা গান্ধীৰ দৰে’ ভাৰতীয় ধনত কিয় যোগ কৰিব নোৱাৰি। আৱেদনকাৰীয়ে লগতে দাবী কৰিছিল যে, ভাৰত চৰকাৰে এতিয়ালৈকে স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষচন্দ্ৰৰ অৱদানক ‘সঠিকভাৱে স্বীকৃতি’ দিয়া নাই।

ইয়াৰ পৰিপ্ৰেক্ষিতত, কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৱাই জে দস্তুৰে বিষয়টোত শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিলে, মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্ষি ভৰদ্বাজৰ বিচাৰপীঠে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন