--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০১৪ চনত দেশৰ জনতাক বিশেষকৈ যুৱ সমাজক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি, অৰ্থনৈতিক উন্নয়নৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী কুক্ষিগত কৰিছিল গেৰুৱা বাহিনীয়ে। প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী। ক্ষমতা হস্তগত কৰাৰ পাছত অতি কৌশলেৰে আৰু সংগোপনে বিজেপিয়ে সলনি কৰে নীতি। পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰে আৰম্ভ হয় মিতিৰালি। ধৰ্মান্ধতা সিঁচি দিয়া হয় জনতাৰ মাজত।

 ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ব আৰু সনাতনী সভ্যতাৰ প্ৰসংগ ধাৰাবাহিকভাৱে বাৰম্বাৰ উত্থাপন কৰি যুৱক-যুৱতীসকলৰ মাজত সৃষ্টি কৰা হয় ধৰ্মীয় আৱেগ। দেশৰ গৰিষ্ঠসংখ্যক লোক বিশেষকৈ যুৱসমাজ ব্যস্ত হৈ পৰে বিজেপিৰ ৰাজনৈতিক 'এজেণ্ডা'ত। সেই সুযোগতে ভাৰতৰ যুৱ শক্তিক বিজেপিৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিবলৈ পৰিকল্পনা যুগুত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতাধীন এনডিএ চৰকাৰে। শেহতীয়াকৈ ফাদিল হৈছে নিবনুৱাবিৰোধী বিজেপি চৰকাৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। কিন্তু কি সেই ষড়যন্ত্ৰ। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপন সৃষ্টি কৰাতো দূৰৰ কথা আনকি চৰকাৰী বিভাগত থকা চাকৰিসমূহো অৰ্থাৎ পদসমূহো ক্ৰমাৎ বিলুপ্ত কৰা হৈছে। তাৰ এক উদাহৰণ হ'ল-যোৱা ছবছৰত কেৱল ৰেল বিভাগত ৭২,০০০ হাজাৰ পদ বিলুপ্ত কৰা হৈছে। এই পদসমূহ ‘চি’ আৰু ‘ডি’ গ্ৰুপৰ। পৰিণতিত ৰে'ল বিভাগৰ মুঠ ৭২ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰাৰ পৰা দেশৰ নিবনুৱা যুৱক-যুৱতীসকল বঞ্চিত হ'ল।

 ইতিমধ্যে এই বিষয়টোৰ ওপৰত চৰকাৰৰ এক স্পষ্টিকৰণ বিচাৰি ৰে'ল মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যসভাৰ সাংসদ ড০ ভি শিৱদাসনে। ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত বিজেপি চৰকাৰৰ এনে সিদ্ধান্ত গৰিহণাৰ যোগ্য। বিজেপি চৰকাৰৰ এই কাৰ্যক কটা ঘাত কলাখাৰ ঢালি আহত লোকক অধিক যন্ত্ৰণা দিয়াৰ দৰে নিৰ্মম কাৰ্য নহয় নে? দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাইছে। আৰু বিজেপিয়ে সংস্থাপনৰ দুৱাৰ মাৰি ৰং চাব লাগিছে দেশৰ জনতাৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ