--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। কেন্দ্রীয় চৰকাৰে লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈছে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 

এক্স হেণ্ডেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক উন্নত আৰু সমৃদ্ধিশালী লাডাখ সৃষ্টিৰ দৃষ্টিভংগী অনুসৰণ কৰি গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত অঞ্চলত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’

নতুন জিলাসমূহৰ ভিতৰত আছে জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং। শ্বাহে উল্লেখ কৰে যে, প্ৰতিটো কোণত শাসন ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণৰ সুবিধাসমূহ তেওঁলোকৰ ওচৰলৈ লৈ যোৱা হ’ব। লাডাখৰ জনসাধাৰণৰ হকে প্ৰচুৰ সুযোগ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মোডী চৰকাৰ।


উত্তৰ ভাৰতত অৱস্থিত লাডাখ ২০১৯ চনৰ আগলৈকে জম্মু-কাশ্মীৰৰ অংশ আছিল। কিন্তু ২০১৯ চনত সীমা নিৰ্ধাৰণৰ পিছত জম্মু-কাশ্মীৰৰ পৰা বিচ্ছিন্ন হৈ নতুন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভূক্ত হ’ল। বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলত দুখন জিলা আছে, য'ত লেহ আৰু কাৰ্গিল অন্তৰ্ভুক্ত।

উল্লেখযোগ্য যে ২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা হৈছিল। কিন্তু এই অনুচ্ছেদ বাতিলৰ পাছত জম্মু-কাশ্মীৰক জম্মু-কাশ্মীৰ আৰু লাডাখ নামৰ দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয়।

একে সময়তে ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ৪ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগণনা হ’ব ৷

৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত এইবাৰ অনুষ্ঠিত হ’ব প্ৰথম নিৰ্বাচন। দহ বছৰৰ ব্যৱধানৰ অন্তত জম্মু-কাশ্মীৰত চলিব ভোটদান প্ৰক্ৰিয়া। কাৰণ যোৱা বিধানসভা নিৰ্বাচন ২০১৪ চনতে শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল।

২০১৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত পিডিপি-বিজেপিয়ে মিলি চৰকাৰ গঠন কৰিছিল ৷ ২০১৮ চনৰ জুন মাহত এই চৰকাৰৰ পতন হয় । সেই সময়ছোৱাত বিজেপিয়ে পিডিপিৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। যোৱা বছৰৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিছিল যে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু