--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অভিযান চলিছে লালু প্ৰসাদ যাদৱৰ সাম্ৰাজ্যত। বিহাৰৰ এসময়ৰ আটাইতকৈ শক্তিশালী ৰাজনীতিক পৰিয়ালটোক যেন এতিয়া বিপদে এৰা নিদিয়া হৈছে। লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে পুনৰ তৎপৰতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআই-এ। শুকুৰবাবে লালু আৰু তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্কীত ১৭টা স্থানত অভিযান চলায় চিবিআই-এ। শেহতীয়াকৈ পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আকৌ এবাৰ সমস্যাত পৰাৰ আশংকা গাঢ় হৈ পৰিছে। 

লালু যাদৱৰ উপৰি চিবিআইয়ে তেওঁৰ পত্নী ৰাবৰী দেৱী আৰু কন্যা মিছা ভাৰতীৰ পাটনা, গোপালগঞ্জ আৰু দিল্লীৰ সম্পত্তি অভিযান চলাইছে। চিবিআইয়ে এটা দুৰ্নীতিৰ গোচৰৰ তদন্তত এই অভিযান চলাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে লালু যাদৱে ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত চাকৰি দিয়াৰ বিনিময়ত ভূমি লোৱাৰ অভিযোগত চিবিআইৰ এই অভিযান চলি আছে। চিবিআইয়ে গোচৰটোত নতুন প্ৰমাণ বিচাৰি পাইছে যাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআইৰ এই তৎপৰতাৰ আঁৰত কিন্তু আন এক ইংগিত বিচাৰি পাইছে দেশৰ ৰাজনৈতিক মহলে। বিহাৰৰ ৰাজনীতিৰ সম্ভাব্য পট পৰিৱৰ্তনক লৈ চৰ্চা আৰম্ভ হোৱাৰ পাছতে আৰজেডিক চাপত ৰখাৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় সংস্থাক কামত লগোৱাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে, তেজস্বী যাদৱৰ ঘৰত আয়োজিত ইফটাৰ পাৰ্টীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অংশগ্ৰহণৰ পাছতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল সম্ভাব্য পট পৰিৱৰ্তনক লৈ। নীতিশ কুমাৰে বিজেপিৰ সংগ এৰি তেওঁৰ পুৰণি সহযোগী আৰজেডিৰ কাষ চপাৰ সম্ভাৱনা লৈ ব্যাপক চৰ্চা চলিছিল। কেৱল এয়াই নহয়, নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় ৰাজনীতি গমনক লৈও চলিছিল চৰ্চা। তেজস্বীক বিহাৰৰ দায়িত্ব এৰি দি নীতিশ কুমাৰ ৰাষ্ট্ৰীয় ৰাজনীতি অভিমুখে যাত্ৰা কৰাক লৈ চৰ্চা চলিছিল। নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ সম্ভাব্য প্ৰাৰ্থী হিচাপেও গন্য কৰি অহা হৈছে। আৰু তাক লৈ চৰ্চাও চলা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত কিছুদিন আগতে কাৰাগাৰৰ পৰা ওলোৱা লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআইৰ অভিযান এক তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে।

হঠাতে, কি প্ৰয়োজনত লালুৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাটো তৎপৰ হৈ পৰিবলগীয়া হ’ল সেয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত। চিবিআইৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি এতিয়ালৈকে তদন্তৰ সময়ত, চিবিআইয়ে তথ্য লাভ কৰিছে যে মিছা ভাৰতীৰ ঘনিষ্ঠ ৰাজেশ আগৰৱালে ২০০৮ চনত কোটি কোটি টকাৰ নগদ ধন লাভ কৰিছিল। এনে অভিযোগৰ সত্যাসত্য প্ৰমাণ হওক নহওক, ৰাজনৈতিক চাপ সৃষ্টি আৰু ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰাটো এক নিয়মত পৰিণত হোৱা বুলি ব্যাপক অভিযোগ উঠিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু