--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে নিশা উৰিষ্যাৰ কলিঙ্গ ঘাটিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ বাছ দুৰ্ঘটনাত পশ্চিমবংগৰ হাওৰাৰ পৰা যাত্ৰা কৰা ৬জন পৰ্যটক নিহত হোৱাৰ লগতে ৩১জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে বাছখনে ৭৬জন যাত্ৰীক অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ লৈ গৈছিল। 

স্থানীয় আৰক্ষী বিষয়া ধীৰেশ দাসে কয়, 'নিশা প্ৰায় ১১.৩০ বজাত বাছ চালকজনে পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই ঘটনা সংঘটিত হয়৷ অতি কমেও ১৫জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু আন ১৬জন সামান্য আঘাতপ্ৰাপ্ত হৈছে৷' নিহত ৬জনৰ ভিতৰত ৬জন সুপ্ৰিয়া ডেনৰে, সঞ্জিত পাত্ৰ, ৰীমা ডেনৰে, মৌচুমি ডেনৰা আৰু বৰ্ণালী মান্না বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী তথা উদ্ধাৰকাৰী আৰু স্থানীয় বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। তেওঁলোকে জনোৱা মতে বাছখনে সাগৰপৃষ্ঠৰ পৰা ২৫০০ ফুট ওপৰেৰে অৱস্থিত কলিঙ্গ ঘাটত উলোটাকৈ পৰাৰ পূৰ্বে এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰিছিল।

ডিচেম্বৰত, পশ্চিমবংগৰ ৫০জন পৰ্যটক কলিঙ্গ ঘাটিত আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকৰ বাহনখনো ওলোটাই পৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন