--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰীহ জনতাৰ মৃত্যুৰ কিৰিলীৰ পাছৰেপৰা আজিও উত্তপ্ত হৈ আছে নাগালেণ্ড৷ শনিবাৰে সন্ধিয়া হোৱা নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত নিৰীহ লোকৰ মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আজিও উত্তাল হৈ থকা জিলাখনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে এই ঘটনাত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

মৃত্যু হোৱা ১৫ নিৰীহক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে উপস্থিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই৷ সাম্ভাব্য যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে নিৰাপত্তাবাহিনী৷ মন জিলাৰ সদৰ থানাত কঠোৰ নিৰাপত্তাৰ মাজেৰে নিৰীহৰ ১৫টাকৈ মৃতদেহ আনি প্ৰশাসনে সসন্মানে ৰাখিছে৷ ইপিনে ৪ জনীয়া TMCৰ এটা দলো ঘটনাস্থলীলৈ যোৱাৰো সম্ভাৱনা আছে৷ সম্প্ৰতি যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে মনত৷ জিলাখনত সংঘটিত এই হিংসাত্মক ঘটনা এতিয়া ৰাজ্যখনৰ বিভিন্ন স্থানলৈ বিয়পিছে৷ সেনাৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি সহস্ৰ জনতা ৰাজপথলৈ ওলাই আহে।

মন জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ উপৰি ইণ্টাৰনেট আৰু এছএমএছ সেৱাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে। ছয় নগা জনগোষ্ঠীৰে গঠিত ইষ্টাৰ্ণ নাগালেণ্ড পিপ’লছ অৰগেনাইজেশ্যনে হৰ্ণবিল মেলাত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হৰ্ণবিল মেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। লগতে অনুষ্ঠিত হোৱা হৰ্ণবিল মেলা এদিনৰ বাবে স্থগিত কৰা হৈছে৷ ১২ঘণ্টীয়া বন্ধৰো ঘোষণা কৰা হৈছে জিলাখনত৷

গুৱাহাটীস্থিত নাগালেণ্ড হাউছতো এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়৷ হাতত মমবাতি লৈ মৃতকৰ আত্মাৰ সদগতি কামনা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক