--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ বিপিন ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে।

ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী। এই খবৰ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানে। পাকিস্তান সেনাৰ এজন মুখপাত্ৰই টুইটাৰ জৰিয়তে জাৰি কৰিছে এই ঘটনাৰ সন্দৰ্ভত এক বিবৃত্তি। বিবৃত্তিটোত কোৱা হৈছে চেয়াৰমেন জইন্ট চীফ অৱ ষ্ট্ৰাফ কমিটীৰ জেনেৰেল ৰাজাই এই মৃত্যুত গভীৰ শোকব্যক্ত কৰিছে। ইফালে চীফ অৱ আৰ্মী ষ্ট্ৰাফ জেনেৰেলে জাবেদ বাজৱাইও এই ঘটনাত গভীৰ শোকব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

কেৱল পাকিস্তানেই নহয় বিপিন ৰাৱটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আমেৰিকা, বাংলাদেশ, নেপালেও। বাংলাদেশে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ''ভাৰতে এজন ভাল বন্ধু হেৰুৱালে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে