--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বজুৰি সোমবাৰে স্থৱিৰ হৈ পৰিছিল হোৱাটছ এপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ৷ ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবাৰ্গে ৷ প্ৰতিষ্ঠানটোৱে সোমবাৰে এক পোষ্টযোগে কয় যে, ‘সমগ্ৰ বিশ্বৰ পৰা ১০.৬ নিযুতৰো অধিক সমস্যাৰ প্ৰতিবেদনৰ সৈতে ডাউনডিটেক্টৰত আমি দেখা আটাইতকৈ ডাঙৰ বিভ্ৰাট ।

’ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১.৭ নিযুততকৈ অধিক সেৱা ব্যাহত হয়, তাৰ পাছত জাৰ্মানীত ১.৩ নিযুত আৰু নেডাৰলেণ্ডে ৯,১৫,০০০সেৱা ব্যাহত হৈ পৰিছিল ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে , ভাৰতত ৪১ কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে, হোৱাটছ এপ ব্যৱহাকৰীৰ সংখ্যাও ভাৰতত বহু বেছি। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে হোৱাটছ এপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে। ভাৰতত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ২১ কোটি।
ইফালে, কিছু ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰা ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ আৰু এক হুইচব্লোৱাৰ–এ প্ৰকাশ কৰা অনুসৰি কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ ৬০০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৪,৪৭,৩৪,৮৩,০০,০০০ টকাৰ লোকচান হয়। ৰিপ’ৰ্টে কয় যে, কিছু ঘণ্টাৰ বাবে সৃষ্টি হোৱা এই সমস্যাৰ ফলত ধনীৰ তালিকাতো জুকাৰবাৰ্গ এখোঁজ পিছুৱাই গৈ মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছতকৈ এটা স্থান তললৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু