--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বছৰৰ বিৰতিৰ পিছত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে পুনৰ মুকলি কৰা হৈছে অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ তীৰ্থযাত্ৰী সকলৰ বাবে অমৰনাথ যাত্ৰা মুকলি কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া তীৰ্থযাত্ৰীৰ বাবে আধাৰ কাৰ্ডৰ প্ৰমাণীকৰণ বাধ্যতামূলক কৰি তোলা হৈছে।

জম্মু-কাশ্মীৰ প্ৰশাসনে আজি এক বিবৃতি যোগে অমৰনাথ যাত্ৰা কৰিব বিচৰা তীৰ্থযাত্ৰীসকলে স্বেচ্ছাই আধাৰ প্ৰমাণীকৰণত দাখিল কৰিব লাগিব বুলি ঘোষণা কৰিছে।

সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা জাৰী কৰা এক জাননীত উল্লেখ কৰা মতে জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি অমৰনাথ তীৰ্থস্থান অভিমুখে তীৰ্থযাত্ৰা কৰিবলৈ ইচ্ছুক তীৰ্থযাত্ৰীসকলে স্বেচ্ছামূলক ভাৱে আধাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। 

জাননীত লগতে কোৱা হৈছে যে সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ নিয়ম ২০২০ ৰ পঞ্চম দফা অনুসৰি তীৰ্থযাত্ৰীসকলে এই অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড দাখিল কৰিব লাগিব।

উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰই জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল। আনহাতে ২০২০ আৰু ২০২১ চনত ক’ভিদ মহামাৰীৰ বাবে কেৱল সাধাৰণ আচাৰ-অনুষ্ঠানখিনিহে পালন কৰা হৈছিল।

দুবছৰৰ বিৰতিৰ পুনৰ অমৰনাথ যাত্ৰা অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ তীৰ্থযাত্ৰাত এক মিলিয়নতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ