--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাইত অবৈধভাৱে বন্দী হৈ আছে মিজোৰাম, মণিপুৰৰ ৩ গৰাকী হোটেল কৰ্মচাৰী। চেন্নাই গেটৱেৰ লগত সংলগ্ন ইগনাইট বাৰত কাম কৰিছিল ওৱেটাৰসকলে। শনিবাৰে কামৰ সময়ৰ পিছতো কৰ্তৃপক্ষই তেওঁলোকক যাবলৈ নিদিলে বুলি তেওঁলোকে জনায়।

চেন্নাই আৰক্ষীয়ে জনোৱা মতে, ওৱেটাৰ কেইজনে অভিযোগ কৰিছে যে কর্তৃপক্ষই তেওঁলোকৰ ওপৰত ডেৰ লাখ টকা চুৰিৰ অভিযোগৰ লগতে তেওঁলোকক মাৰপিট কৰিবলৈও আৰম্ভ কৰে আৰু বন্দী কৰি ৰাখে । হোটেল পৰিচালনা সমিতিয়ে এই অভিযোগ অস্বীকাৰ কৰি ওৱেটাৰসকলে ধন প্ৰৱঞ্চনা কৰা বুলি দাবী কৰিছে।

ওৱেটাৰসকলে আৰক্ষীক জনোৱা মতে যেতিয়াই হোটেলখনৰ কাৰ্ড পেমেণ্ট চিষ্টেম বিকল হয় তেতিয়াই গ্ৰাহকৰ পৰা তেওঁলোকৰ ব্যক্তিগত গুগল পে একাউণ্টত পেমেণ্ট গ্ৰহণ কৰে। তাৰ পিছত তেওঁলোকে টিপ হিচাপে ১০ শতাংশ কৰ্তন কৰি হোটেললৈ ট্ৰেন্সফাৰ কৰে বুলি কয় - যিটো হোটেলখনত দীৰ্ঘদিন ধৰি এই নিয়ম চলি আছে ৷

দুয়োপক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, "চেন্নাই গেটৱেৰ সৈতে সংলগ্ন ইগনাইট বাৰত ওৱেটাৰসকলে কাম কৰিছিল। আমাৰ তদন্ত অব্যাহত আছে। অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈ আমি বেংক ষ্টেটমেণ্টৰ বাবে অপেক্ষা কৰি আছো। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।"

তিনিওজনৰ ভিতৰত এজনে হোটেলখনত চাৰি বছৰ, আন এজনে এবছৰ আৰু এজনে চাৰি মাহৰ আগতে যোগদান কৰিছিল বুলি আৰক্ষীয়ে জনায়।

এই বিষয়ে সমাজকৰ্মী ডাঃ ঐশ্বৰ্য ৰাৱে এক্সত পোষ্ট কৰাৰ পিছতে এই অবৈধ আৱদ্ধকৰণৰ অভিযোগ উত্থাপন হৈছে ।শীঘ্ৰে চেন্নাই আৰক্ষীয়ে এটা দল হোটেললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে এক্সত পোষ্ট কৰি কয় যে, "তদন্তৰ ভিত্তিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ