--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি দৈনিক বিভিন্ন ধৰণৰ খাদ্য খাওঁ৷ সকলো খাদ্যই শৰীৰৰ বাবে সমানে উপকাৰী নহয়৷ কেতবোৰ খাদ্যত কৰ্কট ৰোগ সৃষ্টিকাৰী নানান উপাদান থাকে৷ বিশেষকৈ পোৰা খাদ্য যেনে পোৰা গাহৰিৰ মাংস আদিত তেনে পদাৰ্থ বেছিকৈ থাকে৷ এক কথাত ক’বলৈ গ’লে খাদ্যৰ সৈতে স্বাস্থ্যৰ ওচৰ সম্পৰ্ক আছে। সঠিক খাদ্যৰ অভাৱত আমাৰ দেহ অকালতে ভাগি পৰে। একেদৰে কেতবোৰ খাদ্যই আমাৰ দেহৰ মাৰাত্মক ক্ষতিও কৰিব পাৰে। 

ব্ৰিটিছ মেডিকেল জাৰ্ণেলত  প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে ছডা জাতীয় পানীয়ই বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে তথ্য অনুসৰি বহুক্ষেত্ৰত  প্ৰায় ১০০ মিলি লিটাৰ ছডাই কিছুমান কেন্সাৰৰ মাত্ৰা ১৮ শতাংশ বৃদ্ধি কৰিব পাৰে য’ত অকল স্তনৰ টিউমাৰ ২২ শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা থাকে। গৱেষকসকলে কাৰ্বোনেটেড ড্ৰিংকছ, স্পৰ্টছ ড্ৰিংকছ, ছিৰাপ আৰু ফলৰ ৰসকে ধৰি ৯৭ বিধ পানীয়ক অধ্যয়নত সামৰি লৈছিল।

অধ্যয়নটোত প্ৰকাশ পোৱা মতে শীতল পানীয়ই শৰীৰৰ স্বাভাৱিক চৰ্বিত চেনিৰ প্ৰভাৱ, ব্লাড ছুগাৰ লেভেল বা শৰীৰ প্ৰদাহ বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে।কিন্তু ছডা বা বটলত ৰখা জ্যুচেই কেন্সাৰৰ বিপদ বৃদ্ধি কৰিব পৰা একমাত্ৰ খাদ্য নহয়। বহু গৱেষণাই দেখুৱাইছে যে এক বিভিন্ন প্ৰকাৰ খাদ্য সামগ্ৰীয়ে এনে বিপদৰ কাৰণ হ’ব পাৰে।
কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পৰা কিছুমান কাৰ্চিনোজেনিক (কৰ্কটোৎপাদক) খাদ্য হৈছে :-

কাৰ্চিনোজেনছ হৈছে উপাদান যাৰ কেন্সাৰৰ সৈতে সম্পৰ্ক আছে। কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। উল্লেখযোগ্য যে কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ কাৰণ নহয়, ই কেৱল কেন্সাৰৰ বিপদহে বৃদ্ধি কৰে।

যিবোৰ খাদ্য কম আঁহযুক্ত কিন্তু অতি শৰ্কৰাযুক্ত বা ৰিফাইন কাৰ্বছে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰিফাইন কাৰ্বছে শৰীৰত অতিমাত্ৰা ব্লাড ছুগাৰ (গ্লুক’জ)ৰ সৃষ্টি কৰি পাকস্থলী, স্তন আৰু কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধিৰ কাৰণ হৈ পৰে।

শৰীৰত থকা ইনছ্যুলিনে কেন্সাৰ কোষৰ শাখাবোৰক সহযোগ কৰে, যিয়ে ইয়াক অপসাৰণ কৰাটো কঠিন কৰি তোলে। আপুনি যদি ডায়েবেটিক, আপুনি চেনি আৰু ৰিফাইন কাৰ্বছৰ আন উপাদানসমূহ বৰ্জন কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ কিয়নো ই কলেষ্টৰেল কেন্সাৰ হোৱাৰ আশংকা অধিক পৰিমাণে বৃদ্ধি কৰে।

 জ্বলি যোৱা খাদ্যয়ো পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বোনছ উৎপাদন কৰিব পাৰে, যিটো কাৰ্চিনোজেনিক উপাদানসমূহৰ আন এটা গোট। সেয়েহে আপুনি বেছিকৈ ৰান্ধি থকা বা জ্বলি যোৱা খাদ্য বৰ্জন কৰক আৰু ভপোৱা, উতলোৱা, সেকা আদি আন ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰক।

জন্তুৰ মাংস (ৰেড মীট) খোৱাটোতো সাৱধানতা অৱলম্বন কৰা উচিত। ৰন্ধা জন্তুৰ মাংসকো কাৰ্চিনোজনিক গোটৰ অন্তৰ্গত হিচাপে ধৰা হয় আৰু ইও কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰন্ধা জন্তুৰ মাংস অধিক পৰিমানে খালে কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

মদ্যপানে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কেন্সাৰৰ সৃষ্টি কৰিব পাৰে। কাৰ্চনোজেনিক খাদ্যৰ প্ৰথম গোটৰ ভিতৰত মদ অন্যতম হিচাপে ধৰা হয়। সেয়েহে কেন্সাৰ সৃষ্টিৰ আশংকাৰ ক্ষেত্ৰত ইয়াক এক শক্তিশালী কাৰক হিচাপে ধৰা হয়।

ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰা হয় যে মদে আপোনাৰ মুখ আৰু ডিঙিৰ গহ্বৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ই লগতে আপোনাৰ শৰীৰত হ’ৰমনৰ স্তৰ বিঘ্নিত কৰি স্তনৰ কেন্সাৰৰ আশংকাও বৃদ্ধি কৰিব পাৰে।
আনহাতে, ডেইৰী উৎপাদিত গাখীৰৰ সামগ্ৰীসমূহে যদিওৱা কেন্সাৰৰ কাৰক নহয়, তথাপি বহু গৱেষণাই দেখুৱাইছে যে ডেইৰী উৎপন্ন সামগ্ৰীসমূহৰ অত্যধিক সেৱনে প্ৰষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে।

ইন্টাৰনেশ্যনেল জাৰ্ণেল অফ কেন্সাৰত প্ৰকাশিত অধ্যয়নত কোৱা হৈছে যে  ৬০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় সেৱনে খাদ্যনলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। কোৱা হৈছে যে খাদ্যনলীত অত্যধিৰ গৰম খাদ্যই সৃষ্টি কৰা  প্ৰদাহৰ বাবে কৰ্কটৰ আশংকা ৰৈ যায়। সেয়েহে, গৰম কফি বা চাহ সেৱন কৰাৰ আগতে অলপ ঠাণ্ডা হ'বলৈ দিয়া ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ