--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। কেন্দ্রীয় চৰকাৰে লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈছে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 

এক্স হেণ্ডেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক উন্নত আৰু সমৃদ্ধিশালী লাডাখ সৃষ্টিৰ দৃষ্টিভংগী অনুসৰণ কৰি গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত অঞ্চলত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’

নতুন জিলাসমূহৰ ভিতৰত আছে জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং। শ্বাহে উল্লেখ কৰে যে, প্ৰতিটো কোণত শাসন ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণৰ সুবিধাসমূহ তেওঁলোকৰ ওচৰলৈ লৈ যোৱা হ’ব। লাডাখৰ জনসাধাৰণৰ হকে প্ৰচুৰ সুযোগ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মোডী চৰকাৰ।


উত্তৰ ভাৰতত অৱস্থিত লাডাখ ২০১৯ চনৰ আগলৈকে জম্মু-কাশ্মীৰৰ অংশ আছিল। কিন্তু ২০১৯ চনত সীমা নিৰ্ধাৰণৰ পিছত জম্মু-কাশ্মীৰৰ পৰা বিচ্ছিন্ন হৈ নতুন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভূক্ত হ’ল। বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলত দুখন জিলা আছে, য'ত লেহ আৰু কাৰ্গিল অন্তৰ্ভুক্ত।

উল্লেখযোগ্য যে ২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা হৈছিল। কিন্তু এই অনুচ্ছেদ বাতিলৰ পাছত জম্মু-কাশ্মীৰক জম্মু-কাশ্মীৰ আৰু লাডাখ নামৰ দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয়।

একে সময়তে ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ৪ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগণনা হ’ব ৷

৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত এইবাৰ অনুষ্ঠিত হ’ব প্ৰথম নিৰ্বাচন। দহ বছৰৰ ব্যৱধানৰ অন্তত জম্মু-কাশ্মীৰত চলিব ভোটদান প্ৰক্ৰিয়া। কাৰণ যোৱা বিধানসভা নিৰ্বাচন ২০১৪ চনতে শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল।

২০১৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত পিডিপি-বিজেপিয়ে মিলি চৰকাৰ গঠন কৰিছিল ৷ ২০১৮ চনৰ জুন মাহত এই চৰকাৰৰ পতন হয় । সেই সময়ছোৱাত বিজেপিয়ে পিডিপিৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। যোৱা বছৰৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিছিল যে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ