--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ঘৰত বাজিব বিয়াৰ ছেহনাই। লালুৰ পুত্ৰ তথা বিহাৰৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱৰ বিবাহ নিশ্চিত কৰা হৈছে। আজি বা কাইলৈ দিল্লীত বিয়াৰ কিছু নীতি-নিয়ম সমাপন হোৱাৰ সম্ভাৱনা। লালু প্ৰসাদ যাদৱৰ সমস্ত পৰিয়াল বৰ্তমান দিল্লীত আছে। তেজস্বী, তেজ প্ৰতাপ লালুৰ সৈতে প্ৰথমৰে পৰা দিল্লীত আছে। ৰাবড়ী দেৱী আৰু মিসা ভাৰতীও তাত উপস্থিত হৈছেগৈ। বিবাহৰ নিয়মানুষ্ঠানত মাত্ৰ ৫০ জন বিশেষ আত্মীয় অন্তৰ্ভুক্ত থাকিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি লালু প্ৰসাদ যাদৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ সৰু পুত্ৰ তেজস্বী যাদৱৰ বাগদানৰ তাৰিখো চূড়ান্ত কৰা হৈছে। সূত্ৰসমূহে কৈছে যে ৮ বা ৯ ডিচেম্বৰত ৰাজধানী দিল্লীত ৩২ বছৰীয়া তেজস্বী যাদৱৰ বাগদান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, তেজস্বী যাদৱৰ বাগদানসন্দৰ্ভত পৰিয়ালৰ কোনো সদস্যই কোনো নিশ্চিত কৰা নাই।তেজস্বী যাদৱৰ বাগদানৰ বিষয়ে সোধাত তেওঁৰ জ্যেষ্ঠ ভাতৃ তেজপ্ৰতাপ যাদৱে কয় যে যেতিয়া এনে ধৰণৰ কিবা ঘটিব, আপোনালোকক নিশ্চয় জনোৱা হ'ব। তেওঁ মুকলিকৈ কথা ক'বলৈ অস্বীকাৰ কৰিছিল।

অৱশ্যে সূত্ৰই কয় যে দিল্লীত তেজস্বী যাদৱৰ বাগদানৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে। গোটেই লালু পৰিয়ালটো বাগদানত উপস্থিত থাকিব। কিছুমান বিশেষ আত্মীয়হে বাগদানত উপস্থিত থাকিব। জ্যেষ্ঠ ভগ্নী মিসা ভাৰতী তেজস্বী যাদৱৰ বাগদানৰ সকলো প্ৰস্তুতিৰ দায়িত্বত আছে বুলি জানিব পৰা গৈছে। মিছা ভাৰতীয়ে দিল্লীত পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলৰ অভ্যৰ্থনা আৰু থকাৰ চোৱাচিতা কৰি আছে। লালু প্ৰসাদ যাদৱ আৰু ৰাবড়ী দেৱীৰ মুঠ ৯ টা সন্তান আছে, যাৰ ভিতৰত আছে ৭ গৰাকী কন্যা আৰু দুটা পুত্ৰ। লালু প্ৰসাদ যাদৱে তেওঁৰ ৮ টা সন্তানৰে বিয়া পাতি দিছে। তেজপ্ৰতাপ যাদৱৰ বৈবাহিক সম্পৰ্ক মাত্ৰ এবছৰ চলিছিল আৰু তেওঁৰ পত্নী ঐশ্বৰ্য ৰায়ে বৰ্তমান বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছে।

আৰু পঢ়কঃ হেমা মালিনীক পাবলৈ কি কৰিছিল ধৰ্মেন্দ্ৰই? জন্মদিনত কিছু নজনা কথা জানো আহক


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক