--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ ৭৫সংখ্যক স্বাধীনতা দিৱস যথেষ্ট উৎসাহ উদ্দীপনাৰ মাজেৰে পাৰ হৈ গল। স্বাধীনতা দিৱসটো উদযাপনৰ বাবে চৰকাৰে এইবেলি কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। হৰ ঘৰ ত্ৰিৰংগা আছিল চৰকাৰৰ এক অন্যতম পদক্ষেপ৷ ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো গৃহস্থিতে পতাকা উত্তোলনৰ বাবে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰা হৈছিল। আনফালে এই পদক্ষেপৰ জৰিয়তে ব্যৱসায়িকভাৱেও মুনাফা অৰ্জন কৰিছিল চৰকাৰখনে৷

 শেহতীয়াকৈ ভাৰতৰ ব্যৱসায়িক সন্থাই প্ৰকাশ কৰিছে যে চৰকাৰে ত্ৰিৰংগাৰ জৰিয়তে ৫০০ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৩০ কোটি ত্ৰিৰংগাৰ বিক্ৰীৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰা হৈছে৷ এই হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ কৰা হৈছিল যোৱা ২২ জুলাই তাৰিখে৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ভাৰতীয় নাগৰিক সকলক নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ দিয়া হৈছিল৷ এই হৰ ঘৰ ত্ৰিৰংগা অভিযান আছিল আজাদী কা অমৃত মহোৎসৱৰে এক অংশ ।

 ত্ৰিৰংগাৰ চাহিদা পূৰাবলৈ মাত্ৰ ২০দিনৰ ভিতৰতে ৩০ কোটি ত্ৰিৰংগা প্ৰস্তুত কৰা হৈছিল বুলি জানিব পৰা গৈছে। ভাৰতৰ ব্যৱসায়িক সন্থাৰ সভাপতি বি. চি ভাৰতীয়ায়ে এই কথা সদৰি কৰে৷ এই ত্ৰিশ কোটি ত্ৰিৰংগা নিৰ্মাণত জড়িত আছিল বিভিন্ন উদ্যোগ৷

 যোৱা মাহত ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ে খাদীৰ উপৰিও পলিয়েষ্টাৰ আৰু মেচিনতো পতাকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। লগতে কপাহী, ঊণ, ৰেচম আদি সূতাৰো পতাকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷ এই অনুমতিয়ে পতাকা নিৰ্মাণ কাৰ্য যথেষ্ট উজু কৰি তুলিছিল আৰু বহু লোকক এই ত্ৰিৰংগা নিৰ্মাণ কাৰ্যত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিছিল। ইয়াৰোপৰি প্ৰায় দহ লাখ লোকে ব্যক্তিগতভাৱে ঘৰ নাইবা দোকানত ত্ৰিৰংগা নিৰ্মাণ কৰি বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ