--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিচুৰ নাম শুনিলেই মুখলৈ পানী আহে। লিচু বজাৰত মাত্ৰ এমাহৰ পৰা দুমাহৰ বাবেহে পোৱা যায়। ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়া, সকলো বয়সৰ মানুহে এই সুস্বাদু ফলটোক লৈ পাগল হৈ থাকে। আমি লিচু খাই তাৰ বাকলি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু লিচু বাকলিৰ উপকাৰিতাৰ কথা জানিলে আপুনি কেতিয়াও এনে নকৰে। 

লিচু বাকলিৰ কি কি উপকাৰিতা আছে জানি লওক

১/ মুখৰ মৃত ছাল আঁতৰায়ঃ লিচুৰ বাকলিৰ সহায়ত মুখৰ মৰা ছালৰ তৰপটো পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে আপুনি এই বাকলিবোৰ শুকুৱাই লওক আৰু তাৰ পিছত পিহি লওক। এতিয়া তাত গোলাপ জল, এলোভেৰা জেল আৰু চাউলৰ গুড়ি মিহলাই পেষ্ট বনাই মুখত লগাওক। এতিয়া লঘু হাতেৰে স্ক্রাব কৰি ১৫ মিনিটমান পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব। এনে কৰিলে মৰা ছালৰ তৰপটো আঁতৰি যাব আৰু মুখখন জিলিকিবলৈ আৰম্ভ কৰে।

২/ ডিঙিৰ ক’লা সাঁচ আঁতৰায়ঃ ডিঙিত ক’লা সাঁচ থকাসকলৰ বাবে লিচুৰ বাকলি এটা ফলপ্ৰসূ প্ৰতিকাৰ বুলি প্ৰমাণিত হ’ব পাৰে। প্ৰথমে বাকলিখিনি পিহি তাত নাৰিকল তেল, হালধি গুড়ি, বেকিং চোডা আৰু নেমুৰ ৰস মিহলাই পেষ্ট প্ৰস্তুত কৰক। এতিয়া এই পেষ্টটো ডিঙিৰ চাৰিওফালে থকা ক’লা অংশত লগাওক আৰু লাহে লাহে মালিচ কৰক। ইয়াৰ ফলত ক’লা ৰং সহজে আঁতৰি যাব।

৩/ গোৰোহা পৰিষ্কাৰ হ’বঃ লিচুৰ বাকলিৰ সহায়ত ভৰিৰ গোৰোহাৰ মলি পৰিষ্কাৰ কৰিব পাৰি কাৰণ ই এক অতি ফলপ্ৰসূ প্ৰতিকাৰ। ইয়াৰ বাবে এই বাকলি পিহি লওক, তাৰপাছত তাত আপেলৰ ভিনেগাৰ, বেকিং চোডা আৰু মুলতানি মাটি মিহলাই লওক। এতিয়া এই পেষ্টটো লেতেৰা গোৰোহাত লগাই প্ৰায় আধা ঘণ্টামান শুকুৱাই ৰাখিব। শেষত পিউমিচ ষ্টোনেৰে গোৰোহাটো পৰিষ্কাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ