--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনত নম্বৰ বা সংখ্যাই সকলো নহয়। দশম আৰু দ্বাদশ শ্ৰেণীত আকাংক্ষিত ফলাফল লাভ নকৰিলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ, পৰীক্ষাত ফলাফল বেয়া হোৱাৰ বাবে জীৱনৰ বাট বন্ধ হৈ নপৰে।গুজৰাটৰ ভাৰুচৰ কালেক্টৰৰ জীৱন  কাহিনীয়ে যেন এই সম্ভাৱনাক আৰু অধিক গতি দিছে। আচলতে, গুজৰাটৰ এইগৰাকী কালেক্টৰ আৰু তেওঁৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট টুইটাৰত শ্বেয়াৰ কৰা হৈছিল অলপতে। তাৰপাছতে, গুজৰাটৰ এইগৰাকী কালেক্টৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে। সাধাৰণজনৰ বাবে হৈ পৰিছে প্ৰেৰণা। কিন্তু কিয়?

এই কাহিনী ছত্তীশগড় কেডাৰৰ আই এ এছ বিষয়া অৱনিশ শৰণে ১১ জুনত টুইটাৰত শ্বেয়াৰ কৰিছিল। বিষয়াগৰাকীৰ এখন আলোকচিত্ৰৰ লগতে এগৰাকী আইএএছ বিষয়াৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীটখন শ্বেয়াৰ কৰি কয়, ‘ভাৰুচৰ কালেক্টৰ তুষাৰ সুমেৰাই দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি লিখিছে যে দশম শ্ৰেণীত কেৱল উত্তীৰ্ণ নম্বৰহে লাভ কৰিছিলো।’ 

১০০ নম্বৰৰ ভিতৰত ইংৰাজীত ৩৫, গণিতত ৩৬ আৰু বিজ্ঞানত ৩৮ নম্বৰ লাভ কৰিছিল তুষাৰ সুমেৰাই। কেৱল তুষাৰৰ গাঁওখনতে নহয় তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও তুষাৰক লৈ নানা ধৰণৰ মন্তব্য কৰিছিল।জীৱনত একো কৰিব নোৱাৰে বুলিও কটাক্ষ কৰিছিল তুষাৰক। কিন্তু কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে তুষাৰে জীৱন যুঁজত সফলতাৰ এনে চূড়া স্পৰ্শ কৰে যে  সকলোৰে মুখৰ মাত নোহোৱা হৈ পৰিছিল।

ইয়াৰ পিছত আই এ এছৰ টুইটৰ প্রতিক্রিয়াত কালেক্টৰ তুষাৰে ‘ধন্যবাদ ছাৰ’ বুলি সঁহাৰি জনায়। টুইটাৰ ব্যৱহাৰকাৰী সকলে কয়,  ‘ডিগ্ৰী মাথোঁ এখন কাগজৰ টুকুৰা ,তাৰ বাহিৰে আন একো নহয়।’ কোনোবাই আকৌ কয়, ‘ডিগ্ৰী নহয় প্ৰতিভাহে গুৰুত্বপূৰ্ণ।’ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম কৰিলে যিকোনো কামেই যে সম্ভৱপৰ ,সেই কথা প্ৰমাণ কৰি দিছে তুষাৰে।

উল্লেখ্য যে, বৰ্তমান তুষাৰ সুমেৰাই ভাৰুচ জিলাৰ কালেক্টৰ হিচাপে কাম কৰি আছে। ২০১২ চনত ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই এ এছ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। আজি তুষাৰ কোটি কোটি মানুহৰ বাবে প্ৰেৰণাৰ এক মিছাইলত পৰিণত হৈছে। ইয়াৰ পূৰ্বে আই এ এছ নীতিন ছাংৱানে টুইট যোগে দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি কৈছিল যে, ‘ মই কেমিষ্ট্ৰীত মাত্ৰ ২৪ নম্বৰহে পাইছিলো। উত্তীৰ্ণ নম্বৰতকৈ মাত্ৰ এটা নম্বৰ বেছি পাইছিলো। কিন্তু মই মোৰ জীৱনৰ পৰা কি বিচাৰো সেই কথা এই নম্বৰে নিৰ্ধাৰণ কৰা নাছিল। শিশুসকলক নম্বৰৰ হেঁচা নিদিব। ব’ৰ্ডৰ পৰীক্ষাতকৈও জীৱন বেছি মুল্যৱান। ফলাফলক সমালোচনাৰ নহয়, আত্মনিৰীক্ষণৰ সুযোগ হিচাপে গণ্য কৰক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প