--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০১৪ চনত দেশৰ জনতাক বিশেষকৈ যুৱ সমাজক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি, অৰ্থনৈতিক উন্নয়নৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী কুক্ষিগত কৰিছিল গেৰুৱা বাহিনীয়ে। প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী। ক্ষমতা হস্তগত কৰাৰ পাছত অতি কৌশলেৰে আৰু সংগোপনে বিজেপিয়ে সলনি কৰে নীতি। পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰে আৰম্ভ হয় মিতিৰালি। ধৰ্মান্ধতা সিঁচি দিয়া হয় জনতাৰ মাজত।

 ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ব আৰু সনাতনী সভ্যতাৰ প্ৰসংগ ধাৰাবাহিকভাৱে বাৰম্বাৰ উত্থাপন কৰি যুৱক-যুৱতীসকলৰ মাজত সৃষ্টি কৰা হয় ধৰ্মীয় আৱেগ। দেশৰ গৰিষ্ঠসংখ্যক লোক বিশেষকৈ যুৱসমাজ ব্যস্ত হৈ পৰে বিজেপিৰ ৰাজনৈতিক 'এজেণ্ডা'ত। সেই সুযোগতে ভাৰতৰ যুৱ শক্তিক বিজেপিৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিবলৈ পৰিকল্পনা যুগুত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন এনডিএ চৰকাৰে। শেহতীয়াকৈ ফাদিল হৈছে নিবনুৱাবিৰোধী বিজেপি চৰকাৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। কিন্তু কি সেই ষড়যন্ত্ৰ। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপন সৃষ্টি কৰাতো দূৰৰ কথা আনকি চৰকাৰী বিভাগত থকা চাকৰিসমূহো অৰ্থাৎ পদসমূহো ক্ৰমাৎ বিলুপ্ত কৰা হৈছে। তাৰ এক উদাহৰণ হ'ল-যোৱা ছবছৰত কেৱল ৰেল বিভাগত ৭২,০০০ হাজাৰ পদ বিলুপ্ত কৰা হৈছে। এই পদসমূহ ‘চি’ আৰু ‘ডি’ গ্ৰুপৰ। পৰিণতিত ৰে'ল বিভাগৰ মুঠ ৭২ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰাৰ পৰা দেশৰ নিবনুৱা যুৱক-যুৱতীসকল বঞ্চিত হ'ল।

 ইতিমধ্যে এই বিষয়টোৰ ওপৰত চৰকাৰৰ এক স্পষ্টিকৰণ বিচাৰি ৰে'ল মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যসভাৰ সাংসদ ড০ ভি শিৱদাসনে। ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত বিজেপি চৰকাৰৰ এনে সিদ্ধান্ত গৰিহণাৰ যোগ্য। বিজেপি চৰকাৰৰ এই কাৰ্যক কটা ঘাত কলাখাৰ ঢালি আহত লোকক অধিক যন্ত্ৰণা দিয়াৰ দৰে নিৰ্মম কাৰ্য নহয় নে? দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাইছে। আৰু বিজেপিয়ে সংস্থাপনৰ দুৱাৰ মাৰি ৰং চাব লাগিছে দেশৰ জনতাৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ