--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মৃতদেহতো সক্ৰিয় হৈ থাকে কৰ'না ভাইৰাছ৷ সাৱধান নহ'লে মৃতদেহৰ পৰাই সংক্ৰমিত হ'ব পাৰে ক'ভিড৷ দেশত ক'ভিডে ধাৰণ কৰা দ্ৰুত সংক্ৰমণৰ সময়তে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাই এই তথ্য৷ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ক'ভিড-১৯সৃষ্টি কৰা ভাইৰাছ অৰ্থাৎ কৰ’না ভাইৰাছটো ৯ দিন ধৰি মৃতদেহত সক্ৰিয় হৈ থাকে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত এখন বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু চুৰাট পাৰ্চী পঞ্চায়তৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ফালি এছ নৰিমনক এটা মধ্যম পথ বিচাৰিবলৈ সংশ্লিষ্ট স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে আলোচনাৰ বাবে অনুৰোধ জনাইছিল। কেন্দ্ৰই ইয়াৰ শপতনামাত কৈছিল ক'ভিড আক্ৰান্তৰ মৃত শৰীৰটো সম্পূৰ্ণৰূপে ঢাকি ৰাখিব লাগে৷ কোনো কাৰণতে উন্মুক্ত কৰি ৰাখিব নালাগে৷ যিসকল লোকৰ ক'ভিড-১৯ৰ ফলত মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলো সেই মৃত শৰীৰৰ সংস্পৰ্শলৈ যাতে আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ লগতে কেন্দ্ৰই কয় যে, ‘এতিয়ালৈকে উদ্ভৱ হোৱা বৈজ্ঞানিক প্ৰমাণ অনুসৰি, মৃতদেহত, শাৰীৰিক তৰল, নিঃসৰণ আৰু মৃতদেহৰ সেমেকা কোষত ন দিনলৈকে জীয়াই থাকিব পাৰে।’ মৃতদেহ এটাক জড় পৃষ্ঠ হিচাপে গণ্য কৰা হয়। মৃতদেহৰ পৰা স্বাস্থ্যকৰ্মী বা পৰিয়ালৰ সদস্যক সাৱধানতা অৱলম্বন কৰি আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা