--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ফেচবুক-ইনষ্টাগ্ৰাম-টুইটাৰকে ধৰি একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায়ে তথা প্ৰতিদিনে হাজাৰ হাজাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। তদুপৰি কিছুমান ভিডিঅ'ৰ বাবে ছ’চিয়েল মিডিয়াত নেটিজেনৰ ভিৰ সদৃশ এক অনন্য পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে তাৰ ভিতৰত এনে কিছুমান ভিডিঅ’ আছে যিবোৰে হৃদয়ৰ কোনোবা অংশত বৰ বেলেগকৈ স্পৰ্শ কৰে। কেৱল সেয়াই নহয়, এনে ভিডিঅ’বোৰ চাই কিছুৱে হয়তো চকুলো টুটিবলৈ বাধ্য হয়। আৰু সেইবাবেই কিছুমান ভিডিঅ' স্বাভাবিকতে ভাইৰেল হৈ পৰে

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’। য’ত এটা জন্তুৰ হৃদয়স্পৰ্শী দৃশ্য উপস্থাপন কৰা হৈছে। এটা ছাগলী বলিদানৰ বাবে বিক্ৰী কৰাৰ পূৰ্বৰ দৃশ্য ,শেষবাৰৰ বাবে মালিকৰ কান্ধত মূৰ থৈ কান্দি থকা দেখা গৈছিল। ঘৰলৈ উভতি যোৱাৰ কোনো সুযোগ নাই বুলি উপলব্ধি কৰি ছাগলীটোৱে  মালিকৰ আগত নিজৰ বেদনা প্ৰকাশ কৰিছে। আৰু সেই দৃশ্যই নেটিজেনৰ চকু বাৰুকৈয়ে তিয়াই পেলাইছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ মুছলমান সমাজেপবিত্ৰ বকৰি ঈদ উদযাপন কৰিছে। মূলতঃ সেই বিশেষ দিনটোত ছাগলী ত্যাগ কৰাৰ প্ৰথা আছে। তাৰ বাবেই বহুতে বছৰ বছৰ ধৰি ছাগলী পালন কৰে আৰু তাৰ পিছত বলিদান কৰে। তদুপৰি বহুতে লাখ লাখ টকাৰ ছাগলীও বলি দিয়ে। আৰু তাৰে ভিডিঅ’‌ এটা ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গ’ল যে এটা ডাঙৰ ছাগলীৰ আশে-পাশে এক বৃহৎ জনসমাগম দেখা গৈছিল। বিক্ৰীৰ বাবে বজাৰলৈ অনা হৈছিল। এনে অৱস্থাত যেতিয়া ছাগলীৰ মালিকে বিক্ৰীৰ লেনদেন কৰি আছিল, তেতিয়া ছাগলীটোৱে কান্দি থাকিল। আৰু শেষল এটা সময়ত তেওঁ মালিকৰ কান্ধত মূৰটো থৈ দুখ প্ৰকাশ কৰিছে।

ইফালে, হৃদয়স্পৰ্শী ভিডিঅ’টো দেখি স্বাভাৱিকতে আপ্লুত হৈছে নেটিজেনসকল। ইয়াৰ সমান্তৰালভাৱে ভিডিঅ'টোৰ দৰ্শনাৰ্থীৰ সংখ্যাও বাঢ়ি গৈ আছে। বৰ্তমানলৈকে এই ভিডিঅ'টোৰ সঠিক স্থানৰ বিষয়ে জানিব পৰা হোৱা নাই। ভিডিঅ’টো চাই নেটিজেনসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছ’চিয়েল মিডিয়াত। ইফালে ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে যে  জীৱ-জন্তুৰ মাজতো অনুভৱ থাকে আৰু আপোনজনৰ পৰা বিচ্ছিন্ন হ’লে অনুভৱ কৰে গভীৰ যন্ত্ৰণা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই