--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰীহ জনতাৰ মৃত্যুৰ কিৰিলীৰ পাছৰেপৰা আজিও উত্তপ্ত হৈ আছে নাগালেণ্ড৷ শনিবাৰে সন্ধিয়া হোৱা নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত নিৰীহ লোকৰ মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আজিও উত্তাল হৈ থকা জিলাখনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে এই ঘটনাত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

মৃত্যু হোৱা ১৫ নিৰীহক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে উপস্থিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই৷ সাম্ভাব্য যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে নিৰাপত্তাবাহিনী৷ মন জিলাৰ সদৰ থানাত কঠোৰ নিৰাপত্তাৰ মাজেৰে নিৰীহৰ ১৫টাকৈ মৃতদেহ আনি প্ৰশাসনে সসন্মানে ৰাখিছে৷ ইপিনে ৪ জনীয়া TMCৰ এটা দলো ঘটনাস্থলীলৈ যোৱাৰো সম্ভাৱনা আছে৷ সম্প্ৰতি যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে মনত৷ জিলাখনত সংঘটিত এই হিংসাত্মক ঘটনা এতিয়া ৰাজ্যখনৰ বিভিন্ন স্থানলৈ বিয়পিছে৷ সেনাৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি সহস্ৰ জনতা ৰাজপথলৈ ওলাই আহে।

মন জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ উপৰি ইণ্টাৰনেট আৰু এছএমএছ সেৱাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে। ছয় নগা জনগোষ্ঠীৰে গঠিত ইষ্টাৰ্ণ নাগালেণ্ড পিপ’লছ অৰগেনাইজেশ্যনে হৰ্ণবিল মেলাত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হৰ্ণবিল মেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। লগতে অনুষ্ঠিত হোৱা হৰ্ণবিল মেলা এদিনৰ বাবে স্থগিত কৰা হৈছে৷ ১২ঘণ্টীয়া বন্ধৰো ঘোষণা কৰা হৈছে জিলাখনত৷

গুৱাহাটীস্থিত নাগালেণ্ড হাউছতো এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়৷ হাতত মমবাতি লৈ মৃতকৰ আত্মাৰ সদগতি কামনা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র