--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশে সমগ্ৰ বিশ্বলৈকে আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। এইবোৰৰ বহু পৰিৱৰ্তন স্পষ্টভাৱে দৃশ্যমান আৰু আন ভালেমান হৈছে অদৃশ্য। লাহে লাহে এই পৰিৱৰ্তনবোৰ পৰিস্ফূত হ’বলৈ আৰম্ভ কৰিছে। লক্ষ্যণীয়ভাৱে ক’ভিডে বিশ্বৰ স্বাস্থ্যখণ্ড, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰ সকলোলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে অৰ্থনৈতিক বৈষম্য। ক’ভিড আৰম্ভ হোৱাৰ বছৰ দুটাত বিশ্বৰ ৯৯শতাংশ লোকৰে আয় প্ৰভাৱিত হৈছিল। এই সময়ছোৱাত বিশ্বৰ ১৬কোটি লোক দৰিদ্ৰত পৰিণত হ’বলৈ বাধ্য হৈছিল। কিন্তু তাৰ বিপৰীত ছবি এখনো পৰিস্ফূত হৈছিল এই সময়ছোৱাতে। বিশ্বৰ কোটি কোটি লোকে জীৱন জীৱিকা ৰক্ষাৰ বাবে হাহাকাৰ কৰি থকা সময়তে দহজন ধনকুবেৰৰ অৰ্থৰ পৰিমাণ বৃদ্ধি পাইছিল দুগুণতকৈও অধিক হাৰত। বিশ্বৰ দহজন ধন কুবেৰৰ সম্পত্তিৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাইছিল আৰু তেওঁলোকৰ সম্পত্তিয়ে ১.৫ ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১১লাখ কোটিলৈ বৃদ্ধি পাইছিল। গড়ে দৈনিক তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছিল ১.৩বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৯০০০ কোটি টকাকৈ। সোমবাৰে এটা অধ্যয়নত এই তথ্য প্ৰকাশ পায়। ‘ইনইকুৱেলিটা কিলছ’ শীৰ্ষক এই প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ অনলাইম ডাভোছ এজেণ্ডা ছামিটত অক্সফাম ইণ্টাৰনেচনেলে প্ৰকাশ কৰে যে, অৰ্থনৈতিক বৈষম্যই দৈনিক প্ৰায় ২১হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছে। অৰ্থাৎ প্ৰায় প্ৰতি চাৰি ছেকেণ্ডত প্ৰাণ হানি হৈছে এজন লোকৰ। প্ৰতিবেদনখনৰ মতে স্বাস্থ্যসেৱাৰ সুবিধা লাভ নকৰা, লিংগ ভিত্তিক হিংসা আৰু প্ৰাকৃতিক দুৰ্যোগ আদিৰ দৰে কাৰণত এইসকল লোকৰ মৃত্যু হৈছে। কিন্তু ইয়াৰ বিপৰীতে বিশ্বৰ দহগৰাকী ধনাঢ্য লোকে মহামাৰী আৰম্ভ হোৱাৰ প্ৰথম দুটা বছৰত ব্যাপক উন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতি ছেকেণ্ডত তেওঁলোকৰ সম্পত্তি বৃদ্ধি পাইছিল ১৫০০০ডলাৰকৈ। ক’ভিডে সামাজিক-অৰ্থনৈতিক ক্ষেত্ৰক কিদৰে বিপৰ্যস্ত কৰি তুলিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু লোকচক্ষুৰ অলক্ষিতে এই মহামাৰীয়ে যে, সমাজত অৰ্থনৈতিক বৈষম্যৰ এখন বিশাল আৰু অনতিক্ৰম্য দেৱাল সৃষ্টি কৰিছে সেয়া এতিয়া পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। ক’ভিডৰ এই পৰোক্ষ ক্ষতি দীঘলীয়া সময়ৰ বাবে এক অভিশাপস্বৰূপ হৈ পৰাৰ আশংকা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম