--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কোৱা হয় প্ৰেমৰ কোনো বয়স নাই, কোনো বাধা নাই৷ যিকোনো বয়সতে হ'ব পাৰে প্ৰেম। গোৱালিয়ৰত দেখা গৈছে প্ৰেমৰ এক আকৰ্ষণীয় ঘটনা। মোৰেনা জিলাৰ বাসিন্দা ৬৭ বছৰীয়া ৰামকলি প্ৰেমত পৰিছিল ২৮ বছৰীয়া এজন যুৱকৰ আৰু তাৰ পাছৰে পৰা দুয়ো এতিয়া লিভ-ইন সম্পৰ্কত আছে। দুয়োজনে কয় যে তেওঁলোকে ইজনে সিজনক ভাল পায় কিন্তু বিয়া কৰিব নিবিচাৰে। সেয়েহে, এই দুয়োজনে লিভ-ইন সম্পৰ্কক স্বীকৃতি দিবলৈ গোৱালিয়ৰ আদালতৰ সীমাত উপনীত হৈছে। দুয়োজনে লিভ-ইন সম্পৰ্কত থাকিবলৈ আদালতত এক নোটাৰী প্ৰস্তুত কৰিছে। অধিবক্তা দিলীপ অৱস্থীয়ে কৈছিল যে দম্পতীহাল মোৰেনা জিলাৰ কাইলাৰাছৰ বাসিন্দা। ৬৭ বছৰীয়া ৰামকলি আৰু ২৮ বছৰীয়া ভোলুৱে ইজনে সিজনক ভাল পায় আৰু ইজনে সিজনৰ সৈতে থাকিব বিচাৰে কিন্তু বিয়া কৰিব নিবিচাৰে। লিভ-ইন সম্পৰ্কত থাকোঁতে কোনো বিবাদ হ'ব নালাগে, সেয়েহে এই দুয়োজনে এক নোটাৰী প্ৰস্তুত কৰিছে। ইয়াৰ পূৰ্বে, ৰামকলি আৰু ভোলু গোৱালিয়ৰৰ জিলা আদালতত উপস্থিত হৈছিল৷ তেওঁলোক দুয়োজনে কৈছিল যে লিভ-ইন সম্পৰ্কত থাকোঁতে, ভৱিষ্যতে কোনো ধৰণৰ বিবাদ নহয় তাৰ বাবে তেওঁলোকে নথিপত্ৰৰ সৈতে নোটৰী তৈয়াৰ কৰিবলৈ আহিছে। অধিবক্তা প্ৰদীপ অৱস্থীয়ে কৈছিল যে এনে দম্পতীয়ে বিবাদ পৰিহাৰ কৰিবলৈ লিভ-ইন সম্পৰ্কৰ নোটৰী লাভ কৰে, কিন্তু এনে নথি-পত্ৰ আইনীভাৱে বৈধ নহয়। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ