--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনত নম্বৰ বা সংখ্যাই সকলো নহয়। দশম আৰু দ্বাদশ শ্ৰেণীত আকাংক্ষিত ফলাফল লাভ নকৰিলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ, পৰীক্ষাত ফলাফল বেয়া হোৱাৰ বাবে জীৱনৰ বাট বন্ধ হৈ নপৰে।গুজৰাটৰ ভাৰুচৰ কালেক্টৰৰ জীৱন  কাহিনীয়ে যেন এই সম্ভাৱনাক আৰু অধিক গতি দিছে। আচলতে, গুজৰাটৰ এইগৰাকী কালেক্টৰ আৰু তেওঁৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট টুইটাৰত শ্বেয়াৰ কৰা হৈছিল অলপতে। তাৰপাছতে, গুজৰাটৰ এইগৰাকী কালেক্টৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে। সাধাৰণজনৰ বাবে হৈ পৰিছে প্ৰেৰণা। কিন্তু কিয়?

এই কাহিনী ছত্তীশগড় কেডাৰৰ আই এ এছ বিষয়া অৱনিশ শৰণে ১১ জুনত টুইটাৰত শ্বেয়াৰ কৰিছিল। বিষয়াগৰাকীৰ এখন আলোকচিত্ৰৰ লগতে এগৰাকী আইএএছ বিষয়াৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীটখন শ্বেয়াৰ কৰি কয়, ‘ভাৰুচৰ কালেক্টৰ তুষাৰ সুমেৰাই দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি লিখিছে যে দশম শ্ৰেণীত কেৱল উত্তীৰ্ণ নম্বৰহে লাভ কৰিছিলো।’ 

১০০ নম্বৰৰ ভিতৰত ইংৰাজীত ৩৫, গণিতত ৩৬ আৰু বিজ্ঞানত ৩৮ নম্বৰ লাভ কৰিছিল তুষাৰ সুমেৰাই। কেৱল তুষাৰৰ গাঁওখনতে নহয় তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও তুষাৰক লৈ নানা ধৰণৰ মন্তব্য কৰিছিল।জীৱনত একো কৰিব নোৱাৰে বুলিও কটাক্ষ কৰিছিল তুষাৰক। কিন্তু কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে তুষাৰে জীৱন যুঁজত সফলতাৰ এনে চূড়া স্পৰ্শ কৰে যে  সকলোৰে মুখৰ মাত নোহোৱা হৈ পৰিছিল।

ইয়াৰ পিছত আই এ এছৰ টুইটৰ প্রতিক্রিয়াত কালেক্টৰ তুষাৰে ‘ধন্যবাদ ছাৰ’ বুলি সঁহাৰি জনায়। টুইটাৰ ব্যৱহাৰকাৰী সকলে কয়,  ‘ডিগ্ৰী মাথোঁ এখন কাগজৰ টুকুৰা ,তাৰ বাহিৰে আন একো নহয়।’ কোনোবাই আকৌ কয়, ‘ডিগ্ৰী নহয় প্ৰতিভাহে গুৰুত্বপূৰ্ণ।’ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম কৰিলে যিকোনো কামেই যে সম্ভৱপৰ ,সেই কথা প্ৰমাণ কৰি দিছে তুষাৰে।

উল্লেখ্য যে, বৰ্তমান তুষাৰ সুমেৰাই ভাৰুচ জিলাৰ কালেক্টৰ হিচাপে কাম কৰি আছে। ২০১২ চনত ইউ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই এ এছ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। আজি তুষাৰ কোটি কোটি মানুহৰ বাবে প্ৰেৰণাৰ এক মিছাইলত পৰিণত হৈছে। ইয়াৰ পূৰ্বে আই এ এছ নীতিন ছাংৱানে টুইট যোগে দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি কৈছিল যে, ‘ মই কেমিষ্ট্ৰীত মাত্ৰ ২৪ নম্বৰহে পাইছিলো। উত্তীৰ্ণ নম্বৰতকৈ মাত্ৰ এটা নম্বৰ বেছি পাইছিলো। কিন্তু মই মোৰ জীৱনৰ পৰা কি বিচাৰো সেই কথা এই নম্বৰে নিৰ্ধাৰণ কৰা নাছিল। শিশুসকলক নম্বৰৰ হেঁচা নিদিব। ব’ৰ্ডৰ পৰীক্ষাতকৈও জীৱন বেছি মুল্যৱান। ফলাফলক সমালোচনাৰ নহয়, আত্মনিৰীক্ষণৰ সুযোগ হিচাপে গণ্য কৰক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ