--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ফেচবুক-ইনষ্টাগ্ৰাম-টুইটাৰকে ধৰি একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায়ে তথা প্ৰতিদিনে হাজাৰ হাজাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। তদুপৰি কিছুমান ভিডিঅ'ৰ বাবে ছ’চিয়েল মিডিয়াত নেটিজেনৰ ভিৰ সদৃশ এক অনন্য পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে তাৰ ভিতৰত এনে কিছুমান ভিডিঅ’ আছে যিবোৰে হৃদয়ৰ কোনোবা অংশত বৰ বেলেগকৈ স্পৰ্শ কৰে। কেৱল সেয়াই নহয়, এনে ভিডিঅ’বোৰ চাই কিছুৱে হয়তো চকুলো টুটিবলৈ বাধ্য হয়। আৰু সেইবাবেই কিছুমান ভিডিঅ' স্বাভাবিকতে ভাইৰেল হৈ পৰে

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’। য’ত এটা জন্তুৰ হৃদয়স্পৰ্শী দৃশ্য উপস্থাপন কৰা হৈছে। এটা ছাগলী বলিদানৰ বাবে বিক্ৰী কৰাৰ পূৰ্বৰ দৃশ্য ,শেষবাৰৰ বাবে মালিকৰ কান্ধত মূৰ থৈ কান্দি থকা দেখা গৈছিল। ঘৰলৈ উভতি যোৱাৰ কোনো সুযোগ নাই বুলি উপলব্ধি কৰি ছাগলীটোৱে  মালিকৰ আগত নিজৰ বেদনা প্ৰকাশ কৰিছে। আৰু সেই দৃশ্যই নেটিজেনৰ চকু বাৰুকৈয়ে তিয়াই পেলাইছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ মুছলমান সমাজেপবিত্ৰ বকৰি ঈদ উদযাপন কৰিছে। মূলতঃ সেই বিশেষ দিনটোত ছাগলী ত্যাগ কৰাৰ প্ৰথা আছে। তাৰ বাবেই বহুতে বছৰ বছৰ ধৰি ছাগলী পালন কৰে আৰু তাৰ পিছত বলিদান কৰে। তদুপৰি বহুতে লাখ লাখ টকাৰ ছাগলীও বলি দিয়ে। আৰু তাৰে ভিডিঅ’‌ এটা ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গ’ল যে এটা ডাঙৰ ছাগলীৰ আশে-পাশে এক বৃহৎ জনসমাগম দেখা গৈছিল। বিক্ৰীৰ বাবে বজাৰলৈ অনা হৈছিল। এনে অৱস্থাত যেতিয়া ছাগলীৰ মালিকে বিক্ৰীৰ লেনদেন কৰি আছিল, তেতিয়া ছাগলীটোৱে কান্দি থাকিল। আৰু শেষল এটা সময়ত তেওঁ মালিকৰ কান্ধত মূৰটো থৈ দুখ প্ৰকাশ কৰিছে।

ইফালে, হৃদয়স্পৰ্শী ভিডিঅ’টো দেখি স্বাভাৱিকতে আপ্লুত হৈছে নেটিজেনসকল। ইয়াৰ সমান্তৰালভাৱে ভিডিঅ'টোৰ দৰ্শনাৰ্থীৰ সংখ্যাও বাঢ়ি গৈ আছে। বৰ্তমানলৈকে এই ভিডিঅ'টোৰ সঠিক স্থানৰ বিষয়ে জানিব পৰা হোৱা নাই। ভিডিঅ’টো চাই নেটিজেনসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছ’চিয়েল মিডিয়াত। ইফালে ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে যে  জীৱ-জন্তুৰ মাজতো অনুভৱ থাকে আৰু আপোনজনৰ পৰা বিচ্ছিন্ন হ’লে অনুভৱ কৰে গভীৰ যন্ত্ৰণা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন