--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক গাড়ী দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ছুইডিছ শিল্পী লাৰ্ছ ভিল্কছে৷ লাৰ্ছ ভিল্কছ হল সেইজন শিল্পী যিয়ে ২০০৭ চনত কুকুৰৰ মৃতদেহৰ সৈতে পয়গম্বৰ মহম্মদৰ কাৰ্টুন অংকনৰ দ্বাৰা বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ দক্ষিণৰ মাৰ্কাৰিড চহৰৰ ওচৰত এক গাড়ী দুৰ্ঘটনাত নিহত হয় ৭৫ বছৰীয়া লাৰ্ছ ভিল্কছ।

এই কাৰ্টুন প্ৰকাশ হোৱাৰ পাছৰে পৰা ভিল্কছৰ জীৱনৰ প্ৰতি সংশয় নামি আহিছিল৷ সেয়ে তেওঁ আৰক্ষী সুৰক্ষা আৱেষ্টনীত বাস কৰিছিল। কট্টৰ মুছলিম সংগঠনৰ দ্বাৰা তেওঁৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল আৰু তেওঁৰ ঘৰত বোমা বিস্ফোৰণ কৰা হৈছিল। লাৰ্ছ ভিল্কছে আৰক্ষীৰ বাহনত যাত্ৰা কৰা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।এই দুৰ্ঘটনাত দুজন আৰক্ষী বিষয়াও নিহত হৈছে।

উল্লেখ্য যে লাৰ্ছ ভিল্কছে তেওঁৰ কাৰ্টুনক লৈ বিশ্বজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ পিছত কৈছিল যে এই কাৰ্টুনৰে মুছলমানসকলক উত্তেজিত কৰাৰ বাবে অংকন কৰা হোৱা নাছিল, কলাৰ মাধ্যমেৰে ৰাজনৈতিক বিতৰ্কক প্ৰত্যাহ্বান জনোৱাৰ হে ইয়াৰ মূল উদ্দেশ্যে আছিল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰথমে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও প্ৰাথমিক তদন্তত ইয়াৰ সম্ভাৱনা নাকচ কৰিচে ছুইডিচ আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু