--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰক্তহীনতাই মাতিব পাৰে নানা বিপদ৷ ৰক্তহীনতাৰ বাবেই আমাৰ দেহে সঠিকভাবে অক্সিজেনৰ যোগান নাপাব পাৰে৷ এক কথাত  ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ  জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। 

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি।   দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি  অনুসৰি ২০২১  চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ  হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১  চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।  

মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১  চনত ১৭.৫  শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা  ৰক্তহীনতাৰ চিকাৰ হৈছে। 

শৰীৰত  লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত  খাদ্য  যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে। 
একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা,  আদি খোৱা ভাল। বহু আহাৰে শৰীৰত  লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে  চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে  আহাৰ খোৱাৰ  এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই প্ৰচুৰ  লোযুক্ত খাদ্য  খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ