--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ঘৰত বাজিব বিয়াৰ ছেহনাই। লালুৰ পুত্ৰ তথা বিহাৰৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱৰ বিবাহ নিশ্চিত কৰা হৈছে। আজি বা কাইলৈ দিল্লীত বিয়াৰ কিছু নীতি-নিয়ম সমাপন হোৱাৰ সম্ভাৱনা। লালু প্ৰসাদ যাদৱৰ সমস্ত পৰিয়াল বৰ্তমান দিল্লীত আছে। তেজস্বী, তেজ প্ৰতাপ লালুৰ সৈতে প্ৰথমৰে পৰা দিল্লীত আছে। ৰাবড়ী দেৱী আৰু মিসা ভাৰতীও তাত উপস্থিত হৈছেগৈ। বিবাহৰ নিয়মানুষ্ঠানত মাত্ৰ ৫০ জন বিশেষ আত্মীয় অন্তৰ্ভুক্ত থাকিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি লালু প্ৰসাদ যাদৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ সৰু পুত্ৰ তেজস্বী যাদৱৰ বাগদানৰ তাৰিখো চূড়ান্ত কৰা হৈছে। সূত্ৰসমূহে কৈছে যে ৮ বা ৯ ডিচেম্বৰত ৰাজধানী দিল্লীত ৩২ বছৰীয়া তেজস্বী যাদৱৰ বাগদান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, তেজস্বী যাদৱৰ বাগদানসন্দৰ্ভত পৰিয়ালৰ কোনো সদস্যই কোনো নিশ্চিত কৰা নাই।তেজস্বী যাদৱৰ বাগদানৰ বিষয়ে সোধাত তেওঁৰ জ্যেষ্ঠ ভাতৃ তেজপ্ৰতাপ যাদৱে কয় যে যেতিয়া এনে ধৰণৰ কিবা ঘটিব, আপোনালোকক নিশ্চয় জনোৱা হ'ব। তেওঁ মুকলিকৈ কথা ক'বলৈ অস্বীকাৰ কৰিছিল।

অৱশ্যে সূত্ৰই কয় যে দিল্লীত তেজস্বী যাদৱৰ বাগদানৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে। গোটেই লালু পৰিয়ালটো বাগদানত উপস্থিত থাকিব। কিছুমান বিশেষ আত্মীয়হে বাগদানত উপস্থিত থাকিব। জ্যেষ্ঠ ভগ্নী মিসা ভাৰতী তেজস্বী যাদৱৰ বাগদানৰ সকলো প্ৰস্তুতিৰ দায়িত্বত আছে বুলি জানিব পৰা গৈছে। মিছা ভাৰতীয়ে দিল্লীত পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলৰ অভ্যৰ্থনা আৰু থকাৰ চোৱাচিতা কৰি আছে। লালু প্ৰসাদ যাদৱ আৰু ৰাবড়ী দেৱীৰ মুঠ ৯ টা সন্তান আছে, যাৰ ভিতৰত আছে ৭ গৰাকী কন্যা আৰু দুটা পুত্ৰ। লালু প্ৰসাদ যাদৱে তেওঁৰ ৮ টা সন্তানৰে বিয়া পাতি দিছে। তেজপ্ৰতাপ যাদৱৰ বৈবাহিক সম্পৰ্ক মাত্ৰ এবছৰ চলিছিল আৰু তেওঁৰ পত্নী ঐশ্বৰ্য ৰায়ে বৰ্তমান বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছে।

আৰু পঢ়কঃ হেমা মালিনীক পাবলৈ কি কৰিছিল ধৰ্মেন্দ্ৰই? জন্মদিনত কিছু নজনা কথা জানো আহক


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন