--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাইত অবৈধভাৱে বন্দী হৈ আছে মিজোৰাম, মণিপুৰৰ ৩ গৰাকী হোটেল কৰ্মচাৰী। চেন্নাই গেটৱেৰ লগত সংলগ্ন ইগনাইট বাৰত কাম কৰিছিল ওৱেটাৰসকলে। শনিবাৰে কামৰ সময়ৰ পিছতো কৰ্তৃপক্ষই তেওঁলোকক যাবলৈ নিদিলে বুলি তেওঁলোকে জনায়।

চেন্নাই আৰক্ষীয়ে জনোৱা মতে, ওৱেটাৰ কেইজনে অভিযোগ কৰিছে যে কর্তৃপক্ষই তেওঁলোকৰ ওপৰত ডেৰ লাখ টকা চুৰিৰ অভিযোগৰ লগতে তেওঁলোকক মাৰপিট কৰিবলৈও আৰম্ভ কৰে আৰু বন্দী কৰি ৰাখে । হোটেল পৰিচালনা সমিতিয়ে এই অভিযোগ অস্বীকাৰ কৰি ওৱেটাৰসকলে ধন প্ৰৱঞ্চনা কৰা বুলি দাবী কৰিছে।

ওৱেটাৰসকলে আৰক্ষীক জনোৱা মতে যেতিয়াই হোটেলখনৰ কাৰ্ড পেমেণ্ট চিষ্টেম বিকল হয় তেতিয়াই গ্ৰাহকৰ পৰা তেওঁলোকৰ ব্যক্তিগত গুগল পে একাউণ্টত পেমেণ্ট গ্ৰহণ কৰে। তাৰ পিছত তেওঁলোকে টিপ হিচাপে ১০ শতাংশ কৰ্তন কৰি হোটেললৈ ট্ৰেন্সফাৰ কৰে বুলি কয় - যিটো হোটেলখনত দীৰ্ঘদিন ধৰি এই নিয়ম চলি আছে ৷

দুয়োপক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, "চেন্নাই গেটৱেৰ সৈতে সংলগ্ন ইগনাইট বাৰত ওৱেটাৰসকলে কাম কৰিছিল। আমাৰ তদন্ত অব্যাহত আছে। অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈ আমি বেংক ষ্টেটমেণ্টৰ বাবে অপেক্ষা কৰি আছো। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।"

তিনিওজনৰ ভিতৰত এজনে হোটেলখনত চাৰি বছৰ, আন এজনে এবছৰ আৰু এজনে চাৰি মাহৰ আগতে যোগদান কৰিছিল বুলি আৰক্ষীয়ে জনায়।

এই বিষয়ে সমাজকৰ্মী ডাঃ ঐশ্বৰ্য ৰাৱে এক্সত পোষ্ট কৰাৰ পিছতে এই অবৈধ আৱদ্ধকৰণৰ অভিযোগ উত্থাপন হৈছে ।শীঘ্ৰে চেন্নাই আৰক্ষীয়ে এটা দল হোটেললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে এক্সত পোষ্ট কৰি কয় যে, "তদন্তৰ ভিত্তিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু