--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ ভুকভুকনিত অতিষ্ঠ হৈ এজন ১৭ বছৰীয়া কিশোৰে হত্যা কৰিলে কুকুৰটোৰ গৰাকীক। এই ঘটনা সংঘটিত হৈছে দিল্লীত। ৮৫ বছৰীয়া অশোক কুমাৰে তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীৰ নাগলি ডেইৰী এলেকাত বাস কৰে। এজন ১৭ বছৰীয়া ল'ৰা আছিল অশোক কুমাৰৰ ওচৰ-চুবুৰীয়া। ল'ৰাজন যেতিয়া নিজৰ ঘৰলৈ আহি আছিল, সেই সময়ত অশোক কুমাৰৰ পোহনীয়া কুকুৰে তেওঁৰ ওপৰত ভুকিবলৈ আৰম্ভ কৰিছিল। এই কথাতে খং উঠি ল'ৰাজনে কুকুৰটোক ৰ'ডৰে আক্ৰমণ কৰে। অশোক কুমাৰে কুকুৰটোক বচাবলৈ ল'ৰাটোক বাধা দিবলৈ চেষ্টা কৰে। ইয়াৰ লগে লগে ল'ৰাজনে ৮৫ বছৰীয়া বৃদ্ধ অশোক কুমাৰক আক্ৰমণ কৰে। অশোক কুমাৰক আঘাতপ্ৰাপ্ত অৱস্থাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত লোকজনৰ পত্নীৰ অভিযোগৰ ভিত্তিত কিশোৰ অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক কিশোৰ ন্যায় পৰিষদৰ সন্মুখত হাজিৰ কৰাইছিল আৰু পাছত হত্যাকাৰী কিশোৰজনক কিশোৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। ঘটনাটোক লৈ সমগ্ৰ নাগলি ডেইৰী এলেকাত চাঞ্চল্য বিৰাজ কৰিছে। আৰু পঢ়কঃ Birthday Special Story: ‘ছিৰিয়েল কিছাৰ’ নাম পালেও বাস্তৱ জীৱনত সম্পূৰ্ণ ওলোটা ইমৰান হাছমী PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন