--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশে সমগ্ৰ বিশ্বলৈকে আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। এইবোৰৰ বহু পৰিৱৰ্তন স্পষ্টভাৱে দৃশ্যমান আৰু আন ভালেমান হৈছে অদৃশ্য। লাহে লাহে এই পৰিৱৰ্তনবোৰ পৰিস্ফূত হ’বলৈ আৰম্ভ কৰিছে। লক্ষ্যণীয়ভাৱে ক’ভিডে বিশ্বৰ স্বাস্থ্যখণ্ড, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰ সকলোলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে অৰ্থনৈতিক বৈষম্য। ক’ভিড আৰম্ভ হোৱাৰ বছৰ দুটাত বিশ্বৰ ৯৯শতাংশ লোকৰে আয় প্ৰভাৱিত হৈছিল। এই সময়ছোৱাত বিশ্বৰ ১৬কোটি লোক দৰিদ্ৰত পৰিণত হ’বলৈ বাধ্য হৈছিল। কিন্তু তাৰ বিপৰীত ছবি এখনো পৰিস্ফূত হৈছিল এই সময়ছোৱাতে। বিশ্বৰ কোটি কোটি লোকে জীৱন জীৱিকা ৰক্ষাৰ বাবে হাহাকাৰ কৰি থকা সময়তে দহজন ধনকুবেৰৰ অৰ্থৰ পৰিমাণ বৃদ্ধি পাইছিল দুগুণতকৈও অধিক হাৰত। বিশ্বৰ দহজন ধন কুবেৰৰ সম্পত্তিৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাইছিল আৰু তেওঁলোকৰ সম্পত্তিয়ে ১.৫ ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১১লাখ কোটিলৈ বৃদ্ধি পাইছিল। গড়ে দৈনিক তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছিল ১.৩বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৯০০০ কোটি টকাকৈ। সোমবাৰে এটা অধ্যয়নত এই তথ্য প্ৰকাশ পায়। ‘ইনইকুৱেলিটা কিলছ’ শীৰ্ষক এই প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ অনলাইম ডাভোছ এজেণ্ডা ছামিটত অক্সফাম ইণ্টাৰনেচনেলে প্ৰকাশ কৰে যে, অৰ্থনৈতিক বৈষম্যই দৈনিক প্ৰায় ২১হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছে। অৰ্থাৎ প্ৰায় প্ৰতি চাৰি ছেকেণ্ডত প্ৰাণ হানি হৈছে এজন লোকৰ। প্ৰতিবেদনখনৰ মতে স্বাস্থ্যসেৱাৰ সুবিধা লাভ নকৰা, লিংগ ভিত্তিক হিংসা আৰু প্ৰাকৃতিক দুৰ্যোগ আদিৰ দৰে কাৰণত এইসকল লোকৰ মৃত্যু হৈছে। কিন্তু ইয়াৰ বিপৰীতে বিশ্বৰ দহগৰাকী ধনাঢ্য লোকে মহামাৰী আৰম্ভ হোৱাৰ প্ৰথম দুটা বছৰত ব্যাপক উন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতি ছেকেণ্ডত তেওঁলোকৰ সম্পত্তি বৃদ্ধি পাইছিল ১৫০০০ডলাৰকৈ। ক’ভিডে সামাজিক-অৰ্থনৈতিক ক্ষেত্ৰক কিদৰে বিপৰ্যস্ত কৰি তুলিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু লোকচক্ষুৰ অলক্ষিতে এই মহামাৰীয়ে যে, সমাজত অৰ্থনৈতিক বৈষম্যৰ এখন বিশাল আৰু অনতিক্ৰম্য দেৱাল সৃষ্টি কৰিছে সেয়া এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। ক’ভিডৰ এই পৰোক্ষ ক্ষতি দীঘলীয়া সময়ৰ বাবে এক অভিশাপস্বৰূপ হৈ পৰাৰ আশংকা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা