--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষত তীব্ৰ ৰূপত চলিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে। বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে  সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে আজি এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে। নিহত এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ৭১ গৰাকী দেশৰ ভিতৰৰ আৰু ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

কুমাৰে লগতে কয় যে অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৰ্বাধিক সংখ্যক সদস্য নিহত হৈছে। লস্কৰ-ই-তৈবাৰ ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছে বুলি তেওঁ সদৰি কৰে।

বিষয়াগৰাকীৰ ভাষ্য অনুসৰি যোৱা বৰ্ষৰ প্ৰথম পাঁচ মাহ আৰু ১২ দিনত সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন বিদেশী সদস্যসহ ৫০ জন সন্ত্ৰাসবাদী নিহত হৈছিল। সেই হিচাপত চলিত বৰ্ষত বিগত বছৰতকৈ দুগুণ সন্ত্ৰাসবাদী সদস্যই সেনাৰ অভিযানত প্ৰাণ হেৰুৱাইছে। 

যোৱা ১২ মে’ত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৭৫ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল। তেওঁলোকে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল।

আনহাতে এজন জ্যেষ্ঠ সেনা বিষয়াই উল্লেখ কৰা তথ্য অনুসৰি ২০২১ চনত সুৰক্ষা বাহিনীয়ে ১৮০ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছিল। ইয়াৰ ভিতৰত ১৮ জন বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আছিল।

তদুপৰি যোৱা বছৰটোত সেনা-আৰক্ষীয়ে সৰ্বমুঠ ৪৯৫ জন সন্ত্ৰাসবাদী গোটৰ গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সক্ৰিয় অভিযানৰ লগতে এক শক্তিশালী নিৰাপত্তা আৰু চোৰাংচোৱা গ্ৰিড স্থাপন কৰিছে। ইয়াৰ জৰিয়তে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি উন্নতি সাধনৰ লগতে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ হ্ৰাস কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ