--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘সোণৰ কণী পৰা হাঁহ…’-সাধুকথাটো আপোনাৰ নিশ্চয় মনত আছে। সাধুকথাৰ পৰা ওলাই সোণৰ কণী পৰা হাঁহ বাস্তৱজগত পালেহি! মাহেকত ৩ লক্ষাধিক টকা উপাৰ্জন কৰিছে হাঁহটোৰ গৰাকীয়ে।

মৰমলগা জীৱ-জন্তুৰ ভিডিঅ’বোৰ সহজতেই ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। এনেবোৰ ভিডিঅ’ প্ৰায়েই বহুলভাৱে চৰ্চিত তথা প্ৰসাৰিত হয়। এইবাৰ এটা হাঁহে ৰাজত্ব কৰিছে ইণ্টাৰনেটত। আমেৰিকাৰ পেনছিলভেনিয়াৰ ২০ বছৰীয়া ক্ৰিছী এলিছ নামৰ যুৱতীগৰাকীৰ পোহনীয়া হাঁহজনীৰ টিকটকৰ ফল’ৱাৰৰ সংখ্যা ২.৭ মিলিয়নৰো অধিক। ক্ৰিছীয়ে শৈশৱকালৰ পৰাই হাঁহ পালন কৰি আহিছে। ক্ৰিছী আৰু হাঁহজনীৰ 'ডাংকিন ডাকছ' নামেৰে ছ’চিয়েল মিডিয়াত এটা একাউণ্ট আছে। 'ডাংকিন ডাকছ'ৰ ইনষ্টাগ্ৰাম পেজত প্ৰায় ২,৫৪,০০০ আৰু টিকটকত প্ৰায় ২.৭ মিলিয়ন ফল'ৱাৰ আছে।

হাঁহজনীয়ে গৰাকী ক্ৰিছীক টিকটক আৰু ইনষ্টাগ্ৰামৰ পৰা মাহিলী অতি কমেও ৪,৫০০ ডলাৰ উপাৰ্জনত সহায় কৰে যাৰ ভাৰতীয় মূল্য প্ৰায় ৩,৩৪,৩৬৩.০৫ টকা। ক্ৰিছীৰ উপাৰ্জনৰ প্ৰাথমিক উৎস টিকটকৰ ক্ৰিয়েটৰ ফাণ্ড। লগতে ক্ৰিছীয়ে ইনষ্টাগ্ৰামত 'স্পনছৰড কনটেণ্ট' পোষ্ট কৰিও পইচা উপাৰ্জন কৰে।

উল্লেখযোগ্য যে, পূৰ্বতে ক্ৰিছীয়ে সপ্তাহত ৪০ ঘণ্টা এখন দোকানত কাম কৰি যিমান পইচা উপাৰ্জন কৰিছিল এতিয়া হাঁহজনীৰ ভিডিঅ’ৰ জৰিয়তে তাতকৈ বহুগুণে বেছি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে। সোণৰ কণী পৰা হাঁহটো কাল্পনিক হ'লেও এই হাঁহজনী কোনোগুণে কম নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু