--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ ৭৫সংখ্যক স্বাধীনতা দিৱস যথেষ্ট উৎসাহ উদ্দীপনাৰ মাজেৰে পাৰ হৈ গ’ল। স্বাধীনতা দিৱসটো উদযাপনৰ বাবে চৰকাৰে এইবেলি কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। হৰ ঘৰ ত্ৰিৰংগা আছিল চৰকাৰৰ এক অন্যতম পদক্ষেপ৷ ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো গৃহস্থিতে পতাকা উত্তোলনৰ বাবে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰা হৈছিল। আনফালে এই পদক্ষেপৰ জৰিয়তে ব্যৱসায়িকভাৱেও মুনাফা অৰ্জন কৰিছিল চৰকাৰখনে৷

 শেহতীয়াকৈ ভাৰতৰ ব্যৱসায়িক সন্থাই প্ৰকাশ কৰিছে যে চৰকাৰে ত্ৰিৰংগাৰ জৰিয়তে ৫০০ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৩০ কোটি ত্ৰিৰংগাৰ বিক্ৰীৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰা হৈছে৷ এই হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ কৰা হৈছিল যোৱা ২২ জুলাই তাৰিখে৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ভাৰতীয় নাগৰিক সকলক নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ দিয়া হৈছিল৷ এই হৰ ঘৰ ত্ৰিৰংগা অভিযান আছিল আজাদী কা অমৃত মহোৎসৱৰে এক অংশ ।

 ত্ৰিৰংগাৰ চাহিদা পূৰাবলৈ মাত্ৰ ২০দিনৰ ভিতৰতে ৩০ কোটি ত্ৰিৰংগা প্ৰস্তুত কৰা হৈছিল বুলি জানিব পৰা গৈছে। ভাৰতৰ ব্যৱসায়িক সন্থাৰ সভাপতি বি. চি ভাৰতীয়ায়ে এই কথা সদৰি কৰে৷ এই ত্ৰিশ কোটি ত্ৰিৰংগা নিৰ্মাণত জড়িত আছিল বিভিন্ন উদ্যোগ৷

 যোৱা মাহত ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ে খাদীৰ উপৰিও পলিয়েষ্টাৰ আৰু মেচিনতো পতাকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। লগতে কপাহী, ঊণ, ৰেচম আদি সূতাৰো পতাকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷ এই অনুমতিয়ে পতাকা নিৰ্মাণ কাৰ্য যথেষ্ট উজু কৰি তুলিছিল আৰু বহু লোকক এই ত্ৰিৰংগা নিৰ্মাণ কাৰ্যত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিছিল। ইয়াৰোপৰি প্ৰায় দহ লাখ লোকে ব্যক্তিগতভাৱে ঘৰ নাইবা দোকানত ত্ৰিৰংগা নিৰ্মাণ কৰি বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু