--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীয়ে ইতিমধ্যে দুবছৰ অতিক্ৰম কৰিছে। কাল কৰ’নাৰ কৱলত পৰি ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ পুনৰ কৰ’নাই আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত চীনকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ বাবে এক চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। কিয়নো ক’ভিডক কোনো এখন দেশে এতিয়ালৈ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। এই সময়তে, ক’ভিডক লৈ নানা উৰা-বাতৰি, ভুল তথ্য সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, যেনে-কৰ’না শেষ হৈছে, অমিক্ৰন ভাইৰাছ অতি দূৰ্বল, অ’মিক্ৰন কৰ’নাৰ অন্তিম প্ৰকাৰ। এই তথ্যসমূহৰ যিহেতু কোনো বৈজ্ঞানিক ভিত্তি নাই, গতিকে এনেধৰণৰ উৰা-বাতৰি প্ৰচাৰ নকৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে। শুকুৰবাৰে, বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কৰ’না মহামাৰী এতিয়াও বিশ্বৰ পৰা নোহোৱা হোৱা নাই। শনিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড বিষয়ৰ মুৰব্বী মাৰিয়া ভন কেৰখোৱেকয় যে, ‘চাৰিওফালে বহুতো ভুল তথ্য প্ৰচাৰ হৈ আছে। কিছুমানে কোৱাৰ দৰে ক’ভিড মহামাৰী শেষ হৈ যোৱা নাই। সেইদৰে অমিক্ৰন অতি দুৰ্বল ভাইৰাছ, একোৱেই ক্ষতি কৰিব নোৱাৰে। এই সকলো তথ্য ভুল। এইবোৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ চীন, দক্ষিণ কোৰিয়া, ফিলিপাইনছ, ভিয়েটনাম, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি ইউৰোপৰ বহুতো ঠাইত ক’ভিডে সন্ত্ৰাস চলাইছে, এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সকলো লোককে অধিক সাৱধান আৰু সৰ্তকতাৰে জীৱন-যাপন কৰিবলৈ আহ্বান জনাইছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা