--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় নোটত জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰে থাকিব লাগে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবি৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় ধনত মুদ্ৰন কৰাৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল হৈছে। ৯৪ বছৰীয়া হৰেন বাগচী বিশ্বাস নামৰ লোকজনে আৱেদনখন দাখিল কৰিছিল। আৱেদন দাখিল কৰা হৰেন বাগচী হৈছে এজন স্বাধীনতা সংগ্ৰামী৷ তেওঁৰ অভিযোগ যে, ‘ভাৰতীয় নোটত মহাত্মা গান্ধী নহয়, থাকিব লাগিব সুভাষ চন্দৰ বসুৰ আলোকচিত্ৰ’৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় নোটত মুদ্ৰন কৰাৰ বাবে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ দাখিল কৰিছিল।

গোচৰটোত, হৰেন বাগচী বিশ্বাসে সুধিছিল যে, নেতাজীৰ ছবি ‘মহাত্মা গান্ধীৰ দৰে’ ভাৰতীয় ধনত কিয় যোগ কৰিব নোৱাৰি। আৱেদনকাৰীয়ে লগতে দাবী কৰিছিল যে, ভাৰত চৰকাৰে এতিয়ালৈকে স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষচন্দ্ৰৰ অৱদানক ‘সঠিকভাৱে স্বীকৃতি’ দিয়া নাই।

ইয়াৰ পৰিপ্ৰেক্ষিতত, কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৱাই জে দস্তুৰে বিষয়টোত শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিলে, মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্ষি ভৰদ্বাজৰ বিচাৰপীঠে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী