--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাবা আজাদৰ প্ৰেমত হাবু ডাবু খাইছে হৃত্বিক ৰোছন। তেওঁলোকৰ প্ৰেম কাহিনী এতিয়া মুম্বাই চহৰৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সম্প্ৰতি ফ্ৰান্সত একেলগে অন্তৰংগ মুহূৰ্ত কটাইছে ছাবা-হৃত্বিকে। প্ৰেমৰ চহৰত ভালপোৱাৰ এনাজৰীত বান্ধ খাইছে এই তাৰকা যুটি।

পেৰিছত একেলগে কফি ডেটলৈ গৈছিল ছাবা আৰু হৃত্বিক। অভিনেতাজনে কফি হাউছতে প্ৰেমিকাৰ কেইবাখনো ছবি ক্লিক কৰা দেখিবলৈ পোৱা গ’ল। ছাবাক ফ্ৰেমত বন্দী কৰিছে হৃত্বিকে, সেই ছবিয়েই ছাবাই শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত। কেৱল সেয়াই নহয়, কফি ডেটৰ পিছত ফ্ৰান্সৰ ৰাজপথত দীঘলীয়া ড্ৰাইভত ছাবা-হৃত্বিক। খোলা হুড থকা গাড়ীত উঠিছে তাৰকা যুটিয়ে। ছাবাই লং ড্ৰাইভৰ কিছুমান মুহূৰ্ত শ্বুট কৰিছে। যদিও সেই ভিডিঅ’টোত ছাবা বা হৃত্বিকক দেখা পোৱা নাছিল। 

অৱশ্যে, ভিডিঅ’টোৰ শেষৰ অংশত দেখিবলৈ পোৱা যায় হৃত্বিকৰ টুপীটো। ছাবাই এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই মুহূৰ্তত ভাইৰেল হৈ পৰিছিল ভিডিঅ’টো। পুৱাৰে পৰা টুইটাৰত ট্ৰেণ্ডিং লিষ্টত আছে ছাবা আৰু হৃত্বিক। কৰণ জোহৰৰ জন্মদিনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে একেলগে দেখিবলৈ পোৱা গৈছিল দুয়োকে। এইবাৰ প্ৰথমবাৰৰ বাবে ৰেষ্টুৰেণ্টত ছাবা-হৃত্বিক। মুঠতে প্ৰেমৰ চহৰত দুই প্ৰেমিক পখীৰ ভালপোৱাৰ হাঁহিবোৰে নেটিজেনৰ মাজত বিশেষভাৱে ক্ৰিয়া কৰা দেখা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ