--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: পুৱাৰ চাহকাপ কাৰ কাৰ প্রিয়? পুৱা শুই উঠি চাহকাপত গ্ৰহণ কৰাৰ পাছতেই দিনটোলৈ দেহ-মন সজীৱ হৈ পৰে। ৰঙা চাহ বা গাখীৰ চাহেই হওক, চাহ কাপ নাখালে যেন দিনটো কিবা এটা খালী খালী লাগি থাকে! আলহী-অতিথি আহিলেও চাহকাপ যাচিলেহে গৃহস্থৰ মনটো ভাল লাগে। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে।

প্ৰতিদিনে চাহ খোৱাটো অসমীয়া মানুহৰ এক অভ্যাসত পৰিণত হৈছে৷ এই অভ্যাসটো নিঃসন্দেহে স্বাস্থ্যসন্মত। কাৰণ গুৰ আৰু ৰঙা চাহ দুয়োটাই স্বাস্থ্যৰ বাবে উপকাৰী। আজিকালিহে বহু মানুহৰ এই অভ্যাস সলনি হৈছে। ৰঙা চাহ বা লাল চাহৰ ঠাইত গাখীৰ, চেনী দিয়া চাহকাপ খোৱাটো অভিজাত্যৰ ধং যেন হৈ পৰিছে। ইয়াৰ উপৰি বহু স্বাস্থ্য-সচেতন লোকে আজিকালি গ্ৰীণ টি, হোৱাইট টি আদি বিভিন্ন ধৰণৰ চাহৰ জুতি লোৱা দেখা যায়। কিন্তু এইবোৰ দামী চাহৰ তুলনাত অতি সহজে প্ৰস্তুত কৰিব পৰা কম খৰচী ৰঙা চাহ কাপৰ গুণাগুণ জানিলে নিশ্চয় সকলো আচৰিত হ’ব। ইয়াৰ গুণাগুণৰ বাবেই হয়তো পৃথিৱীৰ বহু দেশত ৰঙা চাহ জনপ্ৰিয়। ইয়াৰ কাৰণ হ’ল- চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতাসমূহ এনেধৰণৰ-

  • ৰঙা চাহত বিভিন্ন উপকাৰী এণ্টি-অক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • ৰঙা চাহত থকা বিভিন্ন এণ্টি-অক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।
  • ৰঙা চাহত থকা এণ্টি-অক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।
  • নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্ট’ৰেল, ট্ৰাই গ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।
  • ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাপেও কাম কৰে।
  • স্বাস্থ্যৰক্ষা উপৰি সৌন্দৰ্য চর্চাতো ৰঙা চাহ উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ