--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মৃতদেহতো সক্ৰিয় হৈ থাকে কৰ'না ভাইৰাছ৷ সাৱধান নহ'লে মৃতদেহৰ পৰাই সংক্ৰমিত হ'ব পাৰে ক'ভিড৷ দেশত ক'ভিডে ধাৰণ কৰা দ্ৰুত সংক্ৰমণৰ সময়তে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাই এই তথ্য৷ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ক'ভিড-১৯সৃষ্টি কৰা ভাইৰাছ অৰ্থাৎ কৰ’না ভাইৰাছটো ৯ দিন ধৰি মৃতদেহত সক্ৰিয় হৈ থাকে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত এখন বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু চুৰাট পাৰ্চী পঞ্চায়তৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ফালি এছ নৰিমনক এটা মধ্যম পথ বিচাৰিবলৈ সংশ্লিষ্ট স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে আলোচনাৰ বাবে অনুৰোধ জনাইছিল। কেন্দ্ৰই ইয়াৰ শপতনামাত কৈছিল ক'ভিড আক্ৰান্তৰ মৃত শৰীৰটো সম্পূৰ্ণৰূপে ঢাকি ৰাখিব লাগে৷ কোনো কাৰণতে উন্মুক্ত কৰি ৰাখিব নালাগে৷ যিসকল লোকৰ ক'ভিড-১৯ৰ ফলত মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলো সেই মৃত শৰীৰৰ সংস্পৰ্শলৈ যাতে আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ লগতে কেন্দ্ৰই কয় যে, ‘এতিয়ালৈকে উদ্ভৱ হোৱা বৈজ্ঞানিক প্ৰমাণ অনুসৰি, মৃতদেহত, শাৰীৰিক তৰল, নিঃসৰণ আৰু মৃতদেহৰ সেমেকা কোষত ন দিনলৈকে জীয়াই থাকিব পাৰে।’ মৃতদেহ এটাক জড় পৃষ্ঠ হিচাপে গণ্য কৰা হয়। মৃতদেহৰ পৰা স্বাস্থ্যকৰ্মী বা পৰিয়ালৰ সদস্যক সাৱধানতা অৱলম্বন কৰি আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম