--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘সোণৰ কণী পৰা হাঁহ…’-সাধুকথাটো আপোনাৰ নিশ্চয় মনত আছে। সাধুকথাৰ পৰা ওলাই সোণৰ কণী পৰা হাঁহ বাস্তৱজগত পালেহি! মাহেকত ৩ লক্ষাধিক টকা উপাৰ্জন কৰিছে হাঁহটোৰ গৰাকীয়ে।

মৰমলগা জীৱ-জন্তুৰ ভিডিঅ’বোৰ সহজতেই ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। এনেবোৰ ভিডিঅ’ প্ৰায়েই বহুলভাৱে চৰ্চিত তথা প্ৰসাৰিত হয়। এইবাৰ এটা হাঁহে ৰাজত্ব কৰিছে ইণ্টাৰনেটত। আমেৰিকাৰ পেনছিলভেনিয়াৰ ২০ বছৰীয়া ক্ৰিছী এলিছ নামৰ যুৱতীগৰাকীৰ পোহনীয়া হাঁহজনীৰ টিকটকৰ ফল’ৱাৰৰ সংখ্যা ২.৭ মিলিয়নৰো অধিক। ক্ৰিছীয়ে শৈশৱকালৰ পৰাই হাঁহ পালন কৰি আহিছে। ক্ৰিছী আৰু হাঁহজনীৰ 'ডাংকিন ডাকছ' নামেৰে ছ’চিয়েল মিডিয়াত এটা একাউণ্ট আছে। 'ডাংকিন ডাকছ'ৰ ইনষ্টাগ্ৰাম পেজত প্ৰায় ২,৫৪,০০০ আৰু টিকটকত প্ৰায় ২.৭ মিলিয়ন ফল'ৱাৰ আছে।

হাঁহজনীয়ে গৰাকী ক্ৰিছীক টিকটক আৰু ইনষ্টাগ্ৰামৰ পৰা মাহিলী অতি কমেও ৪,৫০০ ডলাৰ উপাৰ্জনত সহায় কৰে যাৰ ভাৰতীয় মূল্য প্ৰায় ৩,৩৪,৩৬৩.০৫ টকা। ক্ৰিছীৰ উপাৰ্জনৰ প্ৰাথমিক উৎস টিকটকৰ ক্ৰিয়েটৰ ফাণ্ড। লগতে ক্ৰিছীয়ে ইনষ্টাগ্ৰামত 'স্পনছৰড কনটেণ্ট' পোষ্ট কৰিও পইচা উপাৰ্জন কৰে।

উল্লেখযোগ্য যে, পূৰ্বতে ক্ৰিছীয়ে সপ্তাহত ৪০ ঘণ্টা এখন দোকানত কাম কৰি যিমান পইচা উপাৰ্জন কৰিছিল এতিয়া হাঁহজনীৰ ভিডিঅ’ৰ জৰিয়তে তাতকৈ বহুগুণে বেছি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে। সোণৰ কণী পৰা হাঁহটো কাল্পনিক হ'লেও এই হাঁহজনী কোনোগুণে কম নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ