--°C
Loading...
Listen to Article
2 min read
80%

'মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷'

ডিজিটেল ডেস্ক : ইউক্ৰেইন-ৰাছিয়া সংকটৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হোৱা এগৰাকী পাকিস্তানী ছাত্ৰীয়ে ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ পশ্চিম ইউক্ৰেইনৰ যুদ্ধৰ পৰিস্থিতিৰ পৰা ভাৰতীয় কৰ্তৃপক্ষৰ সহায়ত উদ্ধাৰ কৰা বাবে নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত এগৰাকী পাকিস্তানী ছাত্ৰী!  আসমা ছফিক নামৰ ছাত্ৰীগৰাকীক সোনকালেই তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ সম্ভৱ হ'ব। BFC_ ছাত্ৰীগৰাকীয়ে কয়, 'মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷' উল্লেখ্য যে, ইউক্ৰেইনত আবদ্ধ পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীয়ে দূতাবাসৰ স্থানান্তৰৰ দাবী জনাইছিল যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰিছে

ভাৰতে কেৱল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাই নহয়, বহুতো পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰিছে। সোমবাৰে এগৰাকী পাকিস্তানী ছাত্ৰী মিছা আৰ্শাদে পাকিস্তানী দূতাবাসৰ আচৰণক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁলোকক খাৰকিভৰ পৰা পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰ কৰাৰ বাবে একো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। https://twitter.com/ANI/status/1501378896003883012?ref_src=twsrc%5Etfw ভাৰতীয় দূতাবাসৰ দ্বাৰা টাৰ্নোপিল চহৰলৈ বাছেৰে উদ্ধাৰ কৰিছিল শিক্ষাৰ্থীক৷ ভাৰতীয় শিক্ষাৰ্থীৰে ভৰ্তি বাছখনত একমাত্ৰ পাকিস্তানী আছিলো বুলি মিছা আৰ্শাদে প্ৰকাশ কৰিছিল। ইউক্ৰেইনত আবদ্ধ হৈ থকা নেপালৰ লোকসকলকো উদ্ধাৰত সহায় কৰে ভাৰতে। নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পাকিস্তানী ছাত্ৰী! নেপালী ছাত্ৰ ৰোশন ঝাক ভাৰত চৰকাৰে খাৰকিভৰ পৰা স্থানান্তৰিত কৰিছিল। কাঠমাণ্ডু পোষ্টৰ সৈতে বাৰ্তালাপ কৰি ঝাই কয় যে তেওঁৰ বহুতো ভাৰতীয় বন্ধু আছে যিয়ে তেওঁক যথেষ্ট সহায় কৰিছিল। 'অপাৰেচন গংগা'ৰ বিষয়ে জনাৰ পাছত তেওঁ ব্যক্তিগতভাৱে পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ জৰিয়তে স্থানান্তৰকাৰী দলটোক তেওঁক অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিছিল। 'মোক স্থানান্তৰ কৰাৰ বাবে মই ভাৰত চৰকাৰৰ ওচৰত অত্যন্ত কৃতজ্ঞ' বুলি ঝাই কয়৷ লগতে অভিযোগ কৰে যে নেপালে ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন