--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে নিশা উৰিষ্যাৰ কলিঙ্গ ঘাটিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ বাছ দুৰ্ঘটনাত পশ্চিমবংগৰ হাওৰাৰ পৰা যাত্ৰা কৰা ৬জন পৰ্যটক নিহত হোৱাৰ লগতে ৩১জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে বাছখনে ৭৬জন যাত্ৰীক অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ লৈ গৈছিল। 

স্থানীয় আৰক্ষী বিষয়া ধীৰেশ দাসে কয়, 'নিশা প্ৰায় ১১.৩০ বজাত বাছ চালকজনে পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই ঘটনা সংঘটিত হয়৷ অতি কমেও ১৫জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু আন ১৬জন সামান্য আঘাতপ্ৰাপ্ত হৈছে৷' নিহত ৬জনৰ ভিতৰত ৬জন সুপ্ৰিয়া ডেনৰে, সঞ্জিত পাত্ৰ, ৰীমা ডেনৰে, মৌচুমি ডেনৰা আৰু বৰ্ণালী মান্না বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী তথা উদ্ধাৰকাৰী আৰু স্থানীয় বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। তেওঁলোকে জনোৱা মতে বাছখনে সাগৰপৃষ্ঠৰ পৰা ২৫০০ ফুট ওপৰেৰে অৱস্থিত কলিঙ্গ ঘাটত উলোটাকৈ পৰাৰ পূৰ্বে এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰিছিল।

ডিচেম্বৰত, পশ্চিমবংগৰ ৫০জন পৰ্যটক কলিঙ্গ ঘাটিত আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকৰ বাহনখনো ওলোটাই পৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস