--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বছৰৰ বিৰতিৰ পিছত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে পুনৰ মুকলি কৰা হৈছে অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ তীৰ্থযাত্ৰী সকলৰ বাবে অমৰনাথ যাত্ৰা মুকলি কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া তীৰ্থযাত্ৰীৰ বাবে আধাৰ কাৰ্ডৰ প্ৰমাণীকৰণ বাধ্যতামূলক কৰি তোলা হৈছে।

জম্মু-কাশ্মীৰ প্ৰশাসনে আজি এক বিবৃতি যোগে অমৰনাথ যাত্ৰা কৰিব বিচৰা তীৰ্থযাত্ৰীসকলে স্বেচ্ছাই আধাৰ প্ৰমাণীকৰণত দাখিল কৰিব লাগিব বুলি ঘোষণা কৰিছে।

সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা জাৰী কৰা এক জাননীত উল্লেখ কৰা মতে জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি অমৰনাথ তীৰ্থস্থান অভিমুখে তীৰ্থযাত্ৰা কৰিবলৈ ইচ্ছুক তীৰ্থযাত্ৰীসকলে স্বেচ্ছামূলক ভাৱে আধাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। 

জাননীত লগতে কোৱা হৈছে যে সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ নিয়ম ২০২০ ৰ পঞ্চম দফা অনুসৰি তীৰ্থযাত্ৰীসকলে এই অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড দাখিল কৰিব লাগিব।

উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰই জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল। আনহাতে ২০২০ আৰু ২০২১ চনত ক’ভিদ মহামাৰীৰ বাবে কেৱল সাধাৰণ আচাৰ-অনুষ্ঠানখিনিহে পালন কৰা হৈছিল।

দুবছৰৰ বিৰতিৰ পুনৰ অমৰনাথ যাত্ৰা অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ তীৰ্থযাত্ৰাত এক মিলিয়নতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ