--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা বৰ্তমান সংবাদ শিৰোনামৰ অংশ হৈ পৰিছে। বৰ্তমান চৰ্চা চলি থকা অনুযায়ী অনুষ্কা দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ আগবাঢ়িছে। অনুষ্কাৰ গৰ্ভধাৰণৰ খবৰটো ভাইৰেল হৈ পৰিছে যদিও অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে ইয়াৰ বিষয়ে মৌনতা অৱলম্বন কৰিছে। এই সন্দৰ্ভত অনুষ্কা বা বিৰাটৰ কোনো প্ৰতিক্ৰিয়া নাই।ইফালে বিশ্বকাপৰ পূৰ্বে বিৰাট কোহলীয়ে ৰাইজৰ ওচৰত এক বিশেষ অনুৰোধ জনাইছে।আৰু বিৰাটৰ পাছত অনুষ্কায়ো ৰাইজক এক বিশেষ অনুৰোধ জনাইছে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আইচিচি বিশ্বকাপ। দেওবাৰে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন। মেচৰ পূৰ্বে অনুষ্কা আৰু বিৰাটে এক ধেমেলীয়া ধৰণেৰে সকলোকে অনুৰোধ কৰিছে।

বিৰাটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে -“বিশ্বকাপ ওচৰ চাপি অহাৰ লগে লগে মই মোৰ সকলো বন্ধু-বান্ধৱীক বিনয়েৰে ক’ব বিচাৰিছো যে গোটেই প্ৰতিযোগিতাখনৰ সময়ছোৱাত মোক টিকটৰ বাবে একেবাৰেই অনুৰোধ নকৰিব। ঘৰৰ পৰাই উপভোগ কৰক।”

বিৰাটৰ ষ্ট’ৰীৰ ওপৰত বিৰাটৰ পোষ্টটো শ্বেয়াৰ কৰি থাকোঁতে অনুষ্কা শৰ্মাই লিখিছে - আৰু মই মাত্ৰ এইটো যোগ দিব বিচাৰিছো। যদি তেওঁৰ পৰা বাৰ্তাৰ কোনো সঁহাৰি নাপায় তেন্তে মোৰ পৰা সহায়ৰ বাবে অনুৰোধ নকৰিব। বুজাৰ বাবে ধন্যবাদ।”

এফালে বিৰাট আৰু অনুষ্কাই ছ’চিয়েল মিডিয়াত মজা কৰি থকাৰ বিপৰীতে আনফালে অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণক খবৰক লৈ মৌনতা অৱলম্বন কৰিছে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি অনুষ্কা দ্বিতীয় বাৰৰ বাবে মাতৃ হ’বলৈ গৈ আছে। প্ৰতিবেদন অনুসৰি যোৱাবাৰৰ দৰে বিৰাট আৰু অনুষ্কাই কিছু সময়ৰ পাছত আনুষ্ঠানিকভাৱে অনুৰাগীক এই খবৰ দিব।

উল্লেখ্য যে অনুষ্কা শৰ্মাক অতি সোনকালে দেখা যাব চকদা এক্সপ্ৰেছ ছবিত। এই ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত পুনৰ অভিনয়লৈ ঘূৰি আহিবলৈ ওলাইছে অনুষ্কা। অনুষ্কাক শেষবাৰৰ বাবে শ্বাহৰুখ খানৰ সৈতে জিৰ’ বোলছবিত দেখা গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল