--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষত তীব্ৰ ৰূপত চলিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে। বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে  সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে আজি এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে। নিহত এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ৭১ গৰাকী দেশৰ ভিতৰৰ আৰু ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

কুমাৰে লগতে কয় যে অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৰ্বাধিক সংখ্যক সদস্য নিহত হৈছে। লস্কৰ-ই-তৈবাৰ ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছে বুলি তেওঁ সদৰি কৰে।

বিষয়াগৰাকীৰ ভাষ্য অনুসৰি যোৱা বৰ্ষৰ প্ৰথম পাঁচ মাহ আৰু ১২ দিনত সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন বিদেশী সদস্যসহ ৫০ জন সন্ত্ৰাসবাদী নিহত হৈছিল। সেই হিচাপত চলিত বৰ্ষত বিগত বছৰতকৈ দুগুণ সন্ত্ৰাসবাদী সদস্যই সেনাৰ অভিযানত প্ৰাণ হেৰুৱাইছে। 

যোৱা ১২ মে’ত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৭৫ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল। তেওঁলোকে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল।

আনহাতে এজন জ্যেষ্ঠ সেনা বিষয়াই উল্লেখ কৰা তথ্য অনুসৰি ২০২১ চনত সুৰক্ষা বাহিনীয়ে ১৮০ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছিল। ইয়াৰ ভিতৰত ১৮ জন বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আছিল।

তদুপৰি যোৱা বছৰটোত সেনা-আৰক্ষীয়ে সৰ্বমুঠ ৪৯৫ জন সন্ত্ৰাসবাদী গোটৰ গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সক্ৰিয় অভিযানৰ লগতে এক শক্তিশালী নিৰাপত্তা আৰু চোৰাংচোৱা গ্ৰিড স্থাপন কৰিছে। ইয়াৰ জৰিয়তে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি উন্নতি সাধনৰ লগতে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ হ্ৰাস কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ