--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কল্পবিজ্ঞান চলচ্চিত্ৰৰ দৰে ৰহস্য পূৰ্ণ কাহিনী এয়া। এজন লোকৰ শৰীৰ আৰু মন বিশেষ এটা প্ৰযুক্তিৰে অন্য কোনো লোকে নিয়ন্ত্ৰণ কৰিছে আৰু বিভিন্ন অভীষ্ট সিদ্ধি কৰিছে। নিজে গম নোপোৱাকৈ সেই লোকজনে তেওঁত নিয়ন্ত্ৰণ কৰি থকা লোকজনৰ নিৰ্দেশ মানি কাম কৰি আছে। কি কৰিছে, কিয় কৰিছে একো নজনাকৈ লোকজনে এটা ছাবি দিয়া পুতলাৰ দৰে কেৱল কাম কৰি গৈছে। কাহিনীটো খুব উদ্ভট যেন লাগিলেও সেই কথাই এতিয়া সংঘটিত হৈছে। অন্ততঃ তেনে হোৱা বুলি দাবী কৰিছে এজন লোকে।

বুধবাৰে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ঘৰত এজন লোকে গাড়ীসহ অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰিছিল। ডোভালৰ ঘৰৰ নিৰাপত্তাত নিয়োজিত বিশেষ বাহিনীয়ে লোকজনক তাৎক্ষণিকভাৱে আটক কৰে আৰু দিল্লী আৰক্ষীক গতাই দিয়ে। দেশৰ নিৰাপত্তাৰ সমস্ত ৰণকৌশল যিগৰাকী লোকে প্ৰস্তুত কৰি আহিছে তেওঁৰ ঘৰত প্ৰৱেশৰ অবৈধ চেষ্টা কৰা কথাটো স্বাভাৱিকতে সাধাৰণ কথা নহয়। এনে কাম কৰা লোকজনক লৈও নিসন্দেহে বিভিন্ন সন্দেহৰ উদ্ৰেগ ঘটিব। তেওঁ কোনো সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হ’ব পাৰে। আত্মঘাতী বোমাৰু হ’ব পাৰে, হ’ব পাৰে আন কোনো কূটাঘাতকাৰী বা চোৰাংচোৱা। কিন্তু এই বিশেষ লোকজনক জেৰা কৰি আৰক্ষীও হায়ৰাণ হৈ পৰিছে। কিয়নো তেওঁ নিজৰ এই কামৰ এটা অদ্ভুট ব্যাখ্য দিছে। লোকজনক আন কোনোৱে নিয়ন্ত্ৰণ কৰি এই কাম কৰোঁৱা বুলি তেওঁ দাবী কৰিছে।

দিল্লী আৰক্ষীয়ে গৃহ বিভাগলৈ দিয়া প্ৰতিবেদনত কি আছে?

দিল্লী আৰক্ষীৰ বিশেষ শাখাই কেন্দ্ৰীয় গৃহ বিভাগলৈ প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি বুধবাৰে অজিত ডোভালৰ ঘৰত প্ৰৱেশৰ চেষ্টা কৰা লোকজন মানসিকভাৱে অস্থিৰ লোক। তেওঁক বেংগালুৰুৰ বাসিন্দা ৪৩বছৰীয়া শক্তিধৰ ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে।তেওঁ আৰক্ষীৰ জেৰাত এক উদ্ভট দাবী কৰিছে আৰু এই দাবীয়ে এতিয়া আৰক্ষীক বিপাঙত পেলাইছে। লোকজনৰ মতে তেওঁৰ শৰীৰ আৰু মন আন কোনো লোকে এক বিশেষ প্ৰযুক্তিৰ সহায়ত নিয়ন্ত্ৰণ কৰি আছে। এনে প্ৰযুক্তি প্ৰধানকৈ চীন আৰু আমেৰিকাৰ দৰে দেশে ব্যৱহাৰ কৰে। লোকজনে জেৰাত সদৰি কৰিছে যে, তেওঁ কেইবাজনো বিষয়াক লগ ধৰাৰ চেষ্টা কৰিছিল। অজিত ডোভাল তথা আন সংস্থাৰ বিষয়াকো লগ ধৰি তেওঁৰ অৱস্থাটোৰ কথা তেওঁ আলোচনা কৰিব বিচাৰিছিল। তেওঁ সদৰি কৰা মতে তেওঁ বেংগালুৰুৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এই সম্পৰ্কীয় এখন অভিযোগ দাখি কৰিছিল আৰু এগৰাকী জ্যোষ্ঠ আৰক্ষী বিষয়াই এই অভিযোগৰ তদন্ত কৰিছিল।

ক’ৰ পৰা আহিছিল, ক’ত আছিল?

গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে, তেওঁ ১৩ ফেব্ৰুৱাৰীত দিল্লীলৈ আহিছিল আৰু নয়ডাৰ ছেক্টৰ ৬৩থকা জিঞ্জাৰ হোটেলত তেওঁ আছিল। তেওঁ লগতে প্ৰকাশ কৰে যে, অভিযুক্ত লোকজনে এখন মহিন্দ্ৰা এক্সইউভি-৩০০গাড়ী ভাৰালৈ লৈছিল আৰু নিজেই চলাউই গৈছিল। বুধবাৰে পুৱা ৮বজাত অজিত ডোভালৰ কেন্দ্ৰীয় দিল্লীৰ জনপথত থকা ঘৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে মূল প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীয়ে তেওঁক আটক কৰে। মন কৰিবলগীয়া যে, অজিত ডোভাল জেড প্লাছ সুৰক্ষাৰ মাজত থাকে। গতিকে কোনো লোকে সহজে তেওঁৰ ঘৰত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰাৰ কথা ভাবিব নোৱাৰে।

নিৰাপত্তালৈ ভাবুকি

এই লোকজনক যদিহে বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰি তেনে কাৰ্য কোনোবাই কৰাইছিল তেন্তে সেয়া এক ভয়ংকৰ ঘটনা হিচাপে চিহ্নিত হোৱাৰ যোগ্য। যদি প্ৰকৃততেই মানুহৰ শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰি কোনো অবাঞ্চিত কাম কৰাব পৰা তেনে কোনো প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে তেন্তে সেয়া নিৰাপত্তাজনিত দিশৰ পৰা অতি ভয়ংকৰ কথা। এনে কাৰ্যৰ আঁৰত কোনো বৈৰী ৰাষ্ট্ৰৰ হাত থকাৰ দৰে দিশ সম্পৰ্কতো এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈছে নিৰাপত্তা সংস্থাসমূহ। উল্লেখ্য যে, লোকজনৰ শৰীৰত কোনো চিপ সংলগ্ন কৰি থোৱা থাকিব পাৰে বুলি আৰক্ষীয়ে পৰীক্ষা কৰোঁৱাইছিল যদিও সেয়া ধৰা নপৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে