--°C
Loading...
Listen to Article
2 min read
80%

'মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷'

ডিজিটেল ডেস্ক : ইউক্ৰেইন-ৰাছিয়া সংকটৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হোৱা এগৰাকী পাকিস্তানী ছাত্ৰীয়ে ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ পশ্চিম ইউক্ৰেইনৰ যুদ্ধৰ পৰিস্থিতিৰ পৰা ভাৰতীয় কৰ্তৃপক্ষৰ সহায়ত উদ্ধাৰ কৰা বাবে নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত এগৰাকী পাকিস্তানী ছাত্ৰী!  আসমা ছফিক নামৰ ছাত্ৰীগৰাকীক সোনকালেই তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ সম্ভৱ হ'ব। BFC_ ছাত্ৰীগৰাকীয়ে কয়, 'মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷' উল্লেখ্য যে, ইউক্ৰেইনত আবদ্ধ পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীয়ে দূতাবাসৰ স্থানান্তৰৰ দাবী জনাইছিল যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰিছে

ভাৰতে কেৱল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাই নহয়, বহুতো পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰিছে। সোমবাৰে এগৰাকী পাকিস্তানী ছাত্ৰী মিছা আৰ্শাদে পাকিস্তানী দূতাবাসৰ আচৰণক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁলোকক খাৰকিভৰ পৰা পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰ কৰাৰ বাবে একো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। https://twitter.com/ANI/status/1501378896003883012?ref_src=twsrc%5Etfw ভাৰতীয় দূতাবাসৰ দ্বাৰা টাৰ্নোপিল চহৰলৈ বাছেৰে উদ্ধাৰ কৰিছিল শিক্ষাৰ্থীক৷ ভাৰতীয় শিক্ষাৰ্থীৰে ভৰ্তি বাছখনত একমাত্ৰ পাকিস্তানী আছিলো বুলি মিছা আৰ্শাদে প্ৰকাশ কৰিছিল। ইউক্ৰেইনত আবদ্ধ হৈ থকা নেপালৰ লোকসকলকো উদ্ধাৰত সহায় কৰে ভাৰতে। নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পাকিস্তানী ছাত্ৰী! নেপালী ছাত্ৰ ৰোশন ঝাক ভাৰত চৰকাৰে খাৰকিভৰ পৰা স্থানান্তৰিত কৰিছিল। কাঠমাণ্ডু পোষ্টৰ সৈতে বাৰ্তালাপ কৰি ঝাই কয় যে তেওঁৰ বহুতো ভাৰতীয় বন্ধু আছে যিয়ে তেওঁক যথেষ্ট সহায় কৰিছিল। 'অপাৰেচন গংগা'ৰ বিষয়ে জনাৰ পাছত তেওঁ ব্যক্তিগতভাৱে পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ জৰিয়তে স্থানান্তৰকাৰী দলটোক তেওঁক অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিছিল। 'মোক স্থানান্তৰ কৰাৰ বাবে মই ভাৰত চৰকাৰৰ ওচৰত অত্যন্ত কৃতজ্ঞ' বুলি ঝাই কয়৷ লগতে অভিযোগ কৰে যে নেপালে ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ