--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক গাড়ী দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ছুইডিছ শিল্পী লাৰ্ছ ভিল্কছে৷ লাৰ্ছ ভিল্কছ হল সেইজন শিল্পী যিয়ে ২০০৭ চনত কুকুৰৰ মৃতদেহৰ সৈতে পয়গম্বৰ মহম্মদৰ কাৰ্টুন অংকনৰ দ্বাৰা বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ দক্ষিণৰ মাৰ্কাৰিড চহৰৰ ওচৰত এক গাড়ী দুৰ্ঘটনাত নিহত হয় ৭৫ বছৰীয়া লাৰ্ছ ভিল্কছ।

এই কাৰ্টুন প্ৰকাশ হোৱাৰ পাছৰে পৰা ভিল্কছৰ জীৱনৰ প্ৰতি সংশয় নামি আহিছিল৷ সেয়ে তেওঁ আৰক্ষী সুৰক্ষা আৱেষ্টনীত বাস কৰিছিল। কট্টৰ মুছলিম সংগঠনৰ দ্বাৰা তেওঁৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল আৰু তেওঁৰ ঘৰত বোমা বিস্ফোৰণ কৰা হৈছিল। লাৰ্ছ ভিল্কছে আৰক্ষীৰ বাহনত যাত্ৰা কৰা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।এই দুৰ্ঘটনাত দুজন আৰক্ষী বিষয়াও নিহত হৈছে।

উল্লেখ্য যে লাৰ্ছ ভিল্কছে তেওঁৰ কাৰ্টুনক লৈ বিশ্বজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ পিছত কৈছিল যে এই কাৰ্টুনৰে মুছলমানসকলক উত্তেজিত কৰাৰ বাবে অংকন কৰা হোৱা নাছিল, কলাৰ মাধ্যমেৰে ৰাজনৈতিক বিতৰ্কক প্ৰত্যাহ্বান জনোৱাৰ হে ইয়াৰ মূল উদ্দেশ্যে আছিল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰথমে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও প্ৰাথমিক তদন্তত ইয়াৰ সম্ভাৱনা নাকচ কৰিচে ছুইডিচ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ