--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ষ্ট্ৰোক এতিয়া সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হৈ দেখা দিছে৷ অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপি-এনচিডি)ৰ আধাৰতত ভাৰতত ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে যাৱতীয় বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত এক উল্লেখযোগ্য সফলতা হৈছে ইণ্ডিয়া হাইপাৰটেনচন কণ্ট্ৰোল ইনিছিয়েটিভ (আইএইচচিআই), যিয়ে ২ নিযুতৰো অধিক ৰোগীক ডিজিটেলভাৱে নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তি-চালিত উদ্ভাৱন ব্যৱহাৰ কৰি আছে।  

বিশ্ব ষ্ট্ৰোক সংগঠনৰ নিৰ্বাচিত সভাপতি অধ্যাপক জয়াৰাজ পাণ্ডিয়ানে কয় যে ষ্ট্ৰোক বৃদ্ধিৰ কাৰকবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

কানাডাৰ কেলগাৰীত নিউৰোলজিষ্ট আৰু ষ্ট্ৰোক ফেলো ,  "দক্ষিণ-পূব এছিয়াৰ ষ্ট্ৰোক চিষ্টেমচ অফ কেয়াৰ" নামৰ কাকতখনৰ মুখ্য লেখক ডাঃ আইভি চেবাষ্টিয়ানে স্বাস্থ্যসেৱা প্ৰণালীৰ উন্নতিকৰণৰ জড়িয়তে ষ্ট্ৰোক প্ৰতিৰোধৰ বিষয়ত গুৰুত্ব দিছে। 
 ষ্ট্ৰোকক বহুতে  হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি  ভাবে। কিন্তু দুয়োটা  সম্পূৰ্ণ বেলেগ।

ষ্ট্ৰোকে মুখ্যতঃ মানুহৰ মগজুত আঘাত কৰে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰিযেতিয়া মগজুৰ যিকোনো অংশলৈ তেজৰ যোগান বন্ধ  হয় আৰু মগজুৰ কোষবোৰ মৰি যায় তেতিয়াই ষ্ট্ৰোক হয়।
 সাধাৰণতে ৬০  বছৰৰ অধিক বয়সৰ ৰোগীৰ ষ্ট্ৰোকৰ আশংকা অধিক হয়।  কিন্তু শেহতীয়াকৈ যুৱ আৰু আনকি শিশুও ষ্ট্ৰোকত আক্ৰান্ত হোৱা দেখা গৈছে।

অৱশ্যে, অধ্যয়নে  দেখুৱাইছে যে পুৰুষৰ ষ্ট্ৰোকৰ আশংকা মহিলাতকৈ অধিক।

তিনি প্ৰকাৰৰ ষ্ট্ৰোক আছে। মৃদু ষ্ট্ৰোক, ইস্কিমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক।

মৃদু ষ্ট্ৰোকত ৰোগীৰ মগজুলৈ তেজৰ যোগান অস্থায়ীভাৱে বন্ধ  হয় আৰু পুনৰ আৰম্ভ  হয়। এইটো মূলতঃ এটা ডাঙৰ ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ।

ইস্কিমিক ষ্ট্ৰোকত মগজু আৰু শৰীৰৰ অন্যান্য অংশত ৰক্ত নলীত তেজ গোট মাৰে।

হেমৰেজিক ষ্ট্ৰোকত মগজুৰ ৰক্তনলীবোৰ ফাটি যায় আৰু ৰক্তক্ষৰণ হয়।

ষ্ট্ৰোকে মগজুৰ কিমান ক্ষতি কৰিব সেয়া নিৰ্ভৰ কৰে মগজুত ই ক'ত হয় আৰু ই কিমান ঠাই আৱৰি থাকে তাৰ ওপৰত।

 ষ্ট্ৰোকৰ কিছুমান সাধাৰণ  লক্ষণ হৈছে:

হঠাতে হাত, ভৰি বা শৰীৰৰ যিকোনো অংশ অৱশ হৈ পৰা।  হাত দাঙিব নোৱাৰা হোৱা।
চকুৰে অস্পষ্ট/আন্ধাৰ দেখা।
কথা কোৱাত অসুবিধা পোৱা ।
বস্তু গিলিবলৈ টান পোৱা ।
জিভা জঠৰ হোৱা, মুখ বেঁকা হৈ পৰা।
শৰীৰৰ ভাৰসাম্য হেৰুওৱা, নিয়ন্ত্ৰণ হেৰুওৱা আৰু জ্ঞান হেৰুওৱা। 
হঠাতে, কেইছেকেণ্ডৰ ভিতৰতে  তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা।
ওকালি অহা, বমি হোৱা, চিজাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ