--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ বিপিন ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে।

ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী। এই খবৰ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানে। পাকিস্তান সেনাৰ এজন মুখপাত্ৰই টুইটাৰ জৰিয়তে জাৰি কৰিছে এই ঘটনাৰ সন্দৰ্ভত এক বিবৃত্তি। বিবৃত্তিটোত কোৱা হৈছে চেয়াৰমেন জইন্ট চীফ অৱ ষ্ট্ৰাফ কমিটীৰ জেনেৰেল ৰাজাই এই মৃত্যুত গভীৰ শোকব্যক্ত কৰিছে। ইফালে চীফ অৱ আৰ্মী ষ্ট্ৰাফ জেনেৰেলে জাবেদ বাজৱাইও এই ঘটনাত গভীৰ শোকব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

কেৱল পাকিস্তানেই নহয় বিপিন ৰাৱটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আমেৰিকা, বাংলাদেশ, নেপালেও। বাংলাদেশে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ''ভাৰতে এজন ভাল বন্ধু হেৰুৱালে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন