--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: পুৱাৰ চাহকাপ কাৰ কাৰ প্রিয়? পুৱা শুই উঠি চাহকাপত গ্ৰহণ কৰাৰ পাছতেই দিনটোলৈ দেহ-মন সজীৱ হৈ পৰে। ৰঙা চাহ বা গাখীৰ চাহেই হওক, চাহ কাপ নাখালে যেন দিনটো কিবা এটা খালী খালী লাগি থাকে! আলহী-অতিথি আহিলেও চাহকাপ যাচিলেহে গৃহস্থৰ মনটো ভাল লাগে। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে।

প্ৰতিদিনে চাহ খোৱাটো অসমীয়া মানুহৰ এক অভ্যাসত পৰিণত হৈছে৷ এই অভ্যাসটো নিঃসন্দেহে স্বাস্থ্যসন্মত। কাৰণ গুৰ আৰু ৰঙা চাহ দুয়োটাই স্বাস্থ্যৰ বাবে উপকাৰী। আজিকালিহে বহু মানুহৰ এই অভ্যাস সলনি হৈছে। ৰঙা চাহ বা লাল চাহৰ ঠাইত গাখীৰ, চেনী দিয়া চাহকাপ খোৱাটো অভিজাত্যৰ ধং যেন হৈ পৰিছে। ইয়াৰ উপৰি বহু স্বাস্থ্য-সচেতন লোকে আজিকালি গ্ৰীণ টি, হোৱাইট টি আদি বিভিন্ন ধৰণৰ চাহৰ জুতি লোৱা দেখা যায়। কিন্তু এইবোৰ দামী চাহৰ তুলনাত অতি সহজে প্ৰস্তুত কৰিব পৰা কম খৰচী ৰঙা চাহ কাপৰ গুণাগুণ জানিলে নিশ্চয় সকলো আচৰিত হ’ব। ইয়াৰ গুণাগুণৰ বাবেই হয়তো পৃথিৱীৰ বহু দেশত ৰঙা চাহ জনপ্ৰিয়। ইয়াৰ কাৰণ হ’ল- চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতাসমূহ এনেধৰণৰ-

  • ৰঙা চাহত বিভিন্ন উপকাৰী এণ্টি-অক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰক ফ্ৰি ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • ৰঙা চাহত থকা বিভিন্ন এণ্টি-অক্সিডেণ্টৰ বাবে ইয়াক সেৱন কৰিলে আমি অধিক কৰ্মক্ষম হৈ পৰো, এলাহ ভাগৰ পলকতে নাইকিয়া হয়।
  • ৰঙা চাহত থকা এণ্টি-অক্সিডেণ্টে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি জনা যায়। ইয়াৰ বাবে ৰঙা চাহত ডালচিনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়।
  • নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্ট’ৰেল, ট্ৰাই গ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়।
  • ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে। দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাপেও কাম কৰে।
  • স্বাস্থ্যৰক্ষা উপৰি সৌন্দৰ্য চর্চাতো ৰঙা চাহ উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে