--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীয়ে ইতিমধ্যে দুবছৰ অতিক্ৰম কৰিছে। কাল কৰ’নাৰ কৱলত পৰি ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ পুনৰ কৰ’নাই আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত চীনকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ বাবে এক চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। কিয়নো ক’ভিডক কোনো এখন দেশে এতিয়ালৈ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। এই সময়তে, ক’ভিডক লৈ নানা উৰা-বাতৰি, ভুল তথ্য সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, যেনে-কৰ’না শেষ হৈছে, অমিক্ৰন ভাইৰাছ অতি দূৰ্বল, অ’মিক্ৰন কৰ’নাৰ অন্তিম প্ৰকাৰ। এই তথ্যসমূহৰ যিহেতু কোনো বৈজ্ঞানিক ভিত্তি নাই, গতিকে এনেধৰণৰ উৰা-বাতৰি প্ৰচাৰ নকৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে। শুকুৰবাৰে, বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কৰ’না মহামাৰী এতিয়াও বিশ্বৰ পৰা নোহোৱা হোৱা নাই। শনিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড বিষয়ৰ মুৰব্বী মাৰিয়া ভন কেৰখোৱেকয় যে, ‘চাৰিওফালে বহুতো ভুল তথ্য প্ৰচাৰ হৈ আছে। কিছুমানে কোৱাৰ দৰে ক’ভিড মহামাৰী শেষ হৈ যোৱা নাই। সেইদৰে অমিক্ৰন অতি দুৰ্বল ভাইৰাছ, একোৱেই ক্ষতি কৰিব নোৱাৰে। এই সকলো তথ্য ভুল। এইবোৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ চীন, দক্ষিণ কোৰিয়া, ফিলিপাইনছ, ভিয়েটনাম, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি ইউৰোপৰ বহুতো ঠাইত ক’ভিডে সন্ত্ৰাস চলাইছে, এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সকলো লোককে অধিক সাৱধান আৰু সৰ্তকতাৰে জীৱন-যাপন কৰিবলৈ আহ্বান জনাইছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক